ভুলতো #CoupleChallenge ৰ ফটো পোষ্ট নকৰিব! সন্মুখীন হ'ব এই বিপজ্জনক পৰিণতিৰ!

News18 Assam | News18-Assam
Updated:September 27, 2020, 10:15 PM IST
ভুলতো #CoupleChallenge ৰ ফটো পোষ্ট নকৰিব! সন্মুখীন হ'ব এই বিপজ্জনক পৰিণতিৰ!
Source-Google

ছচিয়েল মিডিয়াত এই কেইদিন অত্যন্ত চৰ্চিত বিষয় হ’ল #CoupleChallenge।

  • News18 Assam
  • Last Updated: September 27, 2020, 10:15 PM IST
  • Share this:
ছচিয়েল মিডিয়াত এই কেইদিন অত্যন্ত চৰ্চিত বিষয় হ’ল #CoupleChallenge।#CoupleChallenge ব্যৱহাৰ কৰি নিজৰ সংগীৰ সৈতে ফটো আপলোড কৰি আছে বহুতে। সৰ্বাধিক এনেধৰণৰ পোষ্ট পাব্লিক চেটিংছত পাব্লিক মোডত হেচটেগ ব্যৱহাৰ কৰি আপলোড কৰিছে।

এনে কৰিলে, কোনো লোকে হেচটেগ অপচনত ক্লীক কৰি #CoupleChallenge ব্যৱহাৰ কৰি দিয়া সকলো ফটো চাব পাৰিব। আৰু ইয়াৰ পৰা ফটো একেবাৰে সহজতে ডাউনলোড কৰিবও পাৰিব। শুকুৰবাৰে বিয়লি ভাগলৈকে ২৬ লাখতকৈ অধিক লোকে এই হেচটেগ ব্যৱহাৰ কৰি ফটো আপলোড কৰিছে।

ভুক্তভোগী সৰ্বাধিক মহিলাঃ

চাইবাৰ সুৰক্ষা বিশেষজ্ঞ আয়ুস ভৰদ্বাজে কয় যে, এই ফটোসমূহত ইমেজ ম’ৰ্ফিঙ চলি আছে। ভৰদ্বাজে লগতে কয় যে, ইমেজ ম’ৰ্ফিঙৰ জৰিয়তে চেহেৰা কাৰোবাৰ আৰু শৰীৰ অন্য কাৰোবাৰ ৰূপত গঢ় দি অসত্‍ কামত ব্যৱহাৰ কৰিছে। চাইবাৰ অপৰাধীয়ে এই ম’ৰ্ফড ইমেজৰ ব্যৱহাৰ ডেটিং ৱেবচাইট আৰু ছচিয়েল মিডিয়াত ফেক একাউণ্ট খুলিবলৈ ব্যৱহাৰ কৰিছে।

আৰু এই ফেক একাউণ্টৰ জৰিয়তে অন্যান্য লোকক প্ৰৱঞ্চনা কৰা হৈছে। সংবাদ প্ৰতিষ্ঠান দৈনিক ভাস্কৰত প্ৰকাশ পোৱা খবৰ অনুসৰি, সৰ্বাধিক ম’ৰ্ফিং ইমেজৰ চিকাৰ মহিলাসকল।
Published by: Himangshu Bhuyan
First published: September 27, 2020, 10:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading