দেশত কোৰোণাৰ দ্বিতীয় ঢৌৰ সংহাৰৰ মাজতেই শীঘ্ৰে শিশু-কিশোৰসকলৰ ক্ষেত্ৰত ভেকচিনৰ পৰীক্ষণৰ কাম আৰম্ভ কৰিব পাৰে হায়দৰাবাদস্থিত ভাৰত বায়'টেকে। ২-১৮ বছৰ বয়সৰ শিশু-কিশোৰসকলৰ ক্ষেত্ৰত ভেকচিনৰ সুৰক্ষা, প্ৰভাৱ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সকলো তথ্য লাভ কৰিবলৈ শীঘ্ৰেই ভেকচিন পৰীক্ষণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে।
মঙলবাৰে বিশেষজ্ঞ পেনেলে এই শ্ৰেণীৰ লোকসকলৰ বাবে ভাৰত বায়'টেকৰ কোভাক্সিনৰ দ্বিতীয়/তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ পৰামৰ্শ প্ৰদান কৰে। কোৰোণাৰ তৃতীয় ঢৌৱে শিশুসকলক আটাইতকৈ বেছি প্ৰভাৱিত কৰাৰ আশংকা ব্যক্ত কৰি এই পৰামৰ্শ প্ৰদান কৰিছে বিশেষজ্ঞই। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ফাৰ্মা কোম্পানীটোৱে বিগত কিছু সময় পূৰ্বেই এই ট্ৰায়েলৰ বাবে অনুমতি বিচাৰিছিল।
কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা (CDSCO)ৰ বিষয় বিশেষজ্ঞ সমিতিয়ে মঙলবাৰে ক্লিনিকেল পৰীক্ষণৰ পৰামৰ্শ আগবঢ়াইছে আৰু খবৰ অনুসৰি দিল্লীৰ এইমছ, পাটনাৰ এইমছকে ধৰি কেইবাটাও স্থানত ৫২৫টা বিষয়ৰ ওপৰত এই পৰীক্ষণ চলোৱা হ'ব।
সূত্ৰ অনুসৰি, উচ্চ পৰ্যায়ৰ আলোচনাৰ অন্ততহে সমিতিয়ে এই ২ৰ পৰা ১৮ বছৰ বয়সৰ শিশু-কিশোৰসকলৰ বাবে ২/৩ পৰ্যায়ৰ ট্ৰায়েলৰ পৰামৰ্শ দিছে। ইপিনে এই পৰীক্ষণৰ ৩ পৰ্যায় আৰম্ভ কৰাৰ পূৰ্বেই কোম্পানীটোৱে DSMBৰ পৰামৰ্শৰ সৈতে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ সুৰক্ষাৰ তথ্য কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাক দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে, এই সকলো তথ্যৰ পূৰ্বেই ১২ বছৰতকৈ অধিক বয়সৰ লোকৰ বাবে কোভাক্সিন ভেকচিন অনুমোদিত হোৱা বিষয়ক এটা টুইট ভাইৰেল হৈ পৰিছিল সকলোতে। যদিও এই খবৰ ইতিমধ্যে অস্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
ইপিনে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)ৰ সহযোগত ভাৰত বায়'টেকৰ দ্বাৰা এই কোভাক্সিন ভেকচিনটো বিকশিত কৰা হৈছে। বৰ্তমানে দেশৰ ১৮ বছৰতকৈ অধিক বয়সৰ লোকসকলক প্ৰদান কৰা হৈছে এই ভেকচিন।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 12, 2021, 12:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।