মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»আচাৰ্য চাণক্যৰ ৫টা নীতি, যি আপোনাৰ জীৱনৰ বাবে হ'ব পাৰে এক ডাঙৰ শিক্ষা, সমগ্ৰ বিশ্বৰ মহান ব্যক্তিয়ে মানি চলে এই ৫ নীতি

আচাৰ্য চাণক্যৰ ৫টা নীতি, যি আপোনাৰ জীৱনৰ বাবে হ'ব পাৰে এক ডাঙৰ শিক্ষা, সমগ্ৰ বিশ্বৰ মহান ব্যক্তিয়ে মানি চলে এই ৫ নীতি

News18 Assam | News18-Assam
Updated:September 14, 2021, 9:23 AM IST
আচাৰ্য চাণক্যৰ ৫টা নীতি, যি আপোনাৰ জীৱনৰ বাবে হ'ব পাৰে এক ডাঙৰ শিক্ষা, সমগ্ৰ বিশ্বৰ মহান ব্যক্তিয়ে মানি চলে এই ৫ নীতি
তক্ষশিলা বিশ্ববিদ্যালয়ত শিক্ষকতা কৰাৰ সময়ছোৱাত তেওঁ সকলো শিষ্যৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যতৰ বাবে চিন্তা কৰিছিল।

তক্ষশিলা বিশ্ববিদ্যালয়ত শিক্ষকতা কৰাৰ সময়ছোৱাত তেওঁ সকলো শিষ্যৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যতৰ বাবে চিন্তা কৰিছিল।

  • News18 Assam
  • Last Updated: September 14, 2021, 9:23 AM IST
  • Share this:
আচাৰ্য চাণক্য এজন সাধাৰণ ব্যক্তি নাছিল। তেওঁ এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন, মহান ৰাজনীতিবিদ, কূটনীতিবিদ, অৰ্থনীতিবিদ আৰু সমাজবিজ্ঞানী ৰ লগতে এজন কিংমেকাৰ আছিল। আচাৰ্যৰ তীক্ষ্ণ বুদ্ধিদক্ষতাৰ ফলস্বৰূপে তেওঁ ভাৰতৰ এজন সাধাৰণ শিশুক সম্ৰাটৰ আসনত অধিষ্ঠিত কৰাইছিল আৰু সমগ্ৰ নন্দবংশক ধ্বংস কৰিছিল। আচাৰ্য চাণক্য এগৰাকী দক্ষ শিক্ষকো আছিল।

তক্ষশিলা বিশ্ববিদ্যালয়ত শিক্ষকতা কৰাৰ সময়ছোৱাত তেওঁ সকলো শিষ্যৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যতৰ বাবে চিন্তা কৰিছিল। সেই চিন্তাৰে ফল চাণক্যৰ নীতি শাস্ত্ৰ, যাক চাণক্য নীতি বুলিও জনা যায়। আচাৰ্য চাণক্যৰ দ্বাৰা ৰচিত নৈতিকতা এতিয়াও মানুহৰ মাজত যথেষ্ট জনপ্ৰিয়। এই কিতাপখনে জীৱন ব্যৱস্থাপনা সম্পৰ্কীয় সকলো বিষয়ত জ্ঞান প্ৰদান কৰে। এই কিতাপখনৰ এটা শ্লোকত আচাৰ্যই ৫ জন লোকক বিশ্বাস নকৰিবলৈ পৰামৰ্শ দিছে।

‘‘নদীনাং শস্ত্ৰপাণীনাং নখীনাং শৃংগীণাং তথাবিশ্বাসো নৈৱ কৰ্তব্য : স্ত্ৰীষু ৰাজকুলেষু চ’’

১/ এই শ্লোকটোৰ জৰিয়তে আচাৰ্যই প্ৰথমে নদীৰ দলঙৰ কথা উল্লেখ কৰিছে। আচাৰ্যই কৈছিল যে খৰস্ৰোতা নদীৰ ওপৰত থকা দূৰ্বল দলঙত খোজ কাঢ়িবলৈ চেষ্টা কৰাটো মূৰ্খামি। এনে দলংবোৰ নিৰ্ভৰযোগ্য নহয়। এইটোৱে আমাৰ জীৱনকো বিপদত পেলাব পাৰে।

২/ অস্ত্ৰধাৰী লোকক বিশ্বাস কৰিবলৈ চাণক্যই মানা কৰিছে। কাৰণ তেঁওলোকে ক্ৰোধান্বিত হ'লে অথবা নিজৰ স্বাৰ্থত আপোনাকো হত্যা কৰিব পাৰে।

৩/ দীঘল নখ আৰু শিং থকা জন্তুক বিশ্বাস নকৰিব। কাৰণ জন্তু মানুহৰ দৰে বুদ্ধিদীপ্ত হ'ব নোৱাৰে। সেয়ে এনে জন্তু যিকোনো সময়তে হিংস্ৰ হৈ আপোনাক আক্ৰমণ কৰিব পাৰে।

৪/ চঞ্চল অথবা অস্থিৰ স্বভাৱৰ মহিলাক কেতিয়াও বিশ্বাস নকৰিব। কাৰণ এনে মহিলাই যিকোনো সময়তে অন্য ব্যক্তিৰ কথামতে আপোনাক ক্ষতি কৰিব পাৰে।

৫/ প্ৰশাসনিক সেৱাৰ সৈতে জড়িত ব্যক্তিৰ ওচৰত কেতিয়াও নিজৰ গোপনীয়তা ভংগ নকৰিব। কাৰণ তেওঁলোকে সকলো সময়তে নিজৰ পদোন্নতি অথবা নিজক প্ৰতিষ্ঠা কৰাৰ চিন্তাত থাকে। নিজৰ স্বাৰ্থৰ বাবে কেতিয়াবা তেওঁলোকে আপোনাৰ গোপন তথ্যও ব্যৱহাৰ কৰিব পাৰে।
Published by: Sanjay Kumar Das
First published: September 14, 2021, 9:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি