Covid Guidelines For Children : নতুন গাইডলাইন জাৰি! জানি লওক কিমান বছৰৰ শিশুৱে মাস্ক পিন্ধাৰ প্ৰয়োজন নাই

News18 Assam | News18-Assam
Updated:June 10, 2021, 7:16 PM IST
Covid Guidelines For Children : নতুন গাইডলাইন জাৰি! জানি লওক কিমান বছৰৰ শিশুৱে মাস্ক পিন্ধাৰ প্ৰয়োজন নাই
কোৰোণা ভাইৰাছৰ তৃতীয় ঢৌৰ আশংকা কৰিয়েই এই ৰিপ’ৰ্টত শিশুসকলক কোৰোণাৰ পৰা সুৰক্ষিত ৰখাৰ বাবে কেতবোৰ গাইডলাইন জাৰি কৰা হৈছে।

কোৰোণা ভাইৰাছৰ তৃতীয় ঢৌৰ আশংকা কৰিয়েই এই ৰিপ’ৰ্টত শিশুসকলক কোৰোণাৰ পৰা সুৰক্ষিত ৰখাৰ বাবে কেতবোৰ গাইডলাইন জাৰি কৰা হৈছে।

  • Share this:
কোৰোণা ভাইৰাছ (Coronavirus)ৰ পৰা হাত সাৰিবলৈ সমস্ত কোভিড বিধি মনাৰ কথা ক’লে তাৰ ভিতৰত মাস্ক পিন্ধাটো অন্যতম। কিন্তু কিন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনস্থ ডিৰেক্টৰ জেনেৰেল অব হেল্থ ছাৰ্ভিচ (DGHS)ৰ ফালৰ পৰা জাৰি কৰা নতুন গাইডলাইনত কোৱা হৈছে যে ৫ বছৰৰ অনূৰ্ধ্বৰ শিশুসকলৰ ক্ষেত্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহয়।

লগতে, DGHS–এ কোভিড বিধি পৰ্যালোচনা কৰি জনাইছে, ৬ৰ পৰা ১১ বছৰৰ শিশুসকলে মাস্ক পিন্ধিব পাৰে। কিন্তু এইক্ষেত্ৰত অভিভাৱক বা চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। সম্প্ৰতি শিশুসকলক কোৰোণাৰ পৰা কিদৰে সুৰক্ষিত ৰখা সম্ভৱ, সেই সম্পৰ্কে এলানি পৰামৰ্শ আগবঢ়াইছে DGHS–এ।

কোৰোণা ভাইৰাছৰ তৃতীয় ঢৌৰ আশংকা কৰিয়েই এই ৰিপ’ৰ্টত শিশুসকলক কোৰোণাৰ পৰা সুৰক্ষিত ৰখাৰ বাবে কেতবোৰ গাইডলাইন জাৰি কৰা হৈছে। এই গাইডলাইনত শিশুসকলৰ কোৰোণা চিকিৎসাত ৰেমডেছিভিৰৰ ব্যৱহাৰৰ কথা উল্লেখ কৰা হোৱা নাই।

According to the guidelines issued by the Directorate General of Health Services (DGHS) for the management of #COVID19 among children below 18 years of age, Remdesivir has not been recommended and rational use of HRCT imaging has been suggested. pic.twitter.com/Ysv8ooxD0Y

— ANI (@ANI) June 10, 2021

এই গাইডলাইনত আৰু কোৱা হৈছে, সামান্য আৰু মজলীয়া উপসৰ্গ থকা ১৮ বছৰৰ অনূৰ্ধ্বৰ ৰোগীসকলৰ ক্ষেত্ৰত ষ্টেৰইড ব্যৱহাৰ কৰা ক্ষতিকাৰক। সঠিক সময়ত সঠিক মাত্ৰাত ষ্টেৰইড দিয়া উচিত। চিকিৎসকৰ পৰামৰ্শ অবিহনে ষ্টেৰইড লোৱা উচিত নহয়। নতুন গাইডলাইন অনুসৰি, কোৰোণাৰ মৃদু লক্ষণ থকা ৰোগীসকলক ৪ৰ পৰা ৬ ঘণ্টাৰ ব্যৱধানত পেৰাচিটামল 10-15mg/kg/dose দিব পাৰি।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 7:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি