মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video: এটি শিশুৰ নিষ্পাপ মনৰ আলফুলিয়া উৰণ, চৰাইৰ দৰে আকাশত উৰাৰ এই ভিডিঅ' দেখিলে আপুনিও বাঃ বাঃ বুলি ক'ব !

Viral Video: এটি শিশুৰ নিষ্পাপ মনৰ আলফুলিয়া উৰণ, চৰাইৰ দৰে আকাশত উৰাৰ এই ভিডিঅ' দেখিলে আপুনিও বাঃ বাঃ বুলি ক'ব !

Manjumoni Borah | News18-Assam
Updated:October 14, 2021, 4:54 PM IST
Viral Video: এটি শিশুৰ নিষ্পাপ মনৰ আলফুলিয়া উৰণ, চৰাইৰ দৰে আকাশত উৰাৰ এই ভিডিঅ' দেখিলে আপুনিও বাঃ বাঃ বুলি ক'ব !
উৰিবৰ চেষ্টা কৰিছে এটি শিশুৱে, ভাইৰেল হৈছে ভিডিঅ'

শিশুটোৱে যিদৰে উৰিবলৈ মন মেলিছিল আৰু পাখি বনাই পাতবোৰ চৰাইৰ দৰে উৰিছিল সেয়া আশ্চৰ্যজনক আছিল। ভিডিঅ'টো এতিয়ালৈকে টুইটাৰত হাজাৰ হাজাৰ বাৰ চোৱা হৈছে। 

  • Share this:
শিশুৰ নিষ্পাপ কথাবোৰে যিকোনো লোকৰ হৃদয় জয় কৰিব পাৰে। তেওঁলোকৰ দুষ্টামীৰে ভৰা কথা-কাণ্ডবোৰে সকলোৰে মুখত হাঁহি বিৰিঙায়। এটি শিশুৰ নিষ্পাপ কল্পনাৰে ভৰা এটা ভিডিঅ'(Viral Video on Social Media)ই বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ'টোত (Jugaad Flying Video) শিশুটিয়ে এনে এক কৌশলেৰে খেলিছে যে সকলোৰে এই শিশুটিলৈ মৰম লাগিব।

এই ভিডিঅ'টোৱে ছচিয়েল মিডিয়াত মানুহক আনন্দৰ খোৰাক দিছে। ভিডিঅ'টো আইএএছ অৱনীশ শৰণে তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা টুইটাৰত শ্বেয়াৰ কৰিছিল। তেওঁ ভিডিঅ'টোৰ এটা মৰমলগা শিৰোনাম দিছিল: 'আশা কৰোঁ, যি আপোনাক উৰিবলৈ উদ্যম প্ৰদান কৰে।' এই ভিডিঅ'টো চাওক আৰু তেওঁ কিয় এনেকৈ কৈছিল বুজি পাব–



এই ভিডিঅ'টো অৰুণাচল প্ৰদেশৰ এখন গাঁৱৰ। ইয়াত কেইজনমান লোকেক শুকান পাত আৰু অন্যান্য বস্তুৰে ঘৰৰ ছাল সাজি থকা দেখা গৈছে। এটি সৰু শিশুৱেও তেওঁলোকৰ মাজত খেলি আছে। খেলি থাকোতে দুটা শুকান তালপাত লৈ শিশুটিয়ে নিজৰ কল্পনা শক্তিৰে উৰিবলৈ আৰম্ভ কৰে। শিশুটোৱে দুয়োটা হাতত দুটা পাত পাখিৰ দৰে ধৰি লয় আৰু ঘৰটোৰ ছালৰ পৰা তললৈ জঁপিয়াই উৰিবলৈ চেষ্টা কৰে। শিশুটিৰ  এই নিৰ্দোষ ধেমালি দেখি সকলোৱে আনন্দত হাঁহিবলৈ আৰম্ভ কৰে। শিশুটিয়ে এনেদৰে কেইবাবাৰো উৰিবৰ চেষ্টা কৰে।

শিশুটোৱে যিদৰে উৰিবলৈ মন মেলিছিল আৰু পাখি বনাই পাতবোৰ চৰাইৰ দৰে উৰিছিল সেয়া আচৰিত আছিল। ভিডিঅ'টো এতিয়ালৈকে টুইটাৰত হাজাৰ হাজাৰলোকে চাইছে।
Published by: Manjumoni Borah
First published: October 14, 2021, 4:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি