ৰাজধানী দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা, মুম্বাইত ১২০.৫১ টকা প্ৰতিলিটাৰত বিক্ৰী হৈছে।
ৰাজধানী দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা, মুম্বাইত ১২০.৫১ টকা প্ৰতিলিটাৰত বিক্ৰী হৈছে।
সোমবাৰে ইতিমধ্যে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে চৰকাৰী তেল কোম্পানীসমূহে। বিশ্ব বজাৰত অপৰিশোধিত দেলৰ দাম স্থিৰ থকা বাবে আজি পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই।
ইয়াৰ পূৰ্বে তেল কোম্পানীসমূহে শেষবাৰ ৬ এপ্ৰিলত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছিল। ইয়াৰ পিছত প্ৰায় ২০ দিন তেলৰ দামৰ কোনো সলনি হোৱা নাই। দেশৰ চাৰিখন মহানগৰসহ আন চহৰসমূহত তেলৰ দাম স্থিৰ হৈ আছে।
ৰাজধানী দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা, মুম্বাইত ১২০.৫১ টকা প্ৰতিলিটাৰত বিক্ৰী হৈছে। ডিলাৰসমূহৰ মতে, এতিয়াও গ্ল’বেল মাৰ্কেটত অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ১০৬ ডলাৰৰ আশে–পাশে আছে। অপৰিশোধিত তেলৰ দাম বাঢ়িলে দেশৰ বজাৰত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধিৰ আশংকা আছে।
দেশৰ ৫খন মহানগৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম
দিল্লী – পেট্ৰ’ল ১০৫.৪১ টকা, ডিজেল ৯৬.৬৭ টকা
মুম্বাই – পেট্ৰ’ল ১২০.৫১ টকা, ডিজেল ১০৪.৭৭ টকা
চেন্নাই – পেট্ৰ’ল ১১০.৮৫ টকা, ডিজেল ১০০.৯৪ টকা
কলকাতা – পেট্ৰ’ল ১১৫.১২ টকা, ডিজেল ৯৯.৮৩ টকা
গুৱাহাটী – পেট্ৰ’ল ১০৫.৮০ টকা, ডিজেল ৯১.৫৪ টকা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|