চৰকাৰী কৰ্মচাৰীৰ কাৰণে সুখবৰ! ৫দিন আগতেই পাব দৰমহা, কাৰণটো...

কেন্দ্ৰই ইতিমধ্যে ২৫ ছেপ্তেম্বৰৰ ভিতৰত দৰমহা মোকলোৱাৰ নিৰ্দেশ দিছে।

News18
Updated:September 23, 2019, 8:56 AM IST
চৰকাৰী কৰ্মচাৰীৰ কাৰণে সুখবৰ! ৫দিন আগতেই পাব দৰমহা, কাৰণটো...
কেন্দ্ৰই ইতিমধ্যে ২৫ ছেপ্তেম্বৰৰ ভিতৰত দৰমহা মোকলোৱাৰ নিৰ্দেশ দিছে।
News18
Updated: September 23, 2019, 8:56 AM IST
বেংকৰ ধৰ্মঘটৰ কাৰণে ছেপ্তেম্বৰ মাহৰ শেষত চাৰিদিন একেৰাহে বেংক বন্ধ থাকিব আৰু সেইকাৰণে চৰকাৰী কৰ্মচাৰীসকলে যাতে দৰমহা পোৱাত বিলম্ব নহয় তাৰ কাৰণে কেন্দ্ৰ চৰকাৰে কৰ্মচাৰীসকলক ৫দিন পূৰ্বেই দৰমহা আদায় দিয়াৰ নিৰ্দেশ দিছে। বিত্ত মন্ত্ৰালয়ৰ কন্ট্ৰ’লাৰ জেনেৰেল অৱ একাউণ্টছৰ তৰফৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশ। 

কেন্দ্ৰৰ এই নিৰ্দেশনাত সকলো চৰকাৰী কৰ্মচাৰীক ২৫ ছেপ্তেম্বৰৰ ভিতৰত দৰমহা আদায় দিবলৈ কোৱা হৈছে।

দৰাচলতে চাৰিটাকৈ বেংকৰ ইউনিয়নে দুদিনৰ কাৰণে বেংকৰ ধৰ্মঘট ঘোষণা কৰিছে আৰু ২৬ ছেপ্তেম্বৰৰ পৰা এই প্ৰতিবাদ আৰম্ভ হ’ব। যদিহে বেংকৰ ধৰ্মঘট হয় তেনেহ’লে ২৬ ছেপ্তেম্বৰৰ পৰা ২৯ ছেপ্তেম্বৰলৈকে বেংক সেৱা ‍বাধিত হ’ব পাৰে। চাৰিটাকৈ বেংকৰ ইউনিয়ন, অল ইণ্ডিয়া বেংক অফিচাৰ্চ কনফেডাৰেশ্যন, অল ইণ্ডিয়া বেংক অফিচাৰ্চ এছ’চিয়েশ্যনছ, ইণ্ডিয়ান নেচনেল বেংক অফিচাৰ্চ কংগ্ৰেছ আৰু নেচনেল অৰ্গেনাইজেশ্যন বেংক অফিচাৰ্চে কেন্দ্ৰৰ ১০টা বেংকৰ বিলয় ঘটাই চাৰিটা বেংক কৰাৰ সিদ্ধান্তৰ বিৰোধত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 

বেংকৰ ইউনিয়নসমূহে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ধৰ্মঘটৰ ঘোষণা কৰিছে। ২৮ ছেপ্তেম্বৰত মাহৰ চতুৰ্থ শণিবাৰ হোৱাৰ কাৰণে বন্ধ আৰু দেওবাৰে বেংকৰ সাপ্তাহিক ছুটি।
আৰু চাওক পৰৱৰ্তী বাতৰি