உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • সাৱধান হওক! আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, ঠায়ে ঠায়ে ধুমুহা অহাৰো আগজাননী...

    সাৱধান হওক! আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, ঠায়ে ঠায়ে ধুমুহা অহাৰো আগজাননী...

    এইবাৰ যেন আগতীয়াকৈ আহিছে বাৰিষা!

    এইবাৰ যেন আগতীয়াকৈ আহিছে বাৰিষা!

    এইবাৰ যেন আগতীয়াকৈ আহিছে বাৰিষা!

    • Share this:
    ৰঙালী বিহুৰ ঠিক আগৰ পৰাই ৰাজ্যজুৰি বতৰে দেখুৱাইছে তীব্ৰ ৰূপ। ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে বতাহ-ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰা খবৰ প্ৰায়ে আহিছে। পিছে এতিয়াই বতৰ ফৰকাল হোৱাৰ কোনো সম্ভাৱনা নাই।

    আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। আনকি ঠায়ে ঠায়ে বতাৰ-ধুমুহা অহাৰো আগজাননী দিয়া হৈছে। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২২ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।

    ইফালে সোমবাৰে বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা আছে যদিও অহা বুধবাৰৰ পৰা শনিবাৰ পৰ্যন্ত বতৰে ল'ব পাৰে অধিক ভয়াৱহ ৰূপ।
    Published by:Himangshu Bhuyan
    First published: