‘চানা’ও হব পাৰে অসমীয়াগিৰিৰ চিন! জকাইচুকৰ এইজন লোকে দিছে আচল অসমীয়াগিৰিৰ পৰিচয়।

News18 Assam | News18-Assam
Updated:April 10, 2021, 8:42 PM IST
‘চানা’ও হব পাৰে অসমীয়াগিৰিৰ চিন! জকাইচুকৰ এইজন লোকে দিছে আচল অসমীয়াগিৰিৰ পৰিচয়।
চানা বিক্ৰী কৰি অসমীয়াগিৰীৰ পৰিচয় দিছে নামৰূপৰ প্ৰশান্ত বড়াই। চানা বিক্ৰী কৰি দৈনিক লাভ কৰে ৪০০ৰ পৰা ৫০০ টকা পৰ্যন্ত।

চানা বিক্ৰী কৰি অসমীয়াগিৰীৰ পৰিচয় দিছে নামৰূপৰ প্ৰশান্ত বড়াই। চানা বিক্ৰী কৰি দৈনিক লাভ কৰে ৪০০ৰ পৰা ৫০০ টকা পৰ্যন্ত।

  • Share this:
অসমীয়া মানুহে মন মেলিলে কি কৰিব নোৱাৰে! মন মেলিলে অসমীয়াই সকলো কৰিব পাৰে। তাকে প্ৰমাণ কৰি দেখুৱালে এইজন লোকে। নামৰূপত এতিয়া এই লোকজনৰ নাম সকলোৰে মুখে মুখে।

চানা বিক্ৰী কৰি অসমীয়াগিৰীৰ পৰিচয় দিছে নামৰূপৰ প্ৰশান্ত বড়াই । নামৰূপৰ খেৰমীয়া গাঁৱত ঘৰ ক্ষুদ্ৰ ব্যৱসায়ী প্ৰশান্ত বড়াৰ। বহিৰাজ্যৰ পৰা আহি এনে সৰু সৰু ব্যৱসায় কৰা বেপাৰীক প্ৰত্যাহ্বান জনোৱা লগতে পৰিয়াল পোহ পাল দি আছে প্ৰশান্ত বড়াই।

বন্ধন গোটৰ পৰা মাত্ৰ ছয় হাজাৰ টকা ঋণ লৈ চানা ব্যৱসায় আৰম্ভ কৰা প্ৰশান্তই ১১ বছৰ ধৰি নামৰূপ ডেইলী বজাৰত  বিক্ৰী কৰি আহিছে চানা। প্ৰশান্তই চানা বিক্ৰী কৰি দৈনিক লাভ কৰে ৪০০ৰ পৰা ৫০০ টকা পৰ্যন্ত। প্ৰশান্ত এই কামত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই তেওঁৰ পত্নী ধনদা বড়াই।

চানা বিক্ৰী কৰিয়েই পৰিয়াল পোহ পাল দিয়াৰ লগতে চাৰি সন্তানৰ শিক্ষাৰো গুৰু দায়িত্ব পালন কৰিছে প্ৰশান্তই।

প্ৰশান্তৰ দৰে লোক উলাই আহি এনেদৰে ওলাই আহিলেহে এদিন পথাৰ আৰু বজাৰ দখল কৰিব পাৰিব প্ৰতিগৰাকী অসমীয়াই।
Published by: Manjumoni Borah
First published: April 10, 2021, 8:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি