ৰাজনৈতিক হিংসাত জৰ্জৰিত পশ্চিম বংগ, ৰাষ্ট্ৰপতি শাসনৰ দাবী!

পশ্চিম বংগত এতিয়া চৰম নিৰাপত্তাহীনতাই বিৰাজ কৰিছে। প্ৰতিদিনে ৰাজনৈতিক হত্যাৰ বলি হৈ মৃত্যুক সাৱটিছে বহুজনে।

news18assam
Updated:June 10, 2019, 5:07 PM IST
ৰাজনৈতিক হিংসাত জৰ্জৰিত পশ্চিম বংগ, ৰাষ্ট্ৰপতি শাসনৰ দাবী!
পশ্চিম বংগত এতিয়া চৰম নিৰাপত্তাহীনতাই বিৰাজ কৰিছে। প্ৰতিদিনে ৰাজনৈতিক হত্যাৰ বলি হৈ মৃত্যুক সাৱটিছে বহুজনে।
news18assam
Updated: June 10, 2019, 5:07 PM IST
লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই ক্ৰমাত পশ্চিম বংগত বৃদ্ধি পাইছে ৰাজনৈতিক হিংসা। লোকসভা নিৰ্বাচনত তৃণমুল কংগ্ৰেছ বেয়াকৈ বিধ্বস্ত হোৱাৰ পিছত এতিয়া তীব্ৰ হতাশাত ভূগিছে মমতা বেনাৰ্জী। আগন্তুক পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ এইবাৰ মমতাই বুজাবুজি কৰিছে ৰাজনৈতিক সমীকৰণ বিশেষজ্ঞ প্ৰশান্ত কিশোৰৰ সৈতে।

পশ্চিম বংগত এতিয়া তৃণমুল কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদিনাই চলিছে ৰাজনৈতিক হিংসা।  শনিবাৰে তৃণমূল কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘটিত এক সংঘৰ্ষত ৪জন লোকৰ মৃত্যু হৈছিল।এনেদৰে চলি থকা হিংসাই এতিয়া স্তব্ধ কৰিছে ৰাজ্যখনৰ উন্নয়নমূলক কাম–কাজ।  প্ৰতিদিনে ৰাজ্যখনত চলি থকা এনে হিংসাত্মক কাৰ্যকলাপৰ সম্পৰ্কত ৰাজ্য চৰকাৰক স্পষ্টীকৰণ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।



তেনে সময়তে  সোমবাৰে পশ্চিম বংগ চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে বুলি পত্ৰৰ জৰিয়তে উল্লেখ কৰিছে। পত্ৰত কোৱা হৈছে যে  ‘লোকসভা নিৰ্বাচনৰ পাছত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছে যদিও বৰ্তমান স্থিতি নিয়ন্ত্ৰণ কৰা হৈছে। সকলো হিংসাত্মক ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰা হৈছে। নিৰ্বাচনৰ পাছত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আইনী বিষয়াসকলে এই সকলোবোৰ ঘটনাৰ বিৰুদ্ধে তদন্ত চলাই আছে।’



চুড়ান্ত ভাবে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে মমতা বেনাৰ্জী। তেনেসময়তে এতিয়া চৰম নিৰাপত্তাহীনতাত জৰ্জৰিত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰো দাবী কৰিছে বহুতে।
আৰু চাওক পৰৱৰ্তী বাতৰি