Language Appত চিনাকী হৈ মেক্সিকোৰ যুৱতীক বিয়া কৰালে নিৰঞ্জনে, মাজ নিশা বিয়াৰ বাবে খুলি দিলে কৰ্টৰ দুৱাৰ

News18 Assam | News18-Assam
Updated:April 18, 2020, 11:03 AM IST
Language Appত চিনাকী হৈ মেক্সিকোৰ যুৱতীক বিয়া কৰালে নিৰঞ্জনে, মাজ নিশা বিয়াৰ বাবে খুলি দিলে কৰ্টৰ দুৱাৰ
২০১৭ চনত এটা Language Appত চিনাকী হৈ দুয়োৰে মাজত হৈছিল প্ৰেম

২০১৭ চনত এটা Language Appত চিনাকী হৈ দুয়োৰে মাজত হৈছিল প্ৰেম

  • Share this:
কোনে জানে প্ৰেম কেতিয়া কাৰ লগত হয়! মাত্ৰ এদিন দেখা দেখিতে এগৰাকী মেক্সিকোৰ যুৱতীৰ প্ৰেমত পৰিছিল নিৰঞ্জন। তাকে দেখা দেখি হৈছিল এটা Language Appত।

সোমবাৰৰ দিনা ল’ক ডাউনৰ মাজতে জিলা দণ্ডাধীশৰ সহায়ত হাৰিয়ানাৰ ২২ বছৰীয়া যুৱক নিৰঞ্জন কাশ্যপৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ২১ বছৰীয়া মেক্সিকোৰ যুৱতী ডানা জ’হেৰী। বিয়াৰ বাবে মাজ নিশা খুলি দিয়া হয় কৰ্ট।

ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখে ডানা, তেওঁৰ মাতৃৰ সৈতে বিয়াৰ বাবে আহিছিল ভাৰতলৈ। তাৰ বিয়াৰ বাবে আদালতত অনুমতি বিচাৰি লাভ কৰে ছদিনৰ পিছত। যোৱা ১৮ তাৰিখে সমাপ্ত হয় ‘notice period’। কিন্তু ল’ক ডাউন চলি থকাৰ বাবে বিবাহ পাশত আবদ্ধ হ’ব পৰা নাছিল দুয়ো। ইফালে অহা পাঁচ মে’ত মেক্সিকোলৈ উভতি যাব লাগে ডানা।

উপায়ন্ত হৈ দুয়ো জিলা দণ্ডাধীশক বিৱৰি ক’লে নিজৰ সমস্যাৰ কথা। লগে লগে দণ্ডাধীশে মেক্সিকো’ৰ দূত বাসৰ সৈতে যোগাযোগ কৰি ল’ক ডাউনৰ মাজতে ১৩ এপ্ৰিলৰ দিনা বিয়াৰ বাবে মাজ নিশা খুলি দিয়ে কৰ্টৰ দুৱাৰ। মাত্ৰ দুজন লোকৰ উপস্থিতিত হৈ যায় তেওঁলোকৰ বিয়া খন।
First published: April 18, 2020, 10:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading