লোকচানৰ দোহাই! LICৰ বৃহৎ অংশ বিক্ৰীৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

News18 Assam | News18-Assam
Updated:February 1, 2020, 2:12 PM IST
লোকচানৰ দোহাই! LICৰ বৃহৎ অংশ বিক্ৰীৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ
বেংকত বৃদ্ধি পোৱা প্ৰৱঞ্চনাক লৈও ডাঙৰ ঘোষণা বাজেটত

বেংকত বৃদ্ধি পোৱা প্ৰৱঞ্চনাক লৈও ডাঙৰ ঘোষণা বাজেটত

  • Share this:
আজি ঘোষণা কৰা হৈছে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পুৰ্ণাংগ বিত্তীয় বাজেট। বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মাা সীতাৰমনে। বৃহৎ লোকচানৰ দোহাই দি দেশৰ ৰাজহুৱা খণ্ডৰ বীমা প্ৰতিষ্ঠান LICৰ এক বৃহৎ অংশ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।

সীতাৰমনে কয় যে, ‘ বৰ্তমান LIC ওপৰত ১০০ শতাংশ অংশীদাৰিত্ব আছে চৰকাৰৰ। কিন্তু  চৰকাৰে LIC IPO জৰিয়তে পুঁজি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।’

বেংকত বৃদ্ধি পোৱা প্ৰৱঞ্চনাক লৈও ডাঙৰ ঘোষণা বাজেটত। যদি কোনো বেংক দেউলীয়া হয় তেন্তে তাত থকা একাউণ্টৰ গৰাকী বৃহৎ লোকচানৰ সন্মুখীন হ’৸ব পাৰে। একাউণ্টৰ সুৰক্ষাৰ বাবে জমা ধনৰ বীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বে জমাধনৰ বীমা আছিল ১ লাখ টকা।
আৰু চাওক
পৰৱৰ্তী বাতৰি