এক স্বাস্থ্যকৰ জীৱনশৈলী (healthy lifestyle) বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়াৰ সময়ত, লোকসকলে তেওঁলোকৰ আহাৰ ৰন্ধাৰ বাবে ব্যৱহৃত সঠিক ৰন্ধন পাত্ৰ বা কুকৱেৰ (cookware)ৰ ওপৰতো সমানে গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে কিছুমান পাত্ৰ আছে আছে যিবোৰত সাধাৰণতে বিষাক্ত আৱৰণ বা লেপ বা লেয়াৰ (toxic coating) থাকে। এই পাত্ৰবোৰ প্ৰায়েই উচ্চ তাপমাত্ৰাত ভাঙি যায় আৰু খাদ্যৰ মানকো প্ৰভাৱিত কৰে।
পিতল আৰু লোৰ বাচন-বৰ্তনত খাদ্য ৰন্ধা আৰু খোৱা পানীৰ বাবে তামৰ ব্যৱহাৰ বহু শতাব্দী ধৰি ভাৰতীয় সংস্কৃতিৰ বাবে পৰিচিত। অৱশ্যে সেইবোৰৰ ব্যৱহাৰ এতিয়া যথেষ্ট হ্ৰাস পাইছে। কিন্তু যেতিয়া আমি আমাৰ স্বাস্থ্য আৰু আমি গ্ৰহণ কৰি থকা পুষ্টিবোৰ ৰক্ষা কৰিবলৈ আগবাঢ়ি যাওঁ, তাম, পিতল, লোৰ বাচন আৰু ব্ৰঞ্জ (copper, brass, iron utensils and bronze)লৈ ঘূৰি যোৱাটো সঠিক বিকল্প নেকি সোধাটো অতি প্ৰয়োজনীয়। এই সামগ্ৰীবোৰৰ কিছুমান লাভালাভ ইয়াত দিয়া হৈছে -