হিমাচলৰ ধৰ্মশালাত বাৰিষা(Monsoon)ৰ এক ৰুক্ষ ৰূপ দেখা গৈছে। সোমবাৰে ৰাতিপুৱা ভাগচুৰ পৰ্যটন ক্ষেত্ৰত ডাৱৰ বিস্ফোৰণৰ (Cloud Burst) ফলত এক আকস্মিক বানপানীৰ সৃষ্টি হৈছিল। সোনকালেই এটা সৰু নলা নদীৰ ৰূপ লৈছিল। বানপানীৰে ভাগচুৰ নলা উপচি পৰিছিল। এই নলাটো উপচি পৰাৰ ফলত কেইবাখনো বিলাসী বাহন পানীৰ তীব্ৰ প্ৰবাহত উটি যায়।
এই নলাটোৰ লগত দুয়োফালে বহুতো হোটেল আছে। ডাৱৰ বিস্ফোৰণৰ ফলত এই হোটেলবোৰো ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, নদী আৰু নলাবোৰত ডাৱৰ বিস্ফোৰণ আৰু ঢল অহীৰ ফলত স্থানীয় লোকসকল ক্ষতিগ্ৰস্ত হৈছে। এই মুহূৰ্তত ভাগচুত বিশৃংখল পৰিৱেশ বিৰাজ কৰিছে। ঘটনাস্থলীৰ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ভিডিঅ'টোত স্পষ্টভাৱে দেখা যায় কেনেকৈ পানীৰ সোঁতে গাড়ী উটুৱাই লৈ গৈছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|