মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »ড্ৰাগছ কাণ্ডত জামিন পালে কমেডী কুইন ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়াই

ড্ৰাগছ কাণ্ডত জামিন পালে কমেডী কুইন ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়াই

সোমবাৰে এনডিপিএছৰ বিশেষ আদালতে দুয়োৰে জামিন আবেদন মঞ্জুৰ কৰে।

সোমবাৰে এনডিপিএছৰ বিশেষ আদালতে দুয়োৰে জামিন আবেদন মঞ্জুৰ কৰে।

সোমবাৰে এনডিপিএছৰ বিশেষ আদালতে দুয়োৰে জামিন আবেদন মঞ্জুৰ কৰে।

  • Share this:
ড্ৰাগছ কাণ্ডৰ গোচৰত জামিন লাভ কৰিলে কমেডিয়ান ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়াই। বিশেষ এনডিপিএছ আদালতে মঞ্জুৰ কৰিছে তেওঁলোকৰ জামিন। জনপ্ৰিয় কনেডিয়ান ভাৰতীৰ ঘৰৰ পৰা গাঞ্জা উদ্ধাৰৰ পিছতে এনচিবিয়ে ভাৰতীক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল স্বামী হৰ্ষকো।

গোচৰৰ শুনানি চলাৰ সময়ত ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াক ১৪ দিনৰ অৰ্থাৎ ৪ ডিচেম্বৰ পৰ্যন্ত জে’ল হাজোতলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে বিচাৰকে। সোমবাৰে এনডিপিএছৰ বিশেষ আদালতে দুয়োৰে জামিন আবেদন মঞ্জুৰ কৰে।

ভাৰতী আৰু হৰ্ষক গ্ৰেপ্তাৰৰ পিছৰে পৰা বহু কমেডিয়ানে এই বিষয়ত মতামত দিয়া আৰম্ভ কৰে। এই সন্দৰ্ভত ৰাজু শ্ৰীবাস্তৱৰপিছত এইবাৰ মন্তব্য কৰিছে জনী লিভাৰেও। জনি লিভাৰে সঞ্জয় দত্তৰ উদাহৰণ দি তেওঁলোকক দুয়োকে ভুল স্বীকাৰ কৰাৰ পৰামৰ্শ দিয়ে। জনি লিভাৰে কয় – ‘দুয়োজনেই জে’লৰ পৰা ওলাই অহাৰ পিছত বন্ধুবৰ্গৰ সৈতে আলোচনা কৰা উচিত আৰু তেওঁলোকক সকলোকে মাদক দ্ৰব্য সেৱন নকৰাৰ পৰামৰ্শ দিয়া উচিত।

ড্ৰাগছ কাণ্ডৰ গোচৰত আদালতত হৰ্ষক নিজৰ জিম্মাত বিচাৰি আবেদন জনাইছিল এনচিবিয়ে। কিন্তু ভাৰতীক ন্যায়িক জিম্মাত বিচৰা হৈছিল। পিছত আদলতে দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। বৰ্তমান দুয়ো জামিন লাভ কৰিছে।

শেহতীয়া বাতৰি