“যৌন নিৰ্যাতন তথা হিংসাৰ” ভিডিঅ’ প্ৰচাৰ কৰা অনলাইন পৰ্ণ ছাইটৰ পৰা শিশুলৈ বিপদ! কেনেকৈ জানিব এই বিষয়ে?

News18 Assam | News18-Assam
Updated:April 6, 2021, 6:40 PM IST
“যৌন নিৰ্যাতন তথা হিংসাৰ” ভিডিঅ’  প্ৰচাৰ কৰা অনলাইন পৰ্ণ ছাইটৰ পৰা শিশুলৈ বিপদ! কেনেকৈ জানিব এই বিষয়ে?
Pornhub is under the scanner for alleged child abuse and monetizsation of violence against women | Image credit: Reuters

এটা অধ্যয়নত দেখা গৈছে যে শিশুসকলে পৰ্ণহাবৰ দৰে প্ৰাপ্তবয়স্ক ছাইটত হিংসাত্মক সমলৰ লগতে যৌন নিৰ্যাতনৰ ভিডিঅ' বিচাৰি পোৱাৰ সম্ভাৱনা থাকে ৷ যদিও তেওঁলোকক এনে কৰাত বাধা দিয়াৰ প্ৰণালী আছে।

  • Share this:
ডাৰহাম বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে পৰ্ণহাবকে ধৰি বহুতো প্ৰাপ্তবয়স্ক ছাইটে শিশুসকলক বয়সৰ কোনো পৰীক্ষা নকৰাকৈয়ে যৌন হিংসা আৰু নিৰ্যাতনৰ দৰে কিছু যৌন ভিডিঅ' দেখুৱায় । বহু মানুহে পোনপটীয়াকৈ এনেধৰণৰ ৱেবচাইটৰ পেজলৈ গৈছিল য’ত তেওঁলোকে এনেধৰণৰ কাৰ্যৰ ভিডিঅ' ভৰি থকা দেখিবলৈ পাইছিল।

Mirrorৰ এক প্ৰতিবেদন অনুসৰি, এই গৱেষণা হৈছে এনে ধৰণৰ সৰ্ববৃহৎ অধ্যয়নবোৰৰ ভিতৰত এটা । গৱেষকসকলে পৰ্ণহাব(Pornhub) আৰু এক্সভিডিঅ'ছ(Xvideos)ৰ হোমপেজত প্ৰায় ১,৩১,৭৩৮ টা ভিডিঅ' বিবেচনা কৰিছিল । ইয়াৰ প্ৰতিবেদনত লাভ কৰা গৈছে যে হোমপেজত থকা ৮ টা ভিডিঅ'ৰ ভিতৰত ১ টা ভিডিঅ’তে যৌন হিংসাৰ কাৰ্য প্ৰদৰ্শন কৰা হৈছিল আৰু অসন্মতিপূৰ্ণ যেন লাগিছিল। কেৱল সেয়াই নহয়, বহু ভিডিঅ'ত এনে চৰিত্ৰ আছিল যিসকল নিচাযুক্ত বা অতি কম বয়সৰ আছিল ।লগতে ভিডিঅ'বোৰত গ্ৰোপড(Groped),বলপূৰ্বক যৌন সম্পৰ্ক(Forced Sex)'ৰ দৰে কী ৱৰ্ড(Keywords)ৰ সৈতে টেগ কৰা হৈছিল ৷ এই ভিডিঅ'সমূহত হিংসাত্মক কাৰ্যৰ পৰামৰ্শ দিয়া হৈছিল ।

ইপিনে অধ্যয়নটো সম্পাদন কৰা গৱেষকসকলে ২০১৭-১৮ বৰ্ষৰ ভিতৰত ৬ মাহৰ বাবে এই ৱেবছাইটবোৰৰ হোমপেজৰ প্ৰতি ঘণ্টাৰ স্ক্ৰীণশ্বট সংগ্ৰহ কৰিছিল ।

গৱেষণাটোৰ সহ-লেখক ডাৰহাম বিশ্ববিদ্যালয়ৰ অধ্যাপক ক্লেয়াৰ মেকগ্লিন কিউচিয়ে এই সম্পৰ্কে কৈছিল যে, প্ৰথম ব্যৱহাৰকাৰীসকলৰ বাবে এই প্ৰাপ্তবয়স্ক ৱেবছাইটবোৰে বাছনি কৰা সমলসমূহৰ বহু সমস্যা আছে । তেওঁ কৈছিল যে অধ্যয়নটোৰ ফলাফলবোৰে মূলসুঁতিৰ পৰ্ণ ৱেবছাইটবোৰত সহজে আৰু মুক্তভাৱে উপলব্ধ অপৰাধমূলক সমলৰ পৰিমাণৰ লগতে নিয়ামক প্ৰণালী আৰু ব্যৱহাৰত ইয়াৰ দক্ষতা সম্পৰ্কে ভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছিল ৷

এই গৱেষণাৰ অন্তত পৰ্ণহাব(Pornhub) আৰু এক্সভিডিঅ'(Xvideos)এ কয় যে তেওঁলোকৰ প্লেটফৰ্মত যৌন হিংসাৰ ভিডিঅ'বোৰ নিষিদ্ধ কৰা হৈছে । লগতে নিজকে প্ৰতিৰক্ষা প্ৰদান কৰিবলৈ গৈ পৰ্ণহাবে গৱেষণাটোত ব্যৱহৃত পদ্ধতিত ত্ৰুটিপূৰ্ণ বুলিহে উল্লেখ কৰে ৷ পৰ্ণ হাবৰ মতে এই গৱেষণাই সন্মতিপূৰ্ণ কিংক আৰু যৌন হিংসাৰ মাজত মৌলিক পাৰ্থক্য সৃষ্টি কৰাত ব্যৰ্থ হৈছে ।

আনহাতে এক্সভিডিঅ'(Xvideos)য়েও গৱেষণাৰ প্ৰতিবেদনৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে গৱেষণাৰ দাবীবোৰক অস্বীকাৰ কৰে । এক বিবৃতিত Xvideos প্লেটফৰ্মে কয়, "আমি অবৈধ সমল আপলোড কৰাটো নিষিদ্ধ কৰিছো, আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে সম্ভাৱ্য অবৈধ সমল আঁতৰ কৰো আৰু উপযুক্ত ক্ষেত্ৰত আইন প্ৰৱৰ্তনকাৰীৰ সৈতে কাম কৰো।"

ইয়াৰ বিপৰীতে আন বহু স্বতন্ত্ৰ প্ৰতিবেদনেও এই ৱেবচাইটসমূহৰ ভিডিঅ' ব্যৱহাৰৰ আৰ্হিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কিশোৰসহ বহুত যুৱক-যুৱতীয়ে দাবী কৰিছিল যে প্লেটফৰ্মত থকা এই ভিডিঅ'বোৰৰ বহুতেই বিচলিতে কৰে তেওঁলোকক ।
First published: April 6, 2021, 6:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি