মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Exceptional Marriage: দৰা আহিল চৈ-দিয়া গৰু গাড়ীত, বৰপেটাৰ আতচবাজিৰ মাজত হাট-লেম্পৰ পোহৰত পদব্ৰজে আহিল বৰযাত্ৰী

Exceptional Marriage: দৰা আহিল চৈ-দিয়া গৰু গাড়ীত, বৰপেটাৰ আতচবাজিৰ মাজত হাট-লেম্পৰ পোহৰত পদব্ৰজে আহিল বৰযাত্ৰী

অৱশেষত সামাজিক স্বীকৃতি পালে কৃষ্ণচূড়াৰ দেশৰ আদৰ্শ প্ৰেমিক যুগল আভা-জয়ন্তৰ প্ৰেমে

অৱশেষত সামাজিক স্বীকৃতি পালে কৃষ্ণচূড়াৰ দেশৰ আদৰ্শ প্ৰেমিক যুগল আভা-জয়ন্তৰ প্ৰেমে

অৱশেষত সামাজিক স্বীকৃতি পালে কৃষ্ণচূড়াৰ দেশৰ আদৰ্শ প্ৰেমিক যুগল আভা-জয়ন্তৰ প্ৰেমে

  • Share this:
অৱশেষত সামাজিক স্বীকৃতি পালে একালত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ দেশত আদৰ্শ প্ৰমিক যুগল হিচাপে পৰিচিত ডঃ জয়ন্ত পাঠক আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি পৰিবেশক আভা ভড়ালীৰ প্ৰেম কাহিনীয়ে। বৃহস্পতিবাৰে টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ যুৱ প্ৰৱক্তা ডঃ জয়ন্ত পাঠক আৰু আভা ভড়ালীৰ শুভ বিবাহ সম্পন্ন হয়। স্বাভাৱিকতে সাংস্কৃতিক মনৰ অধিকাৰী দুয়োগৰাকীৰ ১৭ বছৰীয়া প্ৰেমৰ অন্তত সম্পন্ন হোৱা বিবাহে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে।

আভিজাত্যক প্ৰত্যাহ্বান জনাই অসমীয়া লোকসংস্কৃতিৰ বৈভৱ সমাজত প্ৰতিষ্ঠা কৰাৰ উদেশ্যে ডঃ জয়ন্ত পাঠক আৰু আভাই ল'লে ব্যতিক্ৰমী পদক্ষেপ। কেঁচা মাটিৰ গোন্ধে আমোলমোলাই থকা গুৱালগাঁওস্থিত বাসগৃহত আয়োজন কৰা বিবাহ অনুষ্ঠানত  আধুনিকতাৰ ধামখুমিয়াৰ মাজত চিৰসেউজ অতীতক জিপাল কৰি এক নিভাঁজ গাঁৱৰ পৰিবেশ সৃষ্টি কৰি  আদৰিলে আলহী-অতিথিক।

কেৱল সিমানেই নহয় নিশা প্ৰেমিকাক  জীৱনসংগীনী ৰূপে আপোন ঘৰখনলৈ আনিবলৈ দৰা ওলাল চৈ-দিয়া গৰু গাড়ীত। পাছে পাছে হাত-লেম্পৰ পোহৰত, বৰপেটাৰ আতচবাজি আৰু চিৰসেউজ বিহুগীতৰ তালে-তালে পদব্ৰজে আগবাঢ়িল বৰযাত্ৰী।

অলপ একে আৰু কিছু ব্যতিক্ৰমী চিন্তাৰে নিজৰ জীৱনটোক সঁজাই তোলা ড: জয়ন্ত পাঠকে এনে ব্যতিক্ৰমী আয়োজন সন্দৰ্ভত কলে - এনে পৰম্পৰাৰ আবিৰ সনা তাহানিৰ  নিভাঁজ ছবিখন গাঁৱত প্ৰায় অধুনালুপ্ত। মোৰ শুভ দিনটোত শুভকামনা জনাবলৈ অহা অভ্যাগতক ক্ষণিকৰ বাবে তাহানিৰ দিনবোৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ।এই প্ৰয়াসৰ জৰিয়তে উঠি অহা প্ৰজন্ম অসমীয়া পৰম্পৰা, সংস্কৃতিৰ প্ৰতি উৎসাহিত হ'ব বুলি আমি আশা কৰোঁ।

উল্লেখ্য যে বৰ্তমান টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰৱক্তা ড: জয়ন্ত পাঠক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আলোচনী সম্পাদক হোৱাৰ লগতে ইতিপূৰ্বে যুৱ সাহিত্যৰ জগতখনৰ এক চিনাকি নাম। একেদৰে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন সম্পাদিকা হিচাপে সামাজিক সাংস্কৃতিক জীৱন যাত্ৰা আৰম্ভ কৰা আভা ভড়ালীও গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আলোচনী সম্পাদিকা আছিল আৰু বৰ্তমান আকাশবাণী গুৱাহাটী  কেন্দ্ৰৰ এগৰাকী জনপ্ৰিয় বাতৰি পৰিবেশক।

শেহতীয়া বাতৰি