মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, গাঁৱত বাস কৰা ২০ লাখ লোক হ’ব লাভান্বিত

News18-Assam
Updated:November 17, 2019, 2:04 PM IST
মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, গাঁৱত বাস কৰা ২০ লাখ লোক হ’ব লাভান্বিত
কেন্দ্ৰীয় চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। গাওঁত থকা লোকৰ বাবে চৰকাৰে লৈছে বিশেষ আঁচনি

কেন্দ্ৰীয় চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। গাওঁত থকা লোকৰ বাবে চৰকাৰে লৈছে বিশেষ আঁচনি

  • Share this:
কেন্দ্ৰীয় চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। গাওঁত থকা লোকৰ বাবে চৰকাৰে লৈছে বিশেষ আঁচনি। দেওবাৰে পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে টুইটাৰৰ জৰিয়তে জনাই এই কথা। তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ বাবে ঐতিহাসিক আচঁনি হাতত লৈ ৮৮ খন গাওঁক চহৰকৃত গাওঁ ঘোষণা কৰিছে।

তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্তৰ ফলত ২০ লাখ লোকক প্ৰত্যক্ষ ভাবে লাভান্বিত হ’ব।  চিনাক্ত কৰা গাওঁ কেইখনত সকলো সুবিধা উপলব্ধ হ’ব। লগতে থাকিব Plan Pass। গাওঁ কেইখনত  জনসাধাৰণে অতি সহজে  লোন লাভ কৰিব আৰু গাওঁৰ ৰাস্তাও অতি উন্নত মানদণ্ডৰে নিৰ্মাণ কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি