Paytm–এ মুকলি কৰিলে COVID-19 Vaccine Finder, আছে ৰিয়েল-টাইমত ভেকচিনৰ উপলব্ধতাৰ এলাৰ্টৰ সুবিধা

News18 Assam | News18-Assam
Updated:May 7, 2021, 5:03 PM IST
Paytm–এ মুকলি কৰিলে COVID-19 Vaccine Finder, আছে ৰিয়েল-টাইমত ভেকচিনৰ উপলব্ধতাৰ এলাৰ্টৰ সুবিধা
যদি স্লট উপলব্ধ নহয়, তেতিয়া ভেকচিন উপলব্ধ হোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে পেটিএমৰ পৰা ৰিয়েল-টাইম এলাৰ্টৰ বিকল্পটো বাছনি কৰিব পাৰিব।

যদি স্লট উপলব্ধ নহয়, তেতিয়া ভেকচিন উপলব্ধ হোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে পেটিএমৰ পৰা ৰিয়েল-টাইম এলাৰ্টৰ বিকল্পটো বাছনি কৰিব পাৰিব।

  • Share this:
ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পেটিএমে (Paytm) ইয়াৰ মিনি এপ ষ্টোৰত নাগৰিকসকলক ভেকচিন স্লটৰ উপলব্ধতা পৰীক্ষা কৰাত সহায় কৰিবলৈ এক একত্ৰিত প্লেটফৰ্ম ‘COVID-19 Vaccine Finder’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই প্লেটফৰ্মে নাগৰিকসকলক বয়স গোটৰ (১৮+ বা ৪৫+) সৈতে ব্যক্তিগতভাৱে বিভিন্ন পিন কোড বা জিলাৰ বিৱৰণ দি এক নিৰ্দিষ্ট তাৰিখৰ বাবে ভেকচিন স্লটৰ উপলব্ধতা পৰীক্ষা কৰাত সহায় কৰিব, কোম্পানীটোৱে এক বিবৃতিত কয়।

লক্ষণীয়ভাৱে, যদি স্লট উপলব্ধ নহয়, তেতিয়া ভেকচিন উপলব্ধ হোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে পেটিএমৰ পৰা ৰিয়েল-টাইম এলাৰ্টৰ বিকল্পটো বাছনি কৰিব পাৰিব। ভাৰতে ১৮ বছৰতকৈ ওপৰৰ বয়সৰ সকলোৰে বাবে টিকাকৰণ মুকলি কৰিছে, কিন্তু ভেকছিনৰ অভাৱৰ ফলত এপইণ্টমেণ্ট স্লট সীমিত হৈ পৰিছে।

ব্যৱহাৰকাৰীসকলে মন কৰিব লাগিব যে পেটিএম 'COVID-19 Vaccine Finder'এ ব্যৱহাৰকাৰীসকলক কেৱল স্লট বিচাৰি উলিওৱাত সহায় কৰে, আৰু বুকিং CoWIN প্লেটফৰ্ম (ৱেবছাইট আৰু এপ) আৰু আৰোগ্য সেতু এপৰ ভিতৰত একত্ৰিত সেৱাৰ জৰিয়তে কৰিব লাগিব।

পেটিএমৰ জৰিয়তে কোভিড-১৯ ভেকচিন স্লটবোৰ বিচাৰিবলৈ, এপটো খোলক আৰু তলৰ মিনি এপ ষ্ট'ৰ শাখালৈ যাওক। Vaccine Finder বিকল্পটো বিচাৰক আৰু আপোনাৰ পিন কোড/ জিলা অন্তৰ্ভুক্ত কৰক, আৰু ১৮+ আৰু ৪৫+ বয়সৰ গোট বাছনি কৰক। অনুপলব্ধতাৰ ক্ষেত্ৰত, ৰিয়েল-টাইম এলাৰ্ট পাবলৈ 'Notify me when slots are available' বিকল্পত ক্লিক কৰক।

পেটিএমৰ প্ৰতিষ্ঠাপক বিজয় শেখৰ শৰ্মাই টুইটাৰত এটা পোষ্টত এই বিষয়ে শ্বেয়াৰ কৰিছিল। এক বিবৃতিত, কোম্পানীটোৱে লগতে কয়, "স্বয়ংক্ৰিয় প্ৰক্ৰিয়াটোৱে নতুন স্লটৰ বাবে প্লেটফৰ্মটো ৰিফ্ৰেছ কৰাৰ অসুবিধা আৰু অপ্ৰয়োজনীয় চিন্তা হ্ৰাস কৰে। তথ্যবোৰ CoWIN APIৰ পৰা ৰিয়েল-টাইমৰ আধাৰত সংগ্ৰহ কৰা হয় য'ত টিকাকৰণৰ বাবে এটা স্লট বুক কৰিব পাৰি।"

ইফালে, টিকাকৰণ প্ৰক্ৰিয়া সহজ কৰাৰ বাবে কেইবাটাও প্লেটফৰ্মে তেওঁলোকৰ নিজা কোভিড-১৯ ভেকচিন স্লট ট্ৰেকাৰ আৰু ফাইণ্ডাৰ স্থাপন কৰিছে। হোৱাটছএপে শেহতীয়াকৈ চেটবট আপডেট কৰিছে যিটো প্ৰথমবাৰৰ বাবে ২০২০ চনৰ মাৰ্চত মুকলি কৰা হৈছিল। উপলব্ধতাৰ সৈতে WhatsApp MyGov Corona Helpdesk ভেকচিন কেন্দ্ৰ এটা বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়াটো সৰল, আৰু ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ এণ্ড্ৰইড বা iOS স্মাৰ্টফোনত 9013151515 নম্বৰটো ছেভ কৰিব লাগিব। MyGov Corona Helpdesk চেটবট মুকলি হোৱাৰ পিছত, হোৱাটছএপ ব্যৱহাৰকাৰীসকলে 'Hi' বা 'Hello' প্ৰেৰণ কৰিব লাগিব, আৰু এটা স্বয়ংক্ৰিয় সঁহাৰিয়ে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ কোভিড সম্পৰ্কীয় তথ্যৰ বাবে এটা বিকল্প বাছনি কৰিবলৈ ক'ব। এই সুবিধাটোৱে হিন্দীতো কাম কৰে।
Published by: Sanjay Kumar Das
First published: May 7, 2021, 5:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি