உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • SBIৰ নিয়মৰ পৰা ৰন্ধন গেছলৈ, ১ জুলাইৰ পৰা সলনি হ'ব এইসমূহ নিয়ম! যিয়ে পোনপটীয়া প্ৰভাৱ পেলাব আপোনাৰ পকেটত

    SBIৰ নিয়মৰ পৰা ৰন্ধন গেছলৈ, ১ জুলাইৰ পৰা সলনি হ'ব এইসমূহ নিয়ম! যিয়ে পোনপটীয়া প্ৰভাৱ পেলাব আপোনাৰ পকেটত

     সাধাৰণ মানুহৰ সৈতে জড়িত বহু নিয়ম ১ জুলাইৰ পৰা সলনি হ'ব, যিয়ে আপোনাৰ পকেট আৰু ঘৰুৱা বাজেটৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাব।

    সাধাৰণ মানুহৰ সৈতে জড়িত বহু নিয়ম ১ জুলাইৰ পৰা সলনি হ'ব, যিয়ে আপোনাৰ পকেট আৰু ঘৰুৱা বাজেটৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাব।

    সাধাৰণ মানুহৰ সৈতে জড়িত বহু নিয়ম ১ জুলাইৰ পৰা সলনি হ'ব, যিয়ে আপোনাৰ পকেট আৰু ঘৰুৱা বাজেটৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাব।

    • Share this:
    প্ৰতি মাহতেই কিছু নতুন নতুন পৰিৱৰ্তন দেখিবলৈ পোৱা যায়, যিবোৰ মাহটোৰ প্ৰথম দিনটোৰ পৰাই কাৰ্যকৰী হয়। আৰু এসপ্তাহ পিছতেই আমি বছৰটোৰ সপ্তম মাহ অৰ্থাৎ জুলাই মাহত প্ৰৱেশ কৰিম। ইয়াৰ লগে লগে নতুন মাহত প্ৰৱেশ কৰাৰ সময়তে সলনি হৈ পৰিব সাধাৰণ মানুহৰ সৈতে জড়িত কিছুমান নিয়ম। যিবোৰে পোনপটীয়া প্ৰভাৱ পেলাব আপোনাৰ পকেট আৰু ঘৰুৱা বাজেটৰ ওপৰত।

    যিহেতু প্ৰতি মাহৰ প্ৰথম দিনটোতে এলপিজি চিলিণ্ডাৰৰ মূল্য সলনি কৰা হয়। তেনেস্থলত গেছৰ মূল্যৰ লগতে জুলাই মাহৰ আৰম্ভণিতে সলনি হ'ব SBI বেংকৰ ATMৰ পৰা ধন উলিওৱা আৰু চেক সম্পৰ্কীয় নিয়মো। ১ জুলাইৰ পৰা কি কি নিয়ম সলনি হ'ব, জানি লওক আপুনিও -

    ১. ৰন্ধন গেছৰ মূল্য -
    নতুন এলপিজিৰ মূল্য ১ জুলাইত মুকলি কৰা হ'ব। তেল কোম্পানীবোৰে প্ৰতি মাহৰ প্ৰথম দিনটোত এলপিজিৰ মূল্য নিৰ্ধাৰণ কৰে। জুলাই মাহত কোম্পানীবোৰে এলপিজি আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰে নে হ্ৰাস কৰে সেয়াহে হ'ব লক্ষ্য়ণীয়।

    ২. SBIৰ নিয়মো সলনি কৰা হ'ব -
    দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক SBIয়ে ইয়াৰ ATMৰ পৰা ধন উলিওৱা, বেংকৰ শাখা আৰু চেকবুকৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি কৰিবলৈ গৈ আছে। এই নতুন নিয়মসমূহ আগন্তুক ১ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। SBI মৌলিক সঞ্চয় বেংক জমা একাউণ্ট (BSBD) ধাৰকসকলৰ বাবে প্ৰতিমাহে বিনামূলীয়াকৈ চাৰিবাৰ নগদ ধন উলিওৱা ব্যৱস্থা উপলব্ধ থাকিব - যাৰ ভিতৰত আছে ATM আৰু বেংক শাখা। বেংকে বিনামূলীয়া সীমাৰ পিছত প্ৰতিটো লেনদেনৰ ওপৰত ১৫ টকা আৰু GST আদায় কৰিব। নগদ ধন উলিওৱাৰ মাচুল গৃহ শাখা আৰু ATM আৰু অনা-SBI ATMৰ ওপৰত প্ৰযোজ্য হ'ব।

    ৩. চেক বুক মাচুল -

    - SBIৰ BSBD একাউণ্ট ধাৰকসকলে এটা বিত্তীয় বৰ্ষত ১০খন চেকৰ প্ৰতিলিপি লাভ কৰে। এতিয়া ১০খন চেকৰ সৈতে থকা চেকবুকত মাচুল পৰিশোধ কৰিব লাগিব। বেংকে ১০খন চেক কাৰ্ডৰ বাবে ৪০ টকা আৰু জিএছটি ল'ব।
    - ২৫খন চেক পৃষ্ঠাৰ বাবে বেংকে ৭৫টকা আৰু জিএছটি আদায় কৰিব।
    - জৰুৰীকালীন চেক বহীত ১০খন পৃষ্ঠাৰ বাবদ ৫০ টকা আৰু জিএছটি ল'ব বেংকে।
    - চেক বহীত জ্যেষ্ঠ নাগৰিকসকলক নতুন সেৱা মাচুলৰ পৰা ৰেহাই দিয়া হ'ব।

    ৪. আয়কৰ -
    যদি আপুনি এতিয়াও আয়কৰ ৰিটাৰ্ণ দাখিল কৰিবলৈ সক্ষম হোৱা নাই, তেন্তে ইয়াক যিমান সম্ভৱ সোনকালে পূৰণ কৰক। আয়কৰ নিয়ম অনুসৰি, যদি আপুনি ৩০ জুনৰ ভিতৰত ৰিটাৰ্ণ দাখিল নকৰে, তেতিয়া আপুনি ১ জুলাইৰ পৰা দুবাৰ টিডিএছ পৰিশোধ কৰিব লাগিব। ইয়াৰ বাবেই এই নিয়মে আইটিআৰক পুনৰ ফাইল কৰাৰ সুযোগ দিছে। আইটিআৰ দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাই যদিও ইয়াক ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

    ৫. কানাড়া বেংকৰ IFSC কোড -
    কানাড়া বেংকে ১ জুলাইৰ পৰা ছিণ্ডিকেট বেংকৰ IFSC কোড সলনি কৰিবলৈ গৈ আছে। চিণ্ডিকেট বেংকৰ সকলো গ্ৰাহকক তেওঁলোকৰ শাখাৰ পৰা আপডেট কৰা IFSC কোডৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিবলৈ কোৱা হৈছে। কানাড়া বেংকৰ তৰফৰ পৰা কোৱা হৈছে যে ছিণ্ডিকেট বেংকৰ সৈতে একত্ৰীকৰণৰ পিছত ইয়াৰ সকলো শাখাৰ IFSC কোড সলনি কৰা হৈছে। বেংকে গ্ৰাহকসকলক IFSC কোড আপডেট কৰিবলৈ কৈছে, অন্যথা ১ জুলাইৰ পৰা NEFT, RTGS আৰু IMPSৰ দৰে সুবিধাবোৰ লাভ কৰিব নোৱাৰিব।
    Published by:Sanjay Kumar Das
    First published: