ভাৰতবৰ্ষৰ জংঘল বৰ মনোমোহা। কৰবেট, গিৰৰ পৰা কাজিৰঙাই হওক বা সুন্দৰবনৰ পৰা মানসেই হওক। সকলোৰে আছে বেলেগ বেলেগ বৈশিষ্ট তথা আকৰ্ষণ। এই জংঘলক আৰু অধিক ৰহস্যময় আৰু ৰোমাঞ্চকৰ কৰি তুলিছে তাত থকা ৱাইল্ড লাইফে। বিশেষকৈ বাঘে। প্ৰতিবছৰে দেশ-বিদেশৰ বহু পৰ্যটকে ভাৰতৰ নানা অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানলৈ আহে কেৱল বাঘ চাবলৈ।
কিন্তু বাঘ দেখিবলৈ লাগিব ভাগ্য! কিছুমান পৰ্যটক বাৰে বাৰে হৈছে বাঘ দেখাৰ পৰা বঞ্চিত। কিন্তু একাংশৰ ভাগ্য ইমানেই ভাল যে, এবাৰতে দেখি গৈছে বাঘ।
সম্প্ৰতি এটা ভিডিও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। জংঘলৰ পৰা ওলাই আহি এখন গাঁৱত প্ৰৱেশ কৰিছে বনৰজাই। আৰু মুখামুখী হ'ল এজন বাইক চালকৰ। হঠাতে বাঘ দেখি চালকজনে একো পাৰ নাপালে। ৰখাই দিলে নিজৰ বাইক। আৰু সকলো ভগৱানৰ ওপৰতে এৰি দিলে! বাইকখনৰ একেবাৰে কাষলৈও যায় বাঘটো। কিন্তু ভাগ্য ভাল আছিল। লোকজনক একো আমনি নকৰাকৈ বাঘটোৱে একে জাপে কাষৰে ঘন হাবিৰ মাজলৈ সোমাই যায়।
এই ভিডিওটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এগৰাকী ফৰেষ্ট অফিচাৰে। আৰু লিখিছে- 'গাঁৱৰ ৰাস্তাৰ সহযাত্ৰী। ভাৰতত এনেকুৱাই হয়।'-এই ভিডিও দেখি বহুতেই অবাক হৈ পৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|