মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Chaitra Navaratri 2023: আজিৰে পৰা আৰম্ভ চৈত্ৰ নৱৰাত্ৰি; জানক এই নৱৰাত্ৰীৰ বিশেষত্ব, তাৰিখ, শুভ ৰং আৰু অন্যান্য

Chaitra Navaratri 2023: আজিৰে পৰা আৰম্ভ চৈত্ৰ নৱৰাত্ৰি; জানক এই নৱৰাত্ৰীৰ বিশেষত্ব, তাৰিখ, শুভ ৰং আৰু অন্যান্য

এই নৱৰাত্ৰি উদযাপনৰ এটা মুখ্য অংশ হৈছে দেৱীৰ প্ৰতিটো ৰূপৰ বাবে নিৰ্দিষ্ট ৰঙৰ ব্যৱহাৰ।

এই নৱৰাত্ৰি উদযাপনৰ এটা মুখ্য অংশ হৈছে দেৱীৰ প্ৰতিটো ৰূপৰ বাবে নিৰ্দিষ্ট ৰঙৰ ব্যৱহাৰ।

এই নৱৰাত্ৰি উদযাপনৰ এটা মুখ্য অংশ হৈছে দেৱীৰ প্ৰতিটো ৰূপৰ বাবে নিৰ্দিষ্ট ৰঙৰ ব্যৱহাৰ।

  • Share this:
আজিৰে পৰা চৈত্ৰ নৱৰাত্ৰি আৰম্ভ হৈছে। হিন্দু পঞ্চাংগ অনুসৰি, গোটেই বছৰজুৰি মুঠ চাৰিটা নৱৰাত্ৰী পালন কৰা হয়। ইয়াৰ ভিতৰত দুটা গোপন নৱৰাত্ৰী, এটা চৈত্ৰ নৱৰাত্ৰী আৰু আনটো শাৰদীয় নৱৰাত্ৰী। প্ৰতিটো নৱৰাত্ৰীৰ ভিতৰত শাৰদীয় আৰু চৈত্ৰ নৱৰাত্ৰীৰ বিশেষ মহত্ব আছে। আন নৱৰাত্ৰীৰ দৰেই চৈত্ৰ নৱৰাত্ৰিৰ ৯ দিনত দেৱী দুৰ্গাৰ ৯ টা ভিন্ন ৰূপৰ পূজা কৰা হয়। চৈত্ৰ নৱৰাত্ৰি উৎসৱটো এই বৰ্ষত ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু ই ৩০ মাৰ্চত সমাপ্ত হ’ব।

চৈত্ৰ নৱৰাত্ৰি শাৰদীয় নৱৰাত্ৰিতকৈ পৃথক। শাৰদীয় নৱৰাত্ৰি বিশেষকৈ দুৰ্গা পূজাৰ সময়ত, ছেপ্টেম্বৰ আৰু অক্টোবৰত পালন কৰা হয়। গোপন নৱৰাত্ৰি দুটাৰ এটা মাঘ মাহ যি জানুৱাৰী আৰু ফেব্ৰুৱাৰীত পৰে আৰু আনটো নৱৰাত্ৰি আশাদা যি জুন আৰু জুলাই মাহত পৰে। দ্বিতীয় সৰ্বাধিক জনপ্ৰিয় নৱৰাত্ৰি, চৈত্ৰ নৱৰাত্ৰিক বসন্ত নৱৰাত্ৰি বুলিও জনা যায়। এই নৱৰাত্ৰী মাৰ্চ বা এপ্ৰিল মাহৰ সময়ছোৱাত পৰে। এই উৎসৱৰ সময়ত হিন্দু লোকসকলে দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপক উপাসনা কৰে। নৱৰাত্ৰিৰ অন্তিম দিনত ৰাম নৱমী পালন কৰা হয়।

এই নৱৰাত্ৰি উদযাপনৰ এটা মুখ্য অংশ হৈছে দেৱীৰ প্ৰতিটো ৰূপৰ বাবে নিৰ্দিষ্ট ৰঙৰ ব্যৱহাৰ। এইটো বিশ্বাস কৰা হয় যে এই প্ৰতিটো ৰঙৰ এক নিৰ্দিষ্ট প্ৰভাৱ আছে আৰু ইয়াক শুভ বুলি গণ্য কৰা হয়। ৰঙৰ তাৎপৰ্য বজাই ৰাখিবলৈ, মহিলা আৰু উৎসৱত অংশগ্ৰহণ কৰা সকলোৱে নৱৰাত্ৰিৰ ন দিনত বিভিন্ন ৰঙৰ কাপোৰ পিন্ধে।

চৈত্ৰ নৱৰাত্ৰিৰ সময়ত উপাসনা কৰা দেৱীৰ নটা ৰূপ হৈছে– শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দঘন্টা, কুশমাণ্ডা, স্কন্দ মাতা, কাতিয়ানী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।

চৈত্ৰ নৱৰাত্ৰি ২০২৩ৰ শুভ ৰং আৰু তাৰিখ অনুসৰি তালিকা
নৱৰাত্ৰি দিন  নৱৰাত্ৰি তাৰিখ  নৱৰাত্ৰি শুভ ৰং প্ৰিয় ফুল দেৱীৰ ৰূপ
প্ৰথম দিন ২২ মাৰ্চ ২০২৩ ডাঠ নীলা জবা শৈলপুত্ৰী
দ্বিতীয় দিন ২৩ মাৰ্চ ২০২৩ হালধীয়া ডালিয়া ব্ৰাহ্মচাৰিণী
তৃতীয় দিন ২৪ মাৰ্চ ২০২৩ সেউজীয়া পদুম চন্দ্ৰঘন্টা
চতুৰ্থ দিন ২৫ মাৰ্চ ২০২৩ ধূসৰ জেচমিন কুশমাণ্ডা
পঞ্চম দিন ২৬ মাৰ্চ ২০২৩ কমলা হালধীয়া গোলাপ স্কন্দমাতা
ষষ্ঠ দিন ২৭ মাৰ্চ ২০২৩ বগা নাৰ্জী কাতিয়ানি
সপ্তম দিন ২৮ মাৰ্চ ২০২৩ ৰঙা কৃষ্ণকমল কালৰাত্ৰি
অষ্টম দিন ২৯ মাৰ্চ ২০২৩ আকাশী নীলা আৰৱীয় জেচমিন মহাগৌৰী
নৱম দিন ৩০ মাৰ্চ ২০২৩ গোলাপী চম্পা সিদ্ধিদাত্ৰী

শেহতীয়া বাতৰি