শেহতীয়াভাৱে দেশত লাভ কৰা কোৰোণা নতুন ভেৰিয়েণ্টে পুনৰবাৰ তৃতীয় ঢৌৰ আশংকা বৃদ্ধি কৰিছে।
শেহতীয়াভাৱে দেশত লাভ কৰা কোৰোণা নতুন ভেৰিয়েণ্টে পুনৰবাৰ তৃতীয় ঢৌৰ আশংকা বৃদ্ধি কৰিছে।
সমগ্ৰ দেশতে অব্যাহত আছে কোৰোণাৰ দ্বিতীয় ঢৌ। কোৰোণাৰ বিৰুদ্ধে যুঁজখন আৰু অধিক শক্তিশালী কৰিবলৈ গঢ়ি তোলা হৈছে বৃহৎ টিকাকৰণ অভিযান (Corona Vaccination)। ইয়াৰ অধীনত কোভিশ্বিল্ড, কোভাক্সিন আৰু স্পুটনিক ভি ভেকচিন পালি প্ৰদান কৰা হৈছে দেশত। শেহতীয়াভাৱে দেশত লাভ কৰা কোৰোণা নতুন ভেৰিয়েণ্টে পুনৰবাৰ তৃতীয় ঢৌৰ আশংকা বৃদ্ধি কৰিছে। ডেল্টা প্লাছ নামৰ এই নতুন ভেৰিয়েণ্টত ইতিমধ্যেই আক্ৰান্ত হৈছে বহু লোক। তেনে সময়তে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) আৰু ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰ (NIV) বিজ্ঞানীসকলে আনিছে এক সকাহৰ খবৰ। তেওঁলোকে কৈছে যে কোভাক্সিনৰ বুষ্টাৰ পালিয়ে কোৰোণা ভাইৰাছৰ বিভিন্ন প্ৰকাৰৰ বিৰুদ্ধে কাৰ্যকৰী হ'ব পাৰে।
এন.আই.ভিৰ বিজ্ঞানীসকলে দাবী কৰিছে যে কোভাক্সিনৰ বুষ্টাৰ ড'জ প্ৰয়োগ কৰি কোৰোণা ভাইৰাছৰ পৰিৱৰ্তনশীল প্ৰকাৰবোৰ অতিক্ৰম কৰিব পাৰি। এনআইভিৰ বিজ্ঞানী প্ৰিয়া আব্ৰাহামে কৈছে যে কিছুমান দেশত কোৰোণা ভাইৰাছৰ বিৰুদ্ধে বুষ্টাৰ ড'জ দিয়াৰ বাবে গৱেষণা চলি আছে। ভাৰততো একে ধৰণৰ গৱেষণাৰ কথা বিবেচনা কৰা হৈছে। গৱেষণা অনুসৰি, ভেকচিন এটাৰ প্ৰথম দুটা পালিৰ পিছত বুষ্টাৰ ড'জ প্ৰয়োগ কৰিব লাগিব। তেওঁ এই সম্ভাৱনাও ব্যক্ত কৰিছিল যে এই বুষ্টাৰ ড'জটো নিয়মীয়া ব্যৱধানত মানুহক দিব লাগিব যেনে এবছৰ বা দুবছৰ পিছত।
চৰকাৰে মঙলবাৰে প্ৰতিবেদনত কৈছিল যে ২১ জুনৰ পৰা কোভিড-১৯ টিকাকৰণ অভিযান যথেষ্ট বৃদ্ধি পাইছে আৰু আঠ দিনত প্ৰায় ৪.৬১ কোটি পালি প্ৰদান কৰা হৈছে, যি ইৰাক (৪.০২ কোটি), কানাডা (৩.৭৭ কোটি), চৌদি আৰৱ (৩.৪৮ কোটি) আৰু মালয়েছিয়া (৩.২৩ কোটি)তকৈও অধিক।
স্বাস্থ্য মন্ত্ৰণালয়ে মঙলবাৰে উল্লেখ কৰিছে যে, ভাৰতত প্ৰতিদিনে গড়ে ৫৭.৬৮ লাখ ড'জ দিয়া হৈছিল, যি ফিনলেণ্ড (৫৫.৪১ লাখ), নৰৱে (৫৪.২১ লাখ) আৰু নিউজিলেণ্ডৰ (৪৮.২২ লাখ) জনসংখ্যাতকৈও অধিক। দেশত ২১ জুনৰ পৰা কাৰ্যকৰী হোৱা কোভিড-১৯ টিকাকৰণৰ বাবে নতুনকৈ সংশোধিত নিৰ্দেশনা অনুসৰি, কেন্দ্ৰই দেশত নিৰ্মিত ভেকচিনৰ ৭৫ শতাংশ ক্ৰয় কৰিব।
মন্ত্ৰণালয়ৰ মতে, দেশৰ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ প্ৰায় ৫৯.৭ কোটি লোকৰ ১৫ শতাংশক ভেকচিনৰ প্ৰথম ড'জ দিয়া হৈছে। চৰকাৰে কৈছিল যে এতিয়ালৈকে দেশত মুঠ ৩৩.১ কোটি লোকক টিকাকৰণ কৰা হৈছে। ২১ৰ পৰা ২৮ জুনৰ ভিতৰত দৈনিক গড়ে ৫৭.৬৮ লাখ লোকক টিকাকৰণ কৰা হৈছিল। ১ মে'ৰ পৰা ২৪ জুনৰ ভিতৰত, ৫৬ শতাংশ ড'জ গ্ৰাম্য অঞ্চলত প্ৰয়োগ কৰা হৈছিল, আনহাতে ৪৪ শতাংশ চহৰঅঞ্চলত প্ৰয়োগ কৰা হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|