এই দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কোভিড টাস্ক ফ’ৰ্চৰ প্ৰধান আৰু নীতি আয়োগৰ সদস্য ভি কে পালে।
এই দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কোভিড টাস্ক ফ’ৰ্চৰ প্ৰধান আৰু নীতি আয়োগৰ সদস্য ভি কে পালে।
ভাৰতত এতিয়ালৈ চাৰিটা কোৰোণাৰ ভেকচিন অনুমোদিত হৈছে, তাৰ আটাইকেইটাই সন্তানসম্ভৱা মহিলাসকলৰ বাবে নিৰাপদ। একেদৰে স্তন্যপান কৰোৱা মহিলাসকলেও নিশ্চিন্তে এই ভেকচিন গ্ৰহণ কৰিব পাৰে। এই দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কোভিড টাস্ক ফ’ৰ্চৰ প্ৰধান আৰু নীতি আয়োগৰ সদস্য ভি কে পালে।
ভাৰতত এতিয়ালৈ কোভিশ্বিল্ড, কোভাক্সিন আৰু স্পুটনিক ভি ভেকচিন সাধাৰণ মানুহক দিয়া হৈছে। লগতে মডাৰ্নাৰ ভেকচিনো জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হৈছে। ভি কে পালে দাবী কৰিছে, কোৰোণাৰ টিকা লোৱাৰ সৈতে প্ৰজনন ক্ষমতা হেৰুওৱা বা কমি যোৱাৰ কোনো সম্পৰ্ক নাই। সন্তানসম্ভৱা মহিলাসকলৰ ওপৰত ভেকচিনৰ কোনো নেতিবাচক প্ৰভাৱ পৰিব নে নাই সেয়া স্বাস্থ্য মন্ত্ৰণালয়ে এতিয়াও পৰ্যবেক্ষণ কৰি আছে বুলি দাবী কৰে নীতি আয়োগৰ স্বাস্থ্য বিষয়ক সদস্যগৰাকীয়ে।
ভি কে পালে কয়, ‘অন্তঃসত্ত্বা মহিলাসকলৰ বাবে ভেকচিন সম্পৰ্কীয় এক নিৰ্দেশনা খুব শীঘ্ৰে প্ৰকাশ কৰা হ’ব। সন্তানসম্ভৱা মহিলাৰ বাবে সকলো ভেকচিনেই নিৰাপদ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই বিষয়টো আৰু অধিক পৰ্যবেক্ষণ কৰিছে।’ সন্তানসম্ভৱা মহিলাসকলৰ ভেকচিনৰ গুৰুত্ব বুজাবলৈ ইতিমধ্যে টিকা প্ৰদানকাৰী চিকিৎসক, স্বাস্থ্যকৰ্মীসকলৰ বাবে এক গাইডলাইন প্ৰস্তুত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।
সাধাৰণতে কোৰোণা আক্ৰান্ত ৯০ শতাংশ অন্তঃসত্ত্বা মহিলা ঘৰতে সুস্থ হৈ উঠে। কিন্তু কিছু ক্ষেত্ৰত শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটিব পাৰে। আনকি, গৰ্ভস্থ ভ্ৰুণৰো ক্ষতি হ’ব পাৰে। সেইবাবেই সতৰ্কতামূলক ব্যৱস্থা হিচাপে টিকা লোৱা উচিত বুলি কেন্দ্ৰৰ গাইডলাইনত কোৱা হৈছে।
অৱশ্যে ৩৫ বছৰৰ ঊৰ্ধ্বৰ সন্তান সম্ভৱা মহিলাসকলৰ ক্ষেত্ৰত আৰু যাৰ ৰক্তচাপ, ওবেচিটীৰ দৰে সমস্যা আছে, তেওঁলোক কোৰোণাত আক্ৰান্ত হ’লে শাৰীৰিক অৱস্থাৰ অৱনতি হোৱাৰ আশংকা থাকে বুলিও চৰকাৰী গাইডলাইনত সতৰ্ক কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|