Weather Alert: ৰাজস্থানৰ চুৰুই ভংগ কৰিলে ৰেকৰ্ড, তাপমাত্ৰা পালেগৈ ৫০.৮ ডিগ্ৰী ছেলচিয়াছ

উৎকট গৰমে দহিছে দেশবাসীক। ৰাজস্থানত এইবাৰৰ গৰমে ভংগ কৰিলে সকলো ৰেকৰ্ড। চুৰুত শনিবাৰে তাপমাত্ৰা পালেগৈ ৫০.৮ ডিগ্ৰী ছেলচিয়াছ

Dulu Medhi | news18assam
Updated:June 2, 2019, 8:47 AM IST
Weather Alert: ৰাজস্থানৰ চুৰুই ভংগ কৰিলে ৰেকৰ্ড, তাপমাত্ৰা পালেগৈ ৫০.৮ ডিগ্ৰী ছেলচিয়াছ
উৎকট গৰমে দহিছে দেশবাসীক। ৰাজস্থানত এইবাৰৰ গৰমে ভংগ কৰিলে সকলো ৰেকৰ্ড। চুৰুত শনিবাৰে তাপমাত্ৰা পালেগৈ ৫০.৮ ডিগ্ৰী ছেলচিয়াছ
Dulu Medhi | news18assam
Updated: June 2, 2019, 8:47 AM IST
উৎকট গৰমে দহিছে দেশবাসীক। ৰাজস্থানত এইবাৰৰ গৰমে ভংগ কৰিলে সকলো ৰেকৰ্ড। চুৰুত শনিবাৰে তাপমাত্ৰা পালেগৈ ৫০.৮ ডিগ্ৰী ছেলচিয়াছ। ঠাণ্ডাই হওক বা গৰমেই হওক সমানে প্ৰভাৱ পৰা চুৰুত এইবাৰ আৰম্ভণিতেই অধিক প্ৰভাৱ পৰিছে গৰমৰ। ২০১৬ৰ পিছত এইবাৰ সৰ্বাধিক তাপমাত্ৰা হ’লগৈ ৫০.৮ ডিগ্ৰী ছেলচিয়াছ।

শুকুৰবাৰে শ্ৰীগংগানগৰত ভংগ হৈছিল ৭৫ বছৰৰ ৰেকৰ্ড
শ্ৰীগংগানগৰত শুকুৰবাৰে তাপমাত্ৰা চুইছিল ৪৯.৬ ডিগ্ৰী ছেলচিয়াছ। যদিও শনিবাৰৰ দিনটোত ০.৬ ডিগ্ৰীলৈ হ্ৰাস পাইছিল। বিয়লি ৫ বজালৈ তাপমাত্ৰা আছিল ৪৯ ডিগ্ৰী ছেলচিয়াছ।

২০১৬ত ৫০.২ ডিগ্ৰী ছেলচিয়াছলৈ বৃদ্ধি হৈছিল তাপমাত্ৰা
বতৰ বিজ্ঞান অনুসৰি চুৰুত বিগত ৪টা বছৰত তাপমাত্ৰা চালে ২০১৬ত হৈছিল ৫০.২ ডিগ্ৰী ছেলচিয়াছ। ২০১৭ত হৈছিল ৪৯.৭ ডিগ্ৰী ছেলচিয়াছ। ২০১৮ত হ্ৰাস পাইছিল ৪৭.৬ ডিগ্ৰী ছেলচিয়াছ। কিন্তু এইবাৰৰ তাপমাত্ৰা সকলো ৰেকৰ্ড ভংগ কৰি ৫০.৮ ডিগ্ৰী ছেলচিয়াছ পাইছেগৈ। প্ৰখৰ ৰদৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা পথসমূহত পানী ছটিওৱাৰ ব্যৱস্থা কৰি দিয়া হৈছিল।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি