Class 4 student sings kanchaa badam song in front of teacher: বন্ধু আৰু শিক্ষয়িত্ৰীৰ সন্মুখত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই গালে কেঁচা বাদাম গীতটো। ভিডিও ভাইৰেল ছচিয়েল মিডিয়াত।
Class 4 student sings kanchaa badam song in front of teacher: বন্ধু আৰু শিক্ষয়িত্ৰীৰ সন্মুখত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই গালে কেঁচা বাদাম গীতটো। ভিডিও ভাইৰেল ছচিয়েল মিডিয়াত।
২ বছৰে কি শিকিলা? বিদ্যালয়ত শিক্ষয়িত্ৰীৰ প্ৰশ্ন শুনি 'কেঁচা বাদাম' গীত গালে ছাত্ৰ-ছাত্ৰীয়ে! সেই ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
কোৰোণা মহামাৰীৰ ফলত দুবছৰ ধৰি বন্ধ আছিল স্কুল-কলেজ, বিশ্ববিদ্যালয়ৰ লগতে সকলো ধৰণৰ শিক্ষানুষ্ঠান। মাজতে সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে স্কুল-কলেজ খোলা হৈছিল। কিন্তু পুনৰ সংক্ৰমণ বঢ়াৰ ফলত বন্ধ কৰা হয় শিক্ষানুষ্ঠান। দুবছৰ ধৰি বন্ধ হৈ আছে প্ৰাথমিক বিদ্যালয়।
তাৰ মাজতে এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ ভিডিও। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 'পাড়াৰ শিক্ষালয়' আৰম্ভ কৰিছে। ইয়াতে এগৰাকী শিক্ষয়িত্ৰীয়ে চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীক উদ্দেশ্যি প্ৰশ্ন কৰে- দুবছৰে কি কি শিকিলা? তেতিয়াই এগৰাকী আত্মবিশ্বাসী ছাত্ৰই থিয় হৈ গাই দিয়ে- কেঁচা বাদাম শীৰ্ষক ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা গীতটো। গীত শুনি স্বাভাৱিকতে অবাক হৈ পৰে শিক্ষয়িত্ৰীগৰাকীয়ে।
মাত্ৰ ১ মিনিটস ১০ ছেকেণ্ডৰ এই ভিডিও ছচিয়েল মিডিয়াত দুৰন্ত গতিত ভাইৰেল হৈ পৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|