কেন্দ্ৰীয় চৰকাৰে পেঞ্চনক লৈ ডাঙৰ ঘোষণা কৰিছে। যদি আপুনি চৰকাৰী কৰ্মচাৰী তেন্তে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। অৱশ্যে, চৰকাৰৰ যোগ্যতা পূৰ্ণ কৰা কৰ্মচাৰীসকলেহে ইয়াৰ সুবিধা লাভ কৰিব। কৰ্মচাৰীসকলে এতিয়া নেচনেল পেঞ্চন আঁচনি (NPS) এৰি পুৰণি পেঞ্চন আঁচনি (OPS)ৰ সুবিধা ৩১ মে’ ২০২১লৈ ল’ব পাৰে। ইয়াৰ বাবে ৫ মে’লৈ আবেদন কৰিব পাৰে।
ইয়াৰ উপৰি যিসকল কৰ্মচাৰীয়ে আবেদন নকৰে তেওঁলোকক নেচনেল পেঞ্চন ছিষ্টেমৰ জৰিয়তে সুবিধা পাই থাকিব। আনহাতে, যিসকল কৰ্মচাৰীক ১ জানুৱাৰী ২০০৪ৰ পৰা ২৮ অক্টোবৰ ২০০৯ৰ মাজত নিযুক্তি দিয়া হৈছে তেওঁলোকে CCS Pensionৰ জৰিয়তে পেঞ্চনৰ সুবিধা লাভ কৰিব।
উল্লেখযোগ্য যে পুৰণি পেঞ্চন আঁচনি এনপিএছতকৈ অধিক লাভজনক। পুৰণি আঁচনিত পেঞ্চনাৰৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকেও সুবিধা লাভ কৰে। ইয়াৰ লগতে তেওঁলোকৰ অৱসৰৰ কালো সুৰক্ষিত হৈ থাকে।
আনহাতে OPSৰ সুবিধা সেইসকল কৰ্মচাৰীয়ে লাভ কৰিব যিসকলে ১ জানুৱাৰী ২০০৪ৰ পূৰ্বে নিযুক্তি লাভ কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|