• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • 1st October Rules Change: আজিৰে পৰা বেংকিং, পেমেণ্ট চিষ্টেম আৰু শ্বেয়াৰ বজাৰ সহ এই ৭টা নিয়ম সলনি, জানক কেনেকৈ পৰিব প্ৰভাৱ?

1st October Rules Change: আজিৰে পৰা বেংকিং, পেমেণ্ট চিষ্টেম আৰু শ্বেয়াৰ বজাৰ সহ এই ৭টা নিয়ম সলনি, জানক কেনেকৈ পৰিব প্ৰভাৱ?

Changes from 1 Oct 2021- নতুনকৈ বলৱৎ হোৱা নিয়ম বা সাল–সলনি টকাৰ লেন–দেন আৰু শ্বেয়াৰ বজাৰৰ ট্ৰেডিঙৰ সৈতে জৰিত।

Changes from 1 Oct 2021- নতুনকৈ বলৱৎ হোৱা নিয়ম বা সাল–সলনি টকাৰ লেন–দেন আৰু শ্বেয়াৰ বজাৰৰ ট্ৰেডিঙৰ সৈতে জৰিত।

Changes from 1 Oct 2021- নতুনকৈ বলৱৎ হোৱা নিয়ম বা সাল–সলনি টকাৰ লেন–দেন আৰু শ্বেয়াৰ বজাৰৰ ট্ৰেডিঙৰ সৈতে জৰিত।

  • Share this:
নতুন দিল্লীঃ আজি অৰ্থাৎ মাহৰ প্ৰথম দিনোটৰ আৰম্ভনিতে কেতবোৰ নিয়মৰ সালসলনি হৈছে। জানক আপোনাৰ দৈনন্দিন জীৱনৰ ওপৰত ইয়াৰ পোণপটীয়া প্ৰভাৱ কেনেকৈ পৰিব।

এইকেইটা বেংকৰ চেকবুক অচলঃ আজিৰে পৰা অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ (OBC), ইউনাইটেড বেংক অৱ ইণ্ডিয়া (United Bank of India) আৰু এলাহাবাদ বেংক (Allahabad Bank)ৰ চেকবুক আৰু MICR কোড ইনভেলিড হৈ পৰিছে। উল্লেখ্য যে, এইকেইটা বেংকৰ আন বেংকৰ সৈতে বিলয় হৈছে। গতিকে পুৰণি চেক এতিয়াৰ পৰা নচলিব। একাউণ্ট হল্ডাৰৰ একাউণ্ট নম্বৰ, আইএফএচচি তথা এমআইচিআৰ কোডৰ পৰিৱৰ্তন হোৱাৰ কাৰণে ১ অক্টোবৰৰ পৰা পুৰণি চেক বেংকিং চিষ্টেমে খাৰিজ কৰিব।

আজি আকৌ বাঢ়িল চিলিণ্ডাৰৰ দামঃ  আজিৰে পৰা ৪৩ টকা বাঢ়িল কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম।



অট’ ডেবিটৰ নিয়ম সলনিঃ অক্টোবৰৰ প্ৰথম দিনটোৰ পৰা অট’ ডেবিটৰ নিয়ম সলনি হৈছে। ইয়াৰ অধীনত বেংক তথা অন্য বিত্তীয় সংস্থাই প্ৰতিবাৰ ৫০০০ টকাতকৈ অধিক ধনৰাশিৰ কিস্তি বা বিল পেমেণ্টৰ কাৰণে গ্ৰাহক বা ইউজাৰ্চৰ সন্মতি ল’ব লাগিব। ইয়াৰ পূৰ্বে এটা নিৰ্ধাৰিত তাৰিখত বেংক বা ম’বাইল ৱালেটে নিজে নিজেই আপোনাৰ একাউণ্টৰ পৰা টকা কাটি লৈছিল আৰু ইয়াৰ মেচেজ গ্ৰাহকে পাইছিল।

পেন্সনৰ নিয়ম সলনিঃ এতিয়া দেশৰ সকলো বয়োবৃদ্ধ পেন্সনভোগী যিসকলৰ বয়স ৮০ বা ততোধিক তেওঁলোকে দেশৰ সকলো মুখ্য কাৰ্যালয়ৰ লাইফ চাৰ্টিফিকেট কেন্দ্ৰত ডিজিটেল চাৰ্টিফিকেট জমা কৰিব পাৰিব। ইয়াৰ কাৰণে ৩০ নৱেম্বৰৰলৈকে সময় দিয়া হৈছে।

ব্যক্তিগত সুৰাৰ দোকান বন্ধঃ আজিৰে পৰা দিল্লীত সকলো প্ৰাইভেট সুৰাৰ দোকান বন্ধ। কেৱল চৰকাৰী সুৰাৰ দোকানতহে সুৰা ক্ৰয় কৰিব পাৰি‍ব। ডেপুটি মুখ্যমন্ত্ৰী মণীষ শিশোদিয়াই কৈছে যে নতুন আৱকাৰী নীতিৰ অধীনত ৰাজধানীক ৩২টা জ’নত ভগাই লাইচেন্স আৱণ্টন প্ৰক্ৰিয়া কৰা হৈছে আৰু এতিয়া ১৭ নৱেম্বৰৰ পৰা নতুন নীতিৰ অধীনতহে দোকান খুলিব।

বিনিয়োগ সম্বন্ধীয় নিয়মৰ সলনিঃ মাৰ্কেট ৰেগুলেটৰ চেবিয়ে (SEBI) এতিয়া মিউচুৱেল ফাণ্ড বিনিয়োগকাৰীৰ হিতৰ কাৰণে নতুন এটা নিয়ম বলৱৎ কৰিছে। এই নিয়ম আজিৰে পৰা বলৱৎ হ’ব। এই নিয়ম এচেট আণ্ডাৰ মেনেজমেণ্ট (AMC) অৰ্থাৎ মিউচুৱেল ফাণ্ড হাউচত কাম কৰা সকলো জুনিয়ৰ কৰ্মচাৰীৰ ক্ষেত্ৰত বলৱৎ হ’ব। এই নিয়মৰ অধীনত কোম্পানীৰ জুনিয়ৰ কৰ্মচাৰীসকলে নিজৰ দৰমহাৰ গ্ৰচ চেলাৰীৰ ১০ শতাংশ সেই কোম্পানীৰ মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগিব। এই পৰিমান ১ অক্টোবৰ ২০২৩লৈকে দৰমহাৰ ২০ শতাংশ হ’ব। এই বিনিয়োগত লক ইন পিৰিয়ডো থাকিব।

ডিমেট একাউণ্ট অচলঃ আপোনাৰ ডিমেট একাউণ্ট আজিৰে পৰা নচলে যদিহে আপুনি কেৱাইচি আপডেট কৰা নাই। চেবীয়ে ইয়াৰ কাৰণে ৩০জুলাইলৈকে সময় বান্ধি দিছিল যদিও এই সময় বৃদ্ধি কৰি ছেপ্তেম্বৰ কৰা হৈছে। ডিমেট একাউণ্ট অচল হ’লে শ্বেয়াৰ বজাৰত ট্ৰেডিং কৰিব নোৱাৰিব।
First published: