মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»এলাৰ্ট জাৰি কৰিলে UIDAI-এ, আপোনাৰ আধাৰ কাৰ্ড খন ভুৱা নহয়টো? পৰীক্ষা কৰক...

এলাৰ্ট জাৰি কৰিলে UIDAI-এ, আপোনাৰ আধাৰ কাৰ্ড খন ভুৱা নহয়টো? পৰীক্ষা কৰক...

News18 Assam | News18-Assam
Updated:August 23, 2021, 10:57 AM IST
এলাৰ্ট জাৰি কৰিলে UIDAI-এ, আপোনাৰ আধাৰ কাৰ্ড খন ভুৱা নহয়টো? পৰীক্ষা কৰক...
জানি লওক কিদৰে আপোনাৰ আধাৰ কাৰ্ডখন পৰীক্ষা কৰিব?

জানি লওক কিদৰে আপোনাৰ আধাৰ কাৰ্ডখন পৰীক্ষা কৰিব?

  • Share this:
বৰ্তমান দেশৰ সকলো নাগৰিকৰ বাবে আধাৰ কাৰ্ড এক অত্যন্ত জৰুৰী ডকুমেণ্ট। পাকঘৰৰ গেছৰ কানেকশ্যনৰ পৰা বেংক একাউণ্টলৈকে আধাৰ কাৰ্ড থকাতো বাধ্যতামূলক। কেৱল ইমানেই নহয়, চৰকৰী আঁচনিৰ সুবিধা লোৱাৰ বাবেও আধাৰ কাৰ্ডৰ নম্বৰ লাগে। পিছে আপোনাৰ আধাৰ কাৰ্ডখন ভুৱা নহয়টো...! এই কথা জানি থোৱাও জৰুৰী। আধাৰ কাৰ্ডৰ গুৰুত্ব যিমানেই বাঢ়ি গৈ আছে, সিমানেই এচাম দুষ্ট চক্ৰই ভুৱা আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহটো নামি পৰিছে। সম্প্ৰতি UIDAIৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে।

UIDAIৰ টুইটত জনোৱা হৈছে যে, আপোনাৰ আধাৰ নম্বৰ আচল নে ভুৱা সেয়া অতি সহজেই জানিব পাৰিব। তাৰ বাবে আপুনি যাব লাগিব UIDAIৰ ৱেবচাইটলৈ।

কিদৰে পৰীক্ষ কৰিব আপোনাৰ আধাৰকাৰ্ডখনঃ


  • সৰ্ব প্ৰথমে https://resident.uidai.gov.in/verify লিংকত যাব লাগিব।

  • ক্লীক কৰিলে এটা নতুন পেজ খোল খাব।

  • এটা টেক্সট বক্স দেখিব। আৰু সেই ঠইত নিজৰ আধাৰ নম্বৰ এণ্টাৰ কৰক।


  • আধাৰ কাৰ্ডৰ নম্বৰ দিয়াৰ পিছত কেপচা কোড দিব লাগিব।

  • ভেৰিফাই অপশ্যনত ক্লীক কৰক।

  • আপোনাৰ আধাৰ নম্বৰ সঠিক হ'লে এটা নতুন পেজ খোল খাব। আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ এটা মেছেজ আহিব।

  • ইয়াৰ লগতে আপোনাৰ বয়স, লিংগ আৰু ৰাজ্যৰ নাম দেখিব।

  • এনেদৰে পৰীক্ষা কৰিব পাৰিব, আপোনাৰ আধাৰ কাৰ্ড সঠিক নে জাল।


আধাৰ কাৰ্ড সংক্ৰান্তীয় সমস্যা থাকিলে ১৯৪৭ টোল ফ্ৰী নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব।
Published by: Himangshu Bhuyan
First published: August 23, 2021, 10:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি