মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »LPG Subsidyৰ টকা পাই আছেনে? কেনেকৈ জানিব এই কথা জানি লওক

LPG Subsidyৰ টকা পাই আছেনে? কেনেকৈ জানিব এই কথা জানি লওক

ৰাজসাহায্য নোপোৱাৰ ডাঙৰ কাৰণ হৈছে এলপিজি আইডিৰ সৈতে বেংক একাউণ্ট নম্বৰ লিং নকৰা।

ৰাজসাহায্য নোপোৱাৰ ডাঙৰ কাৰণ হৈছে এলপিজি আইডিৰ সৈতে বেংক একাউণ্ট নম্বৰ লিং নকৰা।

  • Share this:
ধাৰাবাহিকভাৱে দাম বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। কিন্তু কেন্দ্ৰৰ ফালৰ পৰা ৰন্ধন গেছৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰা হয়। ৰাজসাহায্যৰ টকা চৰকাৰী গ্ৰাহকসকলৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া হয়। কিন্তু ইয়াৰ বাবে সৰ্বপ্ৰথমে আপুনি ৰাজসাহায্যৰ আওতাত পৰিনে নাই সেয়া জানিব লাগিব। যদি আপুনি ৰাজসাহায্যৰ আওতাত পৰে তেন্তে আপোনাৰ একাউণ্টত সেই টকা সোমাইছে নে নাই সেয়া পৰীক্ষা কৰক। বেংক একাউণ্টত আধাৰ লিংক কৰা নাথাকিলে এই ধন নোসোমাব আপোনাৰ একাউণ্টত। সেয়ে পলম নকৰি শীঘ্ৰে আধাৰ লিংক কৰি লওক।

ৰাজসাহায্য নোপোৱাৰ ডাঙৰ কাৰণ

ৰাজসাহায্য নোপোৱাৰ ডাঙৰ কাৰণ হৈছে এলপিজি আইডিৰ সৈতে বেংক একাউণ্ট নম্বৰ লিং নকৰা। ইয়াৰ বাবে নিকটৱৰ্তী ডিষ্ট্ৰিবিউটৰৰ সৈতে যোগাযোগ কৰি নিজৰ অভিযোগ জনাব পাৰে। বিভিন্ন ৰাজ্যত এলপিজিৰ ছাবচিডি পৃথক পৃথক হয়। যিসকল লোকৰ বাৰ্ষিক আয় ১০ লাখ টকা বা তাতকৈ বেছি তেওঁলোক এই ৰাজসাহায্যৰ আওতাত নপৰে। ১০ লাখ টকাৰ আয় স্বামী আৰু স্ত্ৰী দুয়োৰে আয় মিলাই হিচাপ কৰা হয়।

ঘৰত বহিয়ে এইদৰে চেক কৰক ৰাজসাহায্য

১. প্ৰথমে www.mylpg.in ৱেবছাইটলৈ যাওক।

২. ইয়াৰ পিছত তিনিটা সংস্থাৰ ভিতৰত আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰক ছিলেক্ট কৰিব লাগিব।

৩. এইবাৰ এখন নতুন উইণ্ড’ খোল খাব। ইয়াত গেছ ছাৰ্ভিচ প্ৰভাইডাৰৰ তথ্য দিয়া থাকিব।

৪. সোঁফালে ছাইন ইন আৰু নিউ ইউজাৰৰ অপচনত ছিলেক্ট কৰিব লাগিব।

৫. আপোনাৰ আইডি থাকিলে ছাইন ইন কৰক বা নিউ ইউজাৰ ছিলেক্ট কৰিব লাগিব।

৬. ভিউ চিলিণ্ডাৰ বুকিং হিষ্ট্ৰীৰ অপচন ক্লিক কৰি ছিলেক্ট কৰক।

৭. ক্লিক কৰিলেই জানিব পাৰিব ছাবচিডিৰ টকাৰ বিষয়ে। ৰাজসাহায্যৰ টকা নাপালে 18002333555 টোল ফ্ৰী নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব।

শেহতীয়া বাতৰি