১ এপ্ৰিলৰ পৰা অচল হৈ পৰিব এইসমূহ বেংকৰ পাছবুক আৰু চেকবুক

News18 Assam | News18-Assam
Updated:March 11, 2021, 4:54 PM IST
১ এপ্ৰিলৰ পৰা অচল হৈ পৰিব এইসমূহ বেংকৰ পাছবুক আৰু চেকবুক
এইবোৰ হৈছে সেইসমূহ বেংক যিবোৰ ১ এপ্ৰিল ২০১৯ আৰু ১ এপ্ৰিল ২০২০ৰ ভিতৰত আন বেংকৰ সৈতে একত্ৰিত কৰা হৈছে।

এইবোৰ হৈছে সেইসমূহ বেংক যিবোৰ ১ এপ্ৰিল ২০১৯ আৰু ১ এপ্ৰিল ২০২০ৰ ভিতৰত আন বেংকৰ সৈতে একত্ৰিত কৰা হৈছে।

  • Share this:
আপোনাৰ ওচৰত পুৰণি পাছবুক আৰু চেকবুক আছে নেকি? তেনেহ’লে সোনকালে নতুন পাছবুক আৰু চেকবুকৰ কাৰণে আবেদন কৰক। কিয়নো ১ এপ্ৰিল ২০২১ তাৰিখৰ পৰা কিছুসংখ্যক বেংকৰ চেকবুক আৰু পাছবুক অবৈধ হৈ পৰিব। এইবোৰ হৈছে সেইসমূহ বেংক যিবোৰ ১ এপ্ৰিল ২০১৯ আৰু ১ এপ্ৰিল ২০২০ৰ ভিতৰত আন বেংকৰ সৈতে একত্ৰিত কৰা হৈছে। এই বেংকসমূহ হৈছে ডেনা বেংক, বিজয়া বেংক, কৰ্পোৰেচন বেংক, অন্ধ্ৰ বেংক, অৰিয়েণ্টেল বেংক অফ কমাৰ্চ, ইউনাইটেড বেংক আৰু এলাহাবাদ বেংক।

১ এপ্ৰিল ২০১৯ৰ পৰা কাৰ্যকৰী হোৱা ডেনা আৰু বিজয়া বেংকক বেংক অৱ বৰোদাৰ সৈতে একত্ৰিত কৰা হৈছিল। আনহাতে, অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়াক পঞ্জাব নেচনেল বেংকৰ সৈতে একত্ৰিত কৰা হৈছিল। কেনাৰা বেংকৰ ছিণ্ডিকেট বেংকৰ সৈতে, অন্ধ্ৰ বেংক আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ কৰ্পোৰেচন বেংকৰ লগত আৰু এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰিত কৰা হৈছিল।

অন্যান্য বেংকৰ সৈতে একত্ৰিত বেংকসমূহৰ, আইএফএছচি, এমআইচিআৰ কোড, শাখাৰ ঠিকনা, চেকবুক, পাছবুক আদিৰ গ্ৰাহকৰ একাউণ্ট নম্বৰ সলনি হয়। অ’বিচি, ইউনাইটেড বেংক অৱ ইণ্ডিয়া, বিজয়া বেংক আৰু দেনা বেংকৰ বৰ্তমানৰ চেকবুক কেৱল ৩১ মাৰ্চ ২০২১ লৈকেহে বৈধ থাকিব বুলি ইতিমধ্যে পাঞ্জাব নেচনেল বেংক আৰু বেংক অৱ বৰোদাই জনাইছে। একেদৰে, অন্যান্য একত্ৰিত বেংকৰ গ্ৰাহকসকলেও কেৱল বৰ্তমানৰ চেকবুক, পাছবুকেৰে ৩১ মাৰ্চলৈকে কাম কৰিবলৈ সক্ষম হ'ব। উল্লেখযোগ্য যে নতুন চেকবুক আৰু পাছবুক ১ এপ্ৰিলৰ পৰা বৈধ হ'ব।

অৱশ্যে, ছিণ্ডিকেট বেংকৰ ক্ষেত্ৰত, কেনাৰা বেংকে জনাইছে যে ছিণ্ডিকেট বেংকৰ বৰ্তমান চেকবুক ৩০ জুন ২০২১ লৈকে বৈধ থাকিব। যদি আপুনি একত্ৰিত বেংকৰ গ্ৰাহক হয়, তেন্তে ভৱিষ্যতে কোনো অসুবিধাৰ সন্মুখীন নহ’বলৈ আৰু আপুনি এছএমএছ বা ই–মেইলৰ জৰিয়তে প্ৰয়োজনীয় তথ্য লাভ কৰিবলৈ অতি সোনকালে ম'বাইল নম্বৰ, ঠিকনা, মনোনীত ব্যক্তি আদিৰ দৰে বিৱৰণ আপডেট কৰক।

ইয়াৰ উপৰিও নতুন চেকবুক আৰু পাছবুক পোৱাৰ পিছত বিভিন্ন বিত্তীয় ব্যৱস্থাত ৰেকৰ্ড কৰা আপোনাৰ বেংকিং বিৱৰণ আপডেট কৰিবলৈ নাপাহৰিব। যেনে মিউচুৱেল ফাণ্ড, ট্ৰেডিং একাউণ্ট, জীৱন বীমা আঁচনি, আয়কৰ একাউণ্ট, এফডি/আৰডি, পিএফ একাউণ্ট আৰু বেংক একাউণ্ট আপডেট প্ৰয়োজন হোৱা আন বহুতো স্থান আপডেট কৰাটো গুৰুত্বপূৰ্ণ।
Published by: Sanjay Kumar Das
First published: March 11, 2021, 4:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি