৩১ মাৰ্চৰ পূৰ্বে কৰাওক পেন কাৰ্ড, KCC, GST আৰু FDৰ সৈতে জড়িত এই ৭টা কাম, অন্যথা ব্যাপক লোকচানৰ সন্মুখীন হ'ব আপুনি!

নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে আপুনি কেইবাটাও প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰিব লাগিব। PNB , PM Kissan আৰু কেইবাখনো আঁচনিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় তলত আলোচনা কৰা হৈছে , যি সমূহ আপোনাৰ বাবে জনাটো অত্যন্তই জৰুৰী।
নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে আপুনি কেইবাটাও প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰিব লাগিব। PNB , PM Kissan আৰু কেইবাখনো আঁচনিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় তলত আলোচনা কৰা হৈছে , যি সমূহ আপোনাৰ বাবে জনাটো অত্যন্তই জৰুৰী।
- News18 Assam
- Last Updated: March 22, 2021, 3:44 PM IST
"বিবাদ চে বিশ্বাস" আঁচনিৰ সময়সীমা বৃদ্ধি: কেন্দ্ৰীয় চৰকাৰে "বিবাদ চে বিশ্বাস" আঁচনিৰ পেমেণ্টৰ অন্তিম তাৰিখ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে। এই আঁচনিৰ জৰিয়তে চৰকাৰে দীঘলীয়া কৰ বিবাদ সমাধানৰ চেষ্টা কৰিছে। এই আঁচনিৰ অধীনত কৰদাতা সকলে কেৱল বিবাদমান ভূমিৰ বাবে কৰ প্ৰদান কৰিব লাগিব।
গ্ৰাহকসকলক সতৰ্ক কৰিছে PNB য়েঃ PNB ৰ লগত অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়া সংলগ্ন হোৱাৰ পিছত পুৰণি গ্ৰাহক সকলৰ IFSC কোড সমূহে ৩১ মাৰ্চৰ পিছত কাম নকৰিব। ইয়াৰ উপৰিও পুৰণি চেকবুক সমূহো ব্যৱহাৰৰ উপযোগী হৈ নাথাকিব। সেইবাবে PNB য়ে গ্ৰাহক সকলক ৩১ মাৰ্চৰ পূৰ্বে নতুন চেকবুক সংগ্ৰহৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।
কৃষক সকলৰ সুবিধাৰ্থে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়সীমা কেন্দ্ৰীয় চৰকাৰে ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে। এই আঁচনিৰ সুবিধা ল'ব বিচৰা সকলে ওচৰৰ বেংক বা শাখাত গৈ আবেদন কৰিবৰ বাবে আহ্বান জনাইছে। প্ৰপত্ৰ পূৰণৰ ১৫ দিন পিছতেই হিতাধিকাৰীয়ে এই কাৰ্ড লাভ কৰিব বুলি জানিবলৈ দিয়া গৈছে।
কম ঋণত হোম লোণৰ সুবিধাঃ
দেশৰ কেইবাটাও আগশাৰীৰ চৰকাৰী আৰু বেচৰকাৰী বেংকে ৩১ মাৰ্চৰ আগলৈকে কম ঋণত গৃহ নিৰ্মাণৰ বাবে লোণ প্ৰদান কৰি আছে। ইয়াৰ ভিতৰত SBI , কোটাক মহিন্দ্ৰা বেংক , HDFC আৰু ICICI বেংক প্ৰধান।
GST return দাখিলৰ সময়সীমা বৃদ্ধিঃ বিত্তীয় বৰ্ষ ২০১৯-২০ ৰ বাবে চৰকাৰে GST return দাখিলৰ সময়সীমা ৩১ মাৰ্চ, ২০২১ লৈ বৃদ্ধি কৰিছে।
আধাৰ কাৰ্ডক পেন কাৰ্ডৰ সৈতে লিংক কৰোৱাৰ অন্তিম তাৰিখঃ আধাৰ কাৰ্ডক পেন কাৰ্ডৰ সৈতে লিংক কৰোৱাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ। অন্যথা আপোনাৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ যাব।