HONOR 8X বনাম Samsung M20: আপুনি কোনটো স্মাৰ্টফোন কিনা উচিত?

কোনটো ফোনে আপোনাৰ কষ্টোপাৰ্জিত টকাৰ উচিত মূল্য প্ৰদান কৰে?

News18-Assam
Updated:September 26, 2019, 9:55 PM IST
HONOR 8X বনাম Samsung M20: আপুনি কোনটো স্মাৰ্টফোন কিনা উচিত?
কোনটো ফোনে আপোনাৰ কষ্টোপাৰ্জিত টকাৰ উচিত মূল্য প্ৰদান কৰে?
News18-Assam
Updated: September 26, 2019, 9:55 PM IST
আপুনি যদি মন কৰে, দেখিবলৈ পাব যে বাজেটৰ ভিতৰত উচ্চ মানৰ স্মাৰ্টফোন বহুত আছে । কিন্তু সেইবিলাক একেধৰণে নিৰ্মাণ কৰা নহয় । আজিকালি ভাৰতীয় গ্ৰাহকে অলপ কম মূল্যতে একক ফীছাৰ থকা স্মাৰ্টফোন কিনিব বিচাৰে, য’ত চকুত পৰাকৈ বৈশিষ্ট্য থাকে । HONOR 8X আৰু Samsung M20-ক লৈ প্ৰযুক্তিৰ জগতখন উত্‍সুক হৈ আছে| কাৰণ এই ফোন দুটাত আছে অনেক অনন্য ফীছাৰ যিবোৰ আমাৰ ভাৰতৰ স্মাৰ্ট গ্ৰাহকে সঁচাকৈয়ে বিচাৰে।

আপুনি যদি জানিব বিচাৰে, এই ফোন দুটা তুলনা কৰিলে কেনে হয়, তেন্তে এইখিনি এবাৰ পঢ়ি চাওক।

গঠন আৰু ডিজাইন

HONOR 8X ত আছে এটা গ্লাছ বডী, যিটো দেখিবলৈ ইমানেই অপূৰ্ব যে এনে লাগে যেন সেইটো ক্ৰয় কৰিবলৈ সঁচাকৈ এখন হাত আৰু ভৰি বিক্ৰী কৰিব লাগিব! কিন্তু আচলতে নালাগে ।ইয়াৰ মেট ফিনিশ্ব এলুমিনিয়াম ছাইডবিলাক, বিশেষকৈ সোঁফালে প্ৰান্তত থকা HONOR ফ্লেগশ্বিপ ফোনৰ অনন্য পেটাৰ্ণটোৱে এই ফোনটোক এক অন্য মাত্ৰা প্ৰদান কৰিছে। আনহাতে Samsung M20 ত আছে এক প্লাষ্টিক ৰিয়েৰ পেনেল যিটো অনেক গ্ৰাহকে ভাল পাব, কিন্তু অনেকে ভাল নাপাবও পাৰে। ইয়াৰ Infinity-V ডিছপ্লেটোৰ বাবে কিছু নম্বৰ ইয়াক দিব পাৰি, কিন্তু HONOR 8X-ৰ প্ৰায় বৰ্ডাৰবিহীন ডিজাইনটো কোনোপধ্যেই কম বুলি ক’ব নোৱাৰি। গতিকে এক শ্বাৰ্প আৰু ভাইব্ৰেন্ট ডিছপ্লেৰ বাবে HONOR 8X টো অধিক কাম্য, যিটো M20তকৈ অধিক ফিউছাৰিষ্টিক যেন লাগে! আৰু ফিউছাৰৰ কথা আমি সকলোৱে ভবা উচিত, নহয় নে?

ডিছপ্লে’

স্ক্ৰীণৰ ক্ষেত্ৰত HONOR 8X ইতিমধ্যেই এখাপ ওপৰত, যিহেতু ইয়াত আছে 16.51 cm (6.5-inch) সম্পূৰ্ণ HD+ 1080 x 2340 পিক্সেলৰ ৰিজল্যুশ্যন, আনহাতে Samsung M20ত আছে এক সৰু ডিছপ্লে 16 cm (6.3-inch) সম্পূৰ্ণ HD+ আৰু 1080 x 2340 পিক্সেলৰ ৰিজল্যুশ্যন। গতিকে, HONOR 8X গেম খেলা বা ভিডিঅ’ চোৱাকে আদি কৰি আপোনাৰ বাবে এক নিখুঁত স্মাৰ্টফোন হ’ব। যদিও দুয়োটা ফোনতে ফিংগাৰপ্ৰিন্ট স্কেনাৰ আছে, HONOR 8X ত এক দ্ৰুতবেগী আৰু চমকপ্ৰদ ফেচ আনলক আছে, যিটো হৈছে এক ইতিবাচক দিশ।

পাৰফৰ্মেন্স

দুয়োটা স্মাৰ্টহোনতে আছে Android 8.1 (Oreo) OS, যিটো Android 9 (Pie)লৈ আপগ্ৰেড কৰিব পাৰি|
HONOR 8X ক শক্তিশালী কৰি তুলিছে HiSilicon Kirin 710 SoC chipset, লগতে octa-core 2.2 GHz 12 nm Cortex A73 জেনেৰেশ্যন ভিত্তিক SoC আৰু আছে 4GB/ 6GB RAM আৰু 64GB/ 128 GB ইন্টাৰনেল ষ্ট’ৰেজ। অন্যহাতে, Samsung M20 ক শক্তিশালী কৰিছে 1.8GHz octa-core Exynos 7904 প্ৰছেছৰে আৰু আছে 3GB RAM আৰু 32GB ইন্টাৰ্নেল মেম’ৰী।

HONOR 8X ত অতিৰিক্তভাৱে আছে GPU Turbo 3.0, য়ি আপোনাক প্ৰদান কৰে অধিক উত্তম পাৰফৰ্মেন্স, নিৰন্তৰ গেমিং কৰাৰ সুবিধা আৰু বঢ়িয়া বেটেৰীৰ ব্যৱস্থাপনা। আমি দুয়োটা ফোনতে PUBG, Fifa মোবাইল আৰু Asphalt 9 খেলি চাইছিলোঁ, এতেকে, আমি ক’ব পাৰোঁ যে গেমিঙৰ ফালৰ পৰা চাবলৈ হ’লে HONOR 8X হৈছে উত্তম নিৰ্বাচন। চমুকৈ ক’বলৈ হ’লে HONOR 8X হৈছে পাৰফৰ্মেন্সৰ ক্ষেত্ৰত Samsung M20তকৈ কেইবাগুণ আগৰণুৱা।

কেমেৰা
HONOR 8X ত আছে Huawei-ৰ স্মাৰ্টফোনৰ ৰেঞ্জৰ ভিতৰত এক সৰ্বোত্তম কেমেৰা। ডুৱেল ৰিয়েৰ 20MP/2MP কেমেৰাৰে সজ্জিত হৈ ই এক নিখুঁত শ্বট প্ৰদান কৰে, যেতিয়া AI ম’ড আৰু এপাৰচাৰকন পূৰ্ণ ৰূপত ব্যৱহাৰ কৰা হয়। এই কেমেৰাটো 4k শ্বুটিং উপলব্ধ নাথাকিলেও পৰিষ্কাৰ আৰু শ্বাৰ্প ফটো বা ভিডিঅ’ তুলিব পৰাকৈ শক্তিশালী। যিহেতু HONOR য়ে তেওঁলোকৰ ছেলফি কেমেৰাত অতিশয় গুৰুত্ব প্ৰদান কৰে, এইটো সঁচাকৈয়ে অনন্যভাৱে সুন্দৰ কেমেৰা| হয়, HONOR 8X ত আছে 16MP ছেলফি কেমেৰা যিটোত অটোফকাছ আৰু জটিল খুঁটিনাটি আপগ্ৰেড কৰা হৈছে। ইমান সস্তা মূল্যৰ হোৱাৰ পাছতো এই ফোনটোত উত্তম কেমেৰাৰ বিশেষত্বসমূহ আছে।

HONOR 8X ৰ কেমেৰাৰ সুবিধাবোৰৰ লগত তুলনা কৰিবলৈ গ’লে Samsung M20 টো সিমান এক লেখত ল’বলগীয়া নহয়| ইয়াত আছে এক ডুৱেল লেন্স ৰিয়েৰ কেমেৰা, 13MP প্ৰাইমেৰী ছেন্সৰ f/1.9 এপাৰছাৰৰ সৈতে আৰু 5MP ৰ ছেকেণ্ডাৰী ছেন্সৰ f/2.2 এপাৰছাৰৰ সৈতে। ইয়াৰ এক 120-ডিগ্ৰী বহল কোণৰ লেন্সো আছে। 8M ছেলফি কেমেৰাটোৱে খুঁটিনাটিসমূহ ভালদৰে ধৰি ৰাখিব নোৱাৰে আৰু অনেক বস্তু বাদ পৰি যায়। আপুনি যদি কেমেৰাৰ কাৰণে স্মাৰ্টফোন কিনা গ্ৰাহক, তেন্তে আপুনি HONOR 8X চয়ন কৰাতোৱেই শ্ৰেয়।

বেটেৰী

HONOR 8X ত আছে এটা 3,750mAh বেটেৰী আৰু Samsung M20 ত আছে এটা 4,000mAh বেটেৰী। আচৰিত হ’বলগীয়া কথা যে ছেমছাঙৰ 4,000mAH ৰ সতে তুলনা কৰিলে HONOR 8X টোৱেও সমানেই পাৰফৰ্মেন্স প্ৰদান কৰে। আমি ক’ব পাৰোঁ যে এইয়া সম্ভৱ HONOR ৰ কাষ্টম OS EMUI 9.1 আৰু GPU 3.0 ৰ বাবে, যিটোৱে এক উত্তম বেটেৰী ব্যৱস্থাপনা আনি দিয়ে। গতিকে, যদি আপুনি সংখ্যাৰ দিশৰ পৰা চায়, তেন্তে Samsung M20 হৈছে বিজয়ী, কিন্তু প্ৰকৃত পাৰফৰ্মেন্সৰ দিশৰ পৰা আমি দুয়োটা সমান পালোঁ|

মূল্য

ফেষ্টিভ ছেলৰ সময়ত HONOR 8X ৰ মূল্য হ’ব 4+64GB ভেৰিয়েন্টৰ বাবে INR 9,999, 6+64GB ভেৰিয়েন্টৰ বাবে INR 10,999, 6+128GB ভেৰিয়েন্টৰ বাবে INR 11,999 আৰু Samsung M20 উপলব্ধ হ’ব INR 9,990 ত 4GB ভেৰিয়েন্টৰ বাবে।

তেন্তে সিদ্ধান্ত কি হ’ব লাগে?

এতিয়া, যদিও Samsung M20 আৰু HONOR 8X 4GB ভেৰিয়েন্টৰ মূল্য একেই, Samsung M20 ত অনন্য পেকেজসমূহ নাই আৰু HONOR 8X ফোনটোৱে অধিক উত্তম কেমেৰাৰ মান, গঠন আৰু পাৰফৰ্মেন্স প্ৰদান কৰে। HONOR 8X টো কেৱল দেখিবলৈ বা অনুভৱ কৰিবলৈয়েই ভাল নহয়, ই আপোনাক মূল্য অনুসৰি এক সৰ্বোত্তম অভিজ্ঞতাও প্ৰদান কৰে । এইটো হৈছে এক সুন্দৰ ফোন অনেক আকৰ্ষণীয় ফীছাৰৰ সৈতে, যাক বাদ দিব পৰা নাযায়। সাৰাংশ হৈছে যে HONOR 8X ফোনে আপোনাৰ কষ্টোপাৰ্জিত ধনৰ উচিত মূল্য প্ৰদান কৰে।

Amazon ত এই ফোনটো ক্ৰয় কৰিব পাৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি