বিয়াৰ দিনা দৰা কইনাই হাতত প্লে কাৰ্ড লৈ কৰিলে CAAৰ বিৰোধিতা

News18 Assam | News18-Assam
Updated:December 26, 2019, 12:05 PM IST
বিয়াৰ দিনা দৰা কইনাই হাতত প্লে কাৰ্ড লৈ কৰিলে CAAৰ বিৰোধিতা
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কোনো কাৰণতে জাতিধ্বংসী আইনখন মানি নোলোৱাৰ হুংকাৰ অসমবাসীৰ।

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কোনো কাৰণতে জাতিধ্বংসী আইনখন মানি নোলোৱাৰ হুংকাৰ অসমবাসীৰ।

  • News18 Assam
  • Last Updated: December 26, 2019, 12:05 PM IST
  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কোনো কাৰণতে জাতিধ্বংসী আইনখন মানি নোলোৱাৰ হুংকাৰ অসমবাসীৰ। অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা বহুতে বিভিন্ন ধৰণে কৰা দেখিবলৈ পোৱা গৈছে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীয়ে পৰীক্ষাত CAA বিৰোধী বেজ পৰিধান কৰি অৱতীৰ্ণ হৈ সৰ্বত্ৰ ব্যাপক চৰ্চা লাভ কৰিছিল।

এইবাৰ চৰ্চালৈ আহিছে এহাল দৰা–কইনা। বিয়াৰ দিনাই হাতত দুয়োগৰাকীয়ে  বিৰোধিতা কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ।  CAA বিৰোধী প্লে কাৰ্ড হাতত লৈ ৰভা তলিৰ পৰা দৰা কইনাৰ কৰিলে অভিনৱ প্ৰতিবাদ। হাজোৰ দলৈটোলাৰ শিক্ষক ফিৰোজ আলীৰ জীয়ৰী নাহৰ ইফটীকাৰ আনজুমৰ হাজোৰে ৰেকিব আহমেদ নামৰ এইজন যুৱকৰ সৈতে নিকাহ সম্পন্ন হয়।  অনুষ্ঠানত  দৰা কইনাই জাতি ধ্বংসী আইন খনৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ।
Published by: Himangshu Bhuyan
First published: December 26, 2019, 12:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading