• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আপুনি জীৱনত হতাশ হৈছে নেকি? আপোনাৰ কঠিন সময়ক সহজ কৰিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতি

আপুনি জীৱনত হতাশ হৈছে নেকি? আপোনাৰ কঠিন সময়ক সহজ কৰিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতি

আপোনাৰ কঠিন সময়ত আচাৰ্য চাণক্যৰ এই নীতিসমূহ অনুসৰণ কৰক আপুনি নিশ্চয় সুফল পাব। 

আপোনাৰ কঠিন সময়ত আচাৰ্য চাণক্যৰ এই নীতিসমূহ অনুসৰণ কৰক আপুনি নিশ্চয় সুফল পাব। 

আপোনাৰ কঠিন সময়ত আচাৰ্য চাণক্যৰ এই নীতিসমূহ অনুসৰণ কৰক আপুনি নিশ্চয় সুফল পাব। 

  • Share this:
মানুহৰ জীৱনত সুখ আৰু দুখ দুয়োটা মুহূৰ্তই থাকে। আপুনিও জীৱনত সফলতা আৰু বিফলতা দুয়োটা দিশৰে সন্মুখীন নিশ্চয় হৈছে। সফল মুহূৰ্তবোৰে আপোনাক সুখী কৰি তোলাৰ সমান্তৰালকৈ বিফল মুহূৰ্তবোৰে আপোনাক নিশ্চয় হতাশ কৰে। বহু লোকে বিফলতাক সহ্য কৰিব নোৱাৰি জীৱনত বহু ভুল সিদ্ধান্ত লয়। কিন্তু প্ৰত্যাহ্বানৰ সময়ত স্থিতপ্ৰজ্ঞ হৈ থাকিব পৰা ব্যক্তিগৰাকীয়ে জীৱনত সফলতা লাভ কৰে। নিশা যিমানেই দীঘল নহওক কিন্তু পুৱা হ'বই। সেইদৰে জীৱনত যিমানেই জটিল সন্ধিক্ষণ নাহক কিয় তাৰ সমান্তৰালকৈ ভাল সময়ো মানুহৰ জীৱনলৈ আহে। প্ৰয়োজন মাথো ধৈৰ্য্যৰ। আচাৰ্য্য চাণক্যই মানুহক জীৱনটো সুন্দৰকৈ পাৰ কৰাৰ বাবে বহু পৰামৰ্শ তাহানিৰ যুগতে দি গৈছে। ভাৰতৰ বহু সফল ব্যক্তিয়ে আচাৰ্য চাণক্যৰ এই বাণীসমূহ অনুসৰণ কৰি জীৱনত সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। আপোনাৰ কঠিন সময়ত আচাৰ্য চাণক্যৰ এই নীতিসমূহ অনুসৰণ কৰক আপুনি নিশ্চয় সুফল পাব।

১/ কঠিন সময়ত আপুনি বেছি সতৰ্ক হৈ জীৱন-যাপন কৰক। কাৰণ কঠিন সময়ত মানুহে সদায় ভুল কৰে আৰু ইয়াৰ পৰিণামে মানুহক অধিক সমস্যাত পেলায়। গতিকে এনে সময়ত আপুনি ধৈৰ্য্য আৰু শীতল মগজৰে চিন্তা কৰি আগবাঢ়ক।

২/ সন্মুখত প্ৰত্যাহ্বান যিমানেই কঠিন নহওক কিয়, নিৰাশ নহ'ব। ইয়াৰ পৰিৱৰ্তে সঠিক ৰণনীতিৰে লক্ষ্য স্থিৰ কৰি আপুনি আগবাঢ়ি যাওক। মনত ৰাখিব দিশহীনভাৱে খোজ দিয়া মানুহ কেতিয়াও লক্ষ্যত উপনীত হ'ব নোৱাৰে।

৩/ বিপদৰ সময়ত আপুনি নিজৰ লগতে পৰিয়ালটোৰ বাবেও সাৱধানতা অৱলম্বন কৰক, তেওঁলোকৰো যত্ন লওক। যদি পৰিয়ালৰ সদস্যসকল কিবা সমস্যাৰ সন্মুখীন হয় তেনেহ'লে আপুনি প্ৰথমে সেই সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ক। কাৰণ আপোনাৰ পৰিয়ালেই আপোনাৰ সাহস আৰু শক্তি বৃদ্ধি কৰে।

৪/ স্বাস্থ্যই পৰম সম্পদ। সেয়ে নিজৰ শৰীৰটোৰ যত্ন লওক। সু-শৃংখলিত জীৱন-যাপন কৰক। কাৰণ শৰীৰ যদি অসুস্থ হৈ থাকে তেন্তে আপুনি বিচাৰিলেও বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নোৱাৰে।

৫/ আপোনাৰ ভাল সময়ত উপাৰ্জন হোৱা ধন অবাঞ্চিত বাবে খৰচ কৰাৰ সলনি সঞ্চয় কৰাত গুৰুত্ব দিয়ক। কাৰণ বিপদৰ সময়ত সঞ্চয়ীকৃত ধন আপোনাৰ পৰম মিত্ৰ হৈ পৰে। সেয়ে মানুহে জীৱনত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়া উচিত।
Published by:Sanjay Kumar Das
First published: