কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ছচিয়েল মিডিয়া এনফ্লুৱেঞ্চাৰৰ বাবে জাৰি কৰিব নিৰ্দেশনা। এক সূত্ৰই CNN News18ক জনায় যে Social Media Influencersক শীঘ্ৰে ব্ৰেণ্ডৰ সৈতে নিজৰ এছ’চিয়েচনৰ কথা ঘোষণা কৰিব লাগিব, অন্যথা ভৰিব লাগিব জৰিমনা। কেন্দ্ৰীয় চৰকাৰে অনলাইন গ্ৰাহকৰ সুৰক্ষাৰ বাবে ১০ দিনৰ ভিতৰত এখন SoP জাৰি কৰাৰ সম্ভাৱনা আছে।
সূত্ৰ অনুসৰি, গ্ৰাহকক যিকোনো মিছা দাবীৰ পৰা সাৱধান কৰা আৰু তাৰ পৰা ৰক্ষা কৰাৰ বাবে এই সিদ্ধান্ত ল’ব কেন্দ্ৰই। সূত্ৰই কয়, ‘বিশেষ ব্ৰেণ্ডক আগবঢ়াই নিয়া যিকোনো Social Media Influencers-এ এতিয়া দিব লাগি স্পষ্টীকৰণ।’ ইয়াৰ উপৰি যদি কোনো ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে কোনো কণ্টেণ্টৰ পেইড প্ৰমোচন কৰে, তেন্তে তেওঁ সেই সম্পৰ্কে ডিছক্লেইমাৰ দিব লাগিব।
যদি কোনো ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে এই নিয়ম উলংঘা কৰে, তেন্তে ১০ লাখ টকা জৰিমনা বিহা হ’ব আৰু কোনোৱে বাৰে বাৰে নিয়ম উলংঘা কৰিলে ৫০ লাখ টকাৰ বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব। লাগিলে তেওঁ যিমান ডাঙৰ চেলিব্ৰিটী নহওক কিয়, জৰিমনা ভৰিবই লাগিব।
শেহতীয়াকৈ CAIT–এ অনলাইন গ্ৰাহকক সামগ্ৰী আৰু সেৱাৰ মিছা পৰ্যালোচনাৰ পৰা বচাবলৈ ব্ৰেণ্ড এণ্ড’ৰ্ছাৰ্ছ, Social Media Influencers আৰু ব্লগাৰ্ছক প্ৰস্তাৱিত নিয়মৰ অধীনত আনিবলৈ আহ্বান জনাইছিল। কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছেও যুক্তি দিছিল যে কোনো সামগ্ৰী বা সেৱাৰ ৰেটিং পৰ্যালোচনাক নীতিগত ব্যৱস্থাৰ অংশ হিচাপে গঢ়ি তুলিব লাগে।
CAIT–এ কয় যে ব্ৰেণ্ড এণ্ডাৰ্ছাৰ, ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, ব্লগাৰক সামগ্ৰী আৰু সেৱাৰ ভুৱা আৰু বিভ্ৰান্তিকৰ পৰ্যালোচনাক নীতিৰ অধীনত আনিব লাগে। মন কৰিবলগীয়া যে কোম্পানীৰ পৰা বিনামূলীয়া সামগ্ৰী লোৱা ইনফ্লুৱেঞ্চাৰ আৰু অন্যান্য লোকসকলে বিনামূলীয়া সামগ্ৰী লাভ কৰিবলৈ পূৰ্বৰে পৰা কৰ দিব লাগে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 07, 2022, 18:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।