মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Money Saving Plan : ১৭ মাহত ৩ কোটি টকাৰ ঋণ পৰিশোধ কৰিলে এক দম্পতীয়ে ! কিদৰে সম্ভৱ হ'ল এই কাম, ধন সঞ্চয়ৰ ফৰ্মূলা শিকক তেওঁলোকৰ পৰা

Money Saving Plan : ১৭ মাহত ৩ কোটি টকাৰ ঋণ পৰিশোধ কৰিলে এক দম্পতীয়ে ! কিদৰে সম্ভৱ হ'ল এই কাম, ধন সঞ্চয়ৰ ফৰ্মূলা শিকক তেওঁলোকৰ পৰা

News18 Assam | News18-Assam
Updated:September 13, 2021, 8:31 PM IST
Money Saving Plan : ১৭ মাহত ৩ কোটি টকাৰ ঋণ পৰিশোধ কৰিলে এক দম্পতীয়ে ! কিদৰে সম্ভৱ হ'ল এই কাম, ধন সঞ্চয়ৰ ফৰ্মূলা শিকক তেওঁলোকৰ পৰা
Money Saving Plan : পতি-পত্নীয়ে মিলি এনে এক সঞ্চয় পৰিকল্পনা (দম্পতিৰ সঞ্চয় পৰিকল্পনা) কৰিছিল যে ১৭ মাহৰ ভিতৰত ৩ কোটি টকাৰ ঋণৰ বোজা আঁতৰাবলৈ সক্ষম হৈছিল। সকলোৱে জানিব বিচাৰিছিল যে তেওঁলোকে কেনেকৈ এই অসম্ভৱক সম্ভৱ কৰিছিল।

Money Saving Plan : পতি-পত্নীয়ে মিলি এনে এক সঞ্চয় পৰিকল্পনা (দম্পতিৰ সঞ্চয় পৰিকল্পনা) কৰিছিল যে ১৭ মাহৰ ভিতৰত ৩ কোটি টকাৰ ঋণৰ বোজা আঁতৰাবলৈ সক্ষম হৈছিল। সকলোৱে জানিব বিচাৰিছিল যে তেওঁলোকে কেনেকৈ এই অসম্ভৱক সম্ভৱ কৰিছিল।

  • News18 Assam
  • Last Updated: September 13, 2021, 8:31 PM IST
  • Share this:
ধাৰ বা ঋণ যি পৰিস্থিতিতে লোৱা হওক লাগে, সকলোৰে বাবে ই একপ্ৰকাৰৰ মূৰৰ বোজা। যিমান সম্ভৱ সোনকালে এই ঋণ (Loan Approval) আঁতৰাবলৈ আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন (Change in Lifestyle) কৰিব লাগিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা পৰিয়ালে নিজৰ জীৱনধাৰণৰ পৰিৱৰ্তন কৰি মাত্ৰ ১৭ মাহত ৩০ নিযুত টকাৰ ঋণ পৰিশোধ কৰিবলৈ সক্ষম হৈছে।

এই অসাধাৰণ কাৰ্য সাধন কৰা স্বামী-স্ত্ৰীহালে কি কৌশলেৰে এই অসম্ভৱক সম্ভৱ কৰিছিল সেই টিপছ শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। দ্য চানে (The Sun)ৰ প্ৰতিবেদন মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্যানন আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ খৰচ ইমান বেছি হ্ৰাস কৰি ধন সঞ্চয় কৰিছিল যাৰ বাবেই তেওঁলোকে ঋণৰ ইমান ডাঙৰ বোজা পৰিশোধ কৰিবলৈ সক্ষম হৈছে।

বাজেটত বৃহৎ কৰ্তন-

শ্যাননৰ পৰিয়ালত মুঠ ৫ জন লোক আছে। যেতিয়া তেওঁ ৪ কোটি ৬৬ লাখ  টকাৰ ঋণ লৈছিল এই বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰাটোৱেই আছিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। শ্যাননে তেওঁৰ পৰিয়ালৰ সৈতে মিলি ধন সঞ্চয় কৰাৰ এটা পৰিকল্পনা কৰিছিল। তেওঁ ইয়াৰ বাবে নিজৰ লগতে পৰিয়ালটোৰ বাজেট হ্ৰাস কৰিবলৈ কঠিনতম সিদ্ধান্ত লৈছিল। টিকটক (TikTok Account)ত শ্যাননে তেওঁলোকৰ পৰিয়ালটোৰ সঞ্চয় পৰিকল্পনা প্ৰকাশ কৰিছে যিটো মানুহে অতিকে পছন্দ কৰিছে। তেওঁ কয় যে তেওঁলোকে খাদ্যৰ পৰা আৰম্ভ কৰি ফৰ্ণিচাৰলৈ সকলোতে খৰচ কম কৰি তেওঁলোকে বৃহৎ পৰিমাণৰ ধন সঞ্চয় কৰিবলৈ সক্ষম হৈছিল।

১৭ মাহত ৩ কোটি টকাৰ ঋণ পৰিশোধ

শ্যাননে এই ভিডিঅ'টোত কয় যে তেওঁ তেওঁৰ গ্ৰোচাৰী (গেলামাল)ৰ বাজেট ৭০০০ টকালৈ টকালৈ সীমিত কৰিছিল, আনহাতে তেওঁ কাপোৰ আৰু অন্যান্য সামগ্ৰী কিনাৰ আগতে অফাৰ বা বিগ ছেল আদিৰ বাবে অপেক্ষা কৰিছিল। তেওঁ তেওঁলোকৰ ৩০০০ বৰ্গফুটৰ ভাড়াঘৰটো এৰি ১০০০ বৰ্গফুটৰ কম দামী ঘৰ এটালৈ গৈছিল। ই তেওঁলোকক প্ৰতি মাহে ৮৬,০০০ টকা ৰাহি কৰিছিল। পৰিয়ালটোৱে নতুন গাড়ীখন সলনি কৰি পুৰণি গাড়ী এখন লৈছিল। ৰাতিৰ আহাৰৰ বাবে বাহিৰলৈ নোযোৱাটোৱে তেওঁলোকৰ হাজাৰ হাজাৰ টকা খৰচৰ পৰা ৰক্ষা কৰিছিল। মাত্ৰ ২ বছৰত, তেওঁ তেওঁৰ ঋণৰ তিনি-চতুৰ্থাংশ পৰিশোধ কৰিছিল। এতিয়া তেওঁলোকে মাত্ৰ ১৩.২ নিযুত টকা পৰিশোধ কৰিব লাগিব।
Published by: Manjumoni Borah
First published: September 13, 2021, 8:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি