কোভিড–১৯ৰ গৱেষণাৰ ফলতেই সমাধান হ'ব পাৰে পূৰ্বে উপেক্ষা কৰি অহা বহু ভাইৰেল সংক্ৰমণ!

News18 Assam | News18-Assam
Updated:April 22, 2021, 3:32 PM IST
কোভিড–১৯ৰ গৱেষণাৰ ফলতেই সমাধান হ'ব পাৰে পূৰ্বে উপেক্ষা কৰি অহা বহু ভাইৰেল সংক্ৰমণ!
প্ৰতিবেদনত লগতে কোৱা হৈছে যে গুৰুতৰভাৱে অসুস্থ কোভিড ৰোগীৰ হাওঁফাওঁৰ ক্ষতি হোৱাৰ অৱস্থাও ভাইৰাছৰে ফলাফল হ'ব পাৰে৷ Image Credits: IANS

প্ৰতিবেদনত লগতে কোৱা হৈছে যে গুৰুতৰভাৱে অসুস্থ কোভিড ৰোগীৰ হাওঁফাওঁৰ ক্ষতি হোৱাৰ অৱস্থাও ভাইৰাছৰে ফলাফল হ'ব পাৰে৷ Image Credits: IANS

  • Share this:
কোভিড–১৯ৰ ফলতেই এতিয়া পূৰ্বে আমি ভুক্তভোগী হৈ অহা আন বহু সাধাৰণ ভাইৰেল সংক্ৰমণৰ ওপৰতো গৱেষণা আৰম্ভ কৰা হৈছে৷ যাক পূৰ্বে উপেক্ষা কৰি অহা হৈছিল আৰু যাৰ ওপৰত অধ্যয়ন কৰিবলৈ আগ্ৰহ অথবা পুঁজিৰো অভাৱ আছিল। গোন্ধ পাবলৈ অক্ষম হোৱা, হৃদযন্ত্ৰৰ প্ৰদাহ, হাওঁফাওঁৰ প্ৰদাহ, স্নায়ুৰ ক্ষতি আৰু হাওঁফাওঁৰ আৱৰণত সৰু তেজ গোট মৰা আদি লক্ষণবোৰ কোভিডৰ বাবে বেলেগ নহয়। নিউয়ৰ্ক টাইমছত প্ৰকাশিত তথ্য অনুসৰি, এক সৰু সংখ্যাত হ’লেও অন্যান্য শ্বাস-প্ৰশ্বাস আৰু আন ভাইৰেল সংক্ৰমণত আক্ৰান্ত ৰোগীসকলৰো কিছু অংশই এই লক্ষণবোৰত ভোগে৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়াৰ এক স্বেচ্ছাসেৱী গৱেষণা গোট মোনেল কেমিকেল চেঞ্চেচ চেণ্টাৰৰ সহযোগী সঞ্চালক ডেনিয়েল ৰীডে এই সম্পৰ্কত কয় এনেদৰে, “মহামাৰীৰ পূৰ্বে, গোন্ধ পাবলৈ অক্ষম হোৱাৰ বিষয়টোক লৈ অধ্যয়নৰ বাবে অনুমতি লাভ কৰাটো কঠিন আছিল। এনে লাগিছিল যেন কোনেও গুৰুত্ব নিদিয়ে ৷ কিন্তু এতিয়া বিনিয়োগকাৰীসকলৰ মাজত আগ্ৰহ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে৷”

ইফালে নেডাৰলেণ্ডৰ ইৰাচমাছ বিশ্ববিদ্যালয়ৰ আন এজন গৱেষক মাৰ্কো গেইজেনবিয়েৰেও এই সম্পৰ্কত কৈছিল এনেদৰে, “পুঁজি লাভ কৰাটো তেনেই কঠিন আছিল। ডাঙৰ আলোচনী বা বিনিয়োগকাৰীসকলেও ইয়াক আকৰ্ষণৰ দৃষ্টিৰে চোৱা নাছিল৷”

যদিও হৃদযন্ত্ৰৰ পেশীৰ প্ৰদাহ - মায়োকাৰ্ডাইটিছে বিশ্বজুৰি ১.৫ নিযুত অৰ্থাৎ ১৫ লাখ লোকক প্ৰভাৱিত কৰাৰ দৰে স্থিতিবোৰ যথেষ্ট অধ্যয়ন কৰা হৈছে৷ কিন্তু ভাগৰৰ সৈতে ইয়াৰ সম্পৰ্ক, যি কোভিডৰ এক গুৰুত্বপূৰ্ণ লক্ষণ সেয়া কিন্তু চিনাক্ত কৰা হোৱা নাছিল।

ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ব্ৰুছ মেকমানুছে এনৱাইটিক এইদৰে কৈছিল, “কেতিয়াবা কোভিড–১৯ৰ সৈতে হোৱা ভাগৰ হৃদযন্ত্ৰৰ সমস্যাৰ ফলত হ'ব পাৰে।”

আনফালে, প্ৰতিবেদনত লগতে কোৱা হৈছে যে গুৰুতৰভাৱে অসুস্থ কোভিড ৰোগীৰ হাওঁফাওঁৰ ক্ষতি হোৱাৰ অৱস্থাও ভাইৰাছৰে ফলাফল হ'ব পাৰে৷

উদাহৰণ স্বৰূপে, আপোনাৰ হাওঁফাওঁৰ আঘাত আৰু ইনফ্লুৱেঞ্জাৰ সৈতে, হাৰপিছ ভাইৰাছৰ সৈতে আৰু চাইটোমেগালো ভাইৰাছ সংক্ৰমণৰ সৈতে ভয়াৱহ হ'ব পাৰে বুলি উল্লেখ কৰে ইয়েল স্কুল অফ মেডিচিনৰ হাওঁফাওঁ গৱেষক ক্লেমেণ্টে ব্ৰিটো-লিয়নে।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে , হাওঁফাওঁৰ আৱৰণত তেজ গোট মৰা, পুনৰ কোভিডৰ সৈতে সম্পৰ্কিত, ই ইনফ্লুৱেঞ্জাৰ ফলাফলো হ'ব পাৰে৷

নেডাৰলেণ্ডৰ ইৰাচমাছ বিশ্ববিদ্যালয়ৰ মাৰ্কো গইজেনবিয়েৰে এই সম্পৰ্কত কৈছিল, “যেতিয়া ফ্লু’ ভাইৰাছে নিম্ন শ্বাসনলী সংক্ৰমিত কৰে, সেয়া এক অস্বাভাৱিক ঘটনা হৈ পৰে৷ কিয়নো বেছিভাগ লোকৰ আগৰে পৰা কিছুমান সুৰক্ষামূলক ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে।”
Published by: Sanjay Kumar Das
First published: April 22, 2021, 3:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি