চাকৰি কৰি থকা লোকসকলো প্ৰায়েই তেওঁলোকৰ PF ধনৰ বিষয়ে জানিবলৈ আগ্ৰহী হোৱা দেখিবলৈ পোৱা যায় । এতিয়া PFৰ ধনৰ বিষয়ে জনাটো অতি সহজ হৈ পৰিছে । এতিয়ালৈকে অনলাইন বেলেন্স পৰীক্ষা আৰু পাছবুক ডাউনলোড কৰাৰ সুবিধা আছিল যদিও সম্প্ৰতি EPFOয়ে ইয়াক উন্নত কৰাৰ বাবে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি আছে । যাৰ জৰিয়তে এতিয়া আপুনি আপোনাৰ PF একাউণ্টৰ বেলেন্স মাত্ৰ এটা SMSৰ জৰিয়তেই নিশ্চিত কৰিব পাৰিব । অৱশ্যে, এই সুবিধাটো প্ৰাপ্ত কৰিবলৈ কৰ্মচাৰীগৰাকী তেওঁৰ ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (UAN) জানিব লাগিব। লগতে একাউন্টৰ গৰাকীয়ে নিজৰ পঞ্জীভুক্ত ম'বাইল নম্বৰৰ পৰা এছএমএছ প্ৰেৰণ কৰিব লাগিব । সেয়েহে PFএকাউন্ট বেলেন্স পৰীক্ষা কৰিবলৈ আপুনিও জানি লওক এই ৪টা পদ্ধতি -
১. এটা SMSৰ জৰিয়তে আপুনি আপোনাৰ PF একাউণ্টৰ বেলেন্স জানিব পাৰিব -
যদি আপোনাৰ ইউনিভাৰ্চেল একাউন্ট নম্বৰ (UAN) EPFOৰ সৈতে পঞ্জীয়ন কৰা আছে, তেন্তে আপোনাৰ শেহতীয়া অৱদান আৰু PF বেলেন্সৰ বিষয়ে এটা SMSৰ জৰিয়তে পোৱা যাব। ইয়াৰ বাবে আপুনি 7738299899 লৈ EPFOHO UAN লিখি পঠিয়াব লাগিব। যদি আপোনাক হিন্দীত তথ্যৰ প্ৰয়োজন হয়, আপুনি EPFOHO UAN HIN লিখি প্ৰেৰণ কৰিব পাৰে। এই সেৱা ইংৰাজী, পাঞ্জাৱী, মাৰাঠী, হিন্দী, কানাড়া, তেলেগু, তামিল, মালায়ালম আৰু বঙালী ভাষাত উপলব্ধ। EPFOয়ে নিজৰ ওচৰত থকা সদস্যসকলৰ তথ্য আপোনালৈ প্ৰেৰণ কৰে।
২. ইপিএফঅ' (EPFO)ৰ ৱেবছাইট : EPFOৰ ৱেবচাইট epfindia.gov.inত গৈ ই-পাছবুকত ক্লিক কৰক। ই-পাছবুকত ক্লিক কৰিলে passbook.epfindia.gov.in এটা নতুন পেজ দেখিব । ইয়াত আপুনি ব্যৱহাৰকাৰী নাম (UAN নম্বৰ), পাছৱৰ্ড আৰু কেপচা পূৰণ কৰিব লাগিব। সকলো বিৱৰণ পূৰণ কৰাৰ পিছত, আপুনি এটা নতুন পৃষ্ঠালৈ আহিব আৰু ইয়াত সদস্য আইডি বাছনি কৰিব। ইয়াত আপুনি ই-পাছবুকত আপোনাৰ EPF বেলেন্স দেখা পাব।
৩. ইপিএফঅ'(EPFO) এপৰ জৰিয়তে: আপোনাৰ উমাং এপ খোলক (Unified Mobile Application for New age Governance) আৰু EPFOত ক্লিক কৰক। আপুনি কৰ্মচাৰী কেন্দ্ৰিক সেৱা (employee centric services)ৰ আন এটা পৃষ্ঠাত ক্লিক কৰিব লাগিব। ইয়াত View Passbook ত ক্লিক কৰক আৰু আপোনাৰ UAN নম্বৰ আৰু পাছৱৰ্ড (OTP) নম্বৰ প্ৰবিষ্ট কৰক। আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰত OTP আপোনাৰ ওচৰলৈ আহিব। আপুনি তাৰ পিছত আপোনাৰ PF বেলেন্স পৰীক্ষা কৰিব পাৰে।
৪. মিছড কলৰ জৰিয়তে: যদি আপুনি ইউএএন (UAN) পৰ্টেলত পঞ্জীয়ন হৈ আছে তেন্তে আপুনি 011 22901406 নম্বৰত আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰৰ পৰা এটা মিছকল দিব পাৰে । ইয়াৰ পিছত EPFOৰ পৰা এটা বাৰ্তা আহিব, য'ত আপুনি আপোনাৰ PF একাউণ্টৰ বিৱৰণ লাভ কৰিব । ইয়াতো, অৱশ্যে, বেংক একাউণ্ট, পেন আৰু আধাৰ, ইউএএন (UAN)ৰ সৈতে লিংক হোৱাটো গুৰুত্বপূৰ্ণ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|