এই তিনিওটা ভেকচিনেই যথেষ্ট কাৰ্যকৰী। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত সকলো মাপকাঠি পূৰণ কৰে ভেকচিনকেইটাই। নিদানিক পৰীক্ষণৰ তথ্য এতিয়াও আহি আছে আৰু এই ভেকচিনৰ কাৰ্যকাৰিতা সম্পৰ্কে এতিয়াও নিৰন্তৰ পৰীক্ষা আৰু অধ্যয়ন চলি আছে।
কোভিশ্বিল্ডৰ পৰীক্ষণ বিগত বছৰ নৱেম্বৰত বন্ধ হৈছিল। ইয়াৰ কাৰ্যকৰিতাৰ হাৰ হৈছে ৭০% আৰু ড'জৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিলে ইয়াৰ কাৰ্যকাৰিতাও বৃদ্ধি পাব। এই ভেকচিনে কেৱল গুৰুতৰ লক্ষণবোৰৰ পৰাই ৰক্ষা নকৰে,আৰোগ্য হোৱাৰ সময়ো হ্ৰাস কৰে।
কোভাক্সিনৰ পৰীক্ষণ কেৱল এই বছৰ কৰা হৈছিল। এপ্ৰিলত অহা দ্বিতীয় পৰীক্ষণৰ ফলাফলত, এই ভেকচিনটো ৭৮% কাৰ্যকৰী বুলি কোৱা হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ভেকচিনে গুৰুতৰ লক্ষণ আৰু মৃত্যু বন্ধ কৰাত ১০০% কাৰ্যকৰী। ইপিনে স্পুটনিক V হৈছে এই স্কেলত ভাৰতৰ আটাইতকৈ কাৰ্যকৰী ভেকচিন । স্পুটনিকV হৈছে ৯১.৬%তকৈ অধিক কাৰ্যকাৰিতাৰ হাৰৰ সৈতে আটাইতকৈ কাৰ্যকৰী ভেকচিন।
ভাৰতীয় চিৰাম ইনষ্টিটিউটে চৰকাৰী চিকিৎসালয়ক ইয়াৰ ভেকচিনৰ প্ৰতিটো ড'জ ৩০০ টকাত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে আৰু ব্যক্তিগত চিকিৎসালয়বোৰক প্ৰতি ড'জ ৬০০ টকাত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোভাক্সিন অলপ ব্যয়বহুল। এই ভেকচিনটো ৰাজ্যবোৰৰ বাবে প্ৰতিটো ড'জ ৪০০ টকাত উপলব্ধ হ'ব আৰু ব্যক্তিগত চিকিৎসালয়সমূহক ইয়াক ১২০০ টকাত বিক্ৰী কৰা হ'ব।
ইপিনে স্পুটনিকV বিকশিত কৰা আৰডিআইএফৰ মুৰব্বী ডিমিট্ৰেভৰ মতে, এই ভেকচিনৰ মূল্য ১০ ডলাৰ অৎ ৭০০ টকা হ'ব। যদিও এই মুহূৰ্তলৈকে সংগঠনটোৱে চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়সমূহত ইয়াক কি মূল্যত বিক্ৰী কৰা হ'ব সেই সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে, এই ভেকচিনৰ বাবে আপুনি কিমান টকা পৰিশোধ কৰিব লাগিব সেয়া ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ ওপৰতহে নিৰ্ভৰ কৰিব।
নতুন প্ৰকাৰৰ বিপৰীতে এই ভেকচিন কিমান কাৰ্যকৰী?
পৃথিৱীৰ বহু দেশত নতুন মিউটেণ্ট ভাইৰাছৰ প্ৰভাৱ আছে। ব্ৰিটেইনত, ইয়াৰ কেণ্ট ষ্ট্ৰেইন আছে আৰু ভাৰতত পোৱা ডাবল মিউটেণ্ট ষ্ট্ৰেইনৰ লগতে আন কিছুমান দেশত ট্ৰিপল মিউটেণ্ট ভাইৰাছো আছে। ভাইৰাছৰ এই মিউটেণ্টবোৰে বিজ্ঞানীসকলৰ মূৰৰ কামোৰণি বৃদ্ধি কৰিছে। এতিয়ালৈকে দেখা গৈছে যে কোভাক্সিন সকলো প্ৰকাৰৰ সৈতে যুঁজিবলৈ সক্ষম।
কোভিশ্বিল্ড আৰু স্পুটনিক Vৰ ক্ষেত্ৰত, কোনো অধ্যয়নত এনে কোনো দাবী কৰা হোৱা নাই। কিন্তু তথাপিও, বিজ্ঞানীসকলে উপলব্ধ ভেকচিন গ্ৰহণ কৰিবলৈয়ে আহ্বান জনাইছে সকলোকে।
এই ভেকচিনবোৰৰ পাৰ্শ্বক্ৰিয়াবোৰ কেনেধৰণৰ?
তিনিওটা ভেকচিনৰ একে ধৰণৰেই পাৰ্শ্বক্ৰিয়া আছে। এই তিনিওটা হৈছে আন্তঃপেশীৰ ভেকচিন অৰ্থাৎ এই ভেকচিন পেশীৰ গভীৰতালৈ লৈ যায়। ইয়াৰ ফলত বিষ হয় আৰু বেজীয়ে ছাল স্পৰ্শ কৰা ঠাইখিনি ফুলি যায়। মৃদু জ্বৰ, পাতল চৰ্দি আৰু শৰীৰত বিষ সচৰাচৰ হয়। ইয়াৰ দ্বাৰা বিচলিত হোৱাৰ প্ৰয়োজন নাই। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব।
কোনে এটা নিৰ্দিষ্ট ভেকচিন ল'ব নালাগে আৰু কিয়?
খাদ্য সামগ্ৰীৰ লগতে ঔষধৰ গ্ৰহণৰ ফলত যিকোনো ধৰণৰ এলাৰ্জি হোৱা ব্যক্তিয়ে এই টীকা গ্ৰহণ কৰিব নালাগে। তেওঁলোকে এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত আৰু তাৰ পিছতহে এই সম্পৰ্কত সিদ্ধান্ত লোৱা উচিত। একেদৰে যদি প্ৰথম ড'জে যদি কিছু জটিলতা আনি দিয়ে, তেন্তে আপুনি দ্বিতীয় ড'জ গ্ৰহণ কৰাৰ পূৰ্বে অপেক্ষা কৰক। চিকিৎসকৰ পৰামৰ্শ লৈহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰক।
লগতে যিসকল লোকে মনোক্ল'নেল এণ্টিবডী লাভ কৰিছে বা প্লাজমা থেৰাপী লাভ কৰিছে, তেওঁলোকেও এতিয়া টীকা লোৱাটো উচিত নহয়। একে সময়তে, যিসকলৰ শৰীৰত কোৰোণা সংক্ৰমণৰ লক্ষণ আছে বা সম্পূৰ্ণৰূপে আৰোগ্য হোৱা নাই, তেওঁলোককো টীকা গ্ৰহণৰ পূৰ্বে অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
সেয়া যি হ'লেও এই ভেকচিনৰ আটাইতকৈ ভাল দিশটো হ'ল যে এই তিনিওটা ভেকচিনে কোৰোণা ভাইৰাছ সংক্ৰমণৰ বাবেই হোৱা মৃত্যু সম্পূৰ্ণৰূপে বন্ধ কৰাত কাৰ্যকৰী। দুটা ড'জ গ্ৰহণৰ পিছত আপোনাৰ শৰীৰত ইমানেই এণ্টিবডী প্ৰস্তুত কৰা হয় যে সেইবোৰে সংক্ৰমণৰ সৈতে কাৰ্যকৰীভাৱে যুঁজ দিয়ে। যদি আপুনি দুয়োটা ড'জ গ্ৰহণৰ পিছতো সংক্ৰমিত হয়, তেন্তে সেই সময়ত আপোনাৰ ক্ষেত্ৰত স্বাভাৱিক চৰ্দিতকৈ অধিক লক্ষণ দেখা নিদিব।