কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনধাৰকৰ কাৰণে চৰকাৰৰ উপহাৰ, বৃদ্ধি পালে DA

News18 Assam | News18-Assam
Updated:March 13, 2020, 1:27 PM IST
কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনধাৰকৰ কাৰণে চৰকাৰৰ উপহাৰ, বৃদ্ধি পালে DA
কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনধাৰকৰ কাৰণে ডাঙৰ খবৰ। চৰকাৰে মৰগীয়া বানচ ৪শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্তত স্বীকৃতি দিছে। 

কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনধাৰকৰ কাৰণে ডাঙৰ খবৰ। চৰকাৰে মৰগীয়া বানচ ৪শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্তত স্বীকৃতি দিছে। 

  • Share this:
নতুন দিল্লীঃ কেন্দ্ৰীয় কেবিনেটে শুকুৰবাৰৰ বৈঠকত কেবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। খবৰ মতে, য়েছ বেংকৰ ৰিষ্ট্ৰাকচাৰিং প্লেনত গ্ৰহণযোগ্যতা দিছে চৰকাৰে। লগতে কোৰোণা ভাইৰাছৰ কাৰণে বেয়া হৈ পৰা অৰ্থব্যৱস্থাৰ লোকচানক লৈও চৰ্চা হৈছে। কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনধাৰকৰ কাৰণে ডাঙৰ খবৰ আহিছে। চৰকাৰে ৪শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্তত স্বীকৃতি দিছে।

কেতিয়াৰ পৰা পাব বৰ্ধিত ভাট্টা?

যোৱা সপ্তাহত ৰাজ্যসভাত লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে জনাইছিল যে, মাৰ্চ মাহৰ বেতনৰ সৈতেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনধাৰকসকলে মৰগীয়া বানচ লাভ কৰিব।

>> মৰগীয়া বানচ এনে ধন যি দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ খোৱা–বোৱাৰ মান উন্নত কৰিবলৈ প্ৰদান কৰা হয়। সমগ্ৰ বিশ্বত কেৱল ভাৰত, পাকিস্তান আৰু বাংলাদেশেই এনেকুৱা দেশ য’ত চৰকাৰী কৰ্মচাৰীক এই ভাট্টা প্ৰদান কৰা হয়।

>> এই ধন এইকাৰণে দিয়া হয় যাতে, মূল্যবৃদ্ধি হোৱাৰ পিছতো কৰ্মচাৰীসকলৰ থকা–খোৱাৰ মানক লৈ কোনো সমস্যাৰ সৃষ্টি নহয়। এই ধন চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা ক্ষেত্ৰৰ কৰ্মচাৰী আৰু পেঞ্চনধাৰকক প্ৰদান কৰা হয়।

> ইয়াৰ আৰম্ভনি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হৈছিল। চিপাহীসকলক খাবলৈ আৰু অন্যান্য সুবিধা প্ৰদান কৰিবলৈ তেওঁলোকক দৰমহাৰ সৈতে অতিৰিক্ত ধন প্ৰদান কৰা হৈছিল। এই টকা সেই সময়ৰ খাদ্য মৰগীয়া বানচ বা খাদ্য ভাট্টা হিচাপে প্ৰদান কৰা হৈছিল। দৰমহা বৃদ্ধি পোৱাৰ লগে লগে এই ভাট্টাও বাঢ়িছিল।

>> ভাৰতত মুম্বাইৰ বস্ত্ৰ উদ্যোগত ১৯৭২ত সৰ্বপ্ৰথম মৰগীয়া বানচৰ আৰম্ভনি হৈছিল। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে সকলো চৰকাৰী কৰ্মচাৰীক মৰগীয়া বানচ প্ৰদান কৰিবলৈ লয় যাতে কৰ্মচাৰীসকলৰ ওপৰত বৰ্ধিত মূল্যবৃদ্ধিৰ প্ৰভাৱ নপৰে। ইয়াৰ কাৰণে ১৯৭২চনত আইন প্ৰণয়ন কৰা হৈছিল, যাৰ দ্বাৰা অল ইণ্ডিয়া চাৰ্ভিছ এক্ট ১৯৫১ৰ আওতাৰ সকলো চৰকাৰী কৰ্মচাৰীক মৰগীয়া বানচ প্ৰদান কৰিবলৈ লোৱা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি