உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • সোণ-ৰূপৰ দাম বৃদ্ধি হোৱাত এতিয়া বাধা ৰূপে থিয় দিছে কোৰোণাৰ ভেকচিনে!

    সোণ-ৰূপৰ দাম বৃদ্ধি হোৱাত এতিয়া বাধা ৰূপে থিয় দিছে কোৰোণাৰ ভেকচিনে!

    ৰাছিয়াই কোৰোণা ভেকচিন নিৰ্মাণত সফল হোৱা বুলি ঘোষণা কৰাৰ পিছৰ পৰাই হঠাত্‍ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য।

    ৰাছিয়াই কোৰোণা ভেকচিন নিৰ্মাণত সফল হোৱা বুলি ঘোষণা কৰাৰ পিছৰ পৰাই হঠাত্‍ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য।

    ৰাছিয়াই কোৰোণা ভেকচিন নিৰ্মাণত সফল হোৱা বুলি ঘোষণা কৰাৰ পিছৰ পৰাই হঠাত্‍ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য।

    • Share this:
    ৰাছিয়াই কোৰোণা ভেকচিন নিৰ্মাণত সফল হোৱা বুলি ঘোষণা কৰাৰ পিছৰ পৰাই হঠাত্‍ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। যোৱা ৩ৰ পৰা ৭ আগষ্টলৈকে দিল্লীৰ বজাৰত সোণৰ দামে আকাশ চুইছিল। কিন্তু ১০ৰ পৰা ১৪ আগষ্টৰ ভিতৰত এনেদৰে সোণৰ দাম হ্ৰাস পাই যে, বৰ্তমান ১০ গ্ৰাম সোণৰ দামত ২,৬৪১ টকা পৰ্যন্ত হ্ৰাস পাইছে।



    সেইদৰে ৰূপৰ দামো হ্ৰাস পোৱা দেখা গৈছে। আগষ্টৰ প্ৰথম সপ্তাহত ৰূপৰ দাম প্ৰতি কেজিত ১০,২৪৩টকা পৰ্যন্ত বাঢ়িছিল। কিন্তু যোৱা ১০ আগষ্টৰ পৰা ক্ৰমান্বয়ে হ্ৰাস পাইছে ৰূপৰ দাম। ইয়াৰ অন্যতম কাৰণ আমেৰিকাৰ লগতে ভাৰতৰ শেহতীয়া অৰ্থনৈতিক অৱস্থা বুলি উল্লেখ কৰিছে বিশেষজ্ঞসকলে।



    উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ-ৰূপৰ মূল্য যোৱা সাত বছৰৰ ভিতৰত সৰ্বাধিক হ্ৰাস পোৱাৰ পিছত ঘৰুৱা বজাৰতো এতিয়া হ্ৰাস পাইছে মূল্য। বিশেষজ্ঞসকলৰ মতে, বিদেশৰ বজাৰত সোণৰ মূল্য ৭ বছৰৰ পিছত এনেদৰে বৃহত্‍ হ্ৰাস পাইছে। বৰ্তমানো হ্ৰাস পাই আছে সোণৰ মূল্য।  এসপ্তাহৰ ভিতৰতে সোণৰ দাম ৬.৫ শতাংশ আৰু ৰূপৰ দাম ১২ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে।



    বিশেষজ্ঞসকলৰ মতে, কোৰোণা ভেকচিনৰ সন্দৰ্ভত খবৰ আহিলেই এতিয়া আশ্বৰ্যজনক ভাবে প্ৰভাৱ পৰিছে সোণৰ মূল্য। সোণ মূল্যত আৰু ৬ৰ পৰা ৮ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
    Published by:Himangshu Bhuyan
    First published: