কেন্দ্ৰীয় চৰকাৰে এনে কিছুমান বিশেষ আঁচনি চলাই আছে, যাৰ সুবিধা ল’লে বৃদ্ধ বয়সতো আপুনি টকাৰ কথা চিন্তা কৰিব নালাগিব। মোদী চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকল পৰা আদি কৰি কৃষক আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এনে কিছুমান পদক্ষেপ হাতত লৈছে, যিয়ে তেওঁলোকক কোনো চিন্তাৰ নকৰাকৈয়ে জীৱন কটাবলৈ সহায় কৰিব৷ সেয়েহে জানি লওক চৰকাৰৰ ৪খন বিশেষ আঁচনিৰ বিষয়ে, য’ত বিনিয়োগ কৰাৰ পিছতে আপোনাৰ টকা সম্পৰ্কীয় সকলো চিন্তা দূৰ হৈ পৰিব৷
১. অটল পেঞ্চন যোজনা -যিকোনো ভাৰতীয়ই অটল পেঞ্চন যোজনা (APY)ত বিনিয়োগ কৰিব পাৰে। এই আঁচনিৰ বাবে আপোনাৰ বেংক একাউণ্টৰ প্ৰয়োজন আৰু ইয়াৰ সুবিধা ল'বলৈ আপোনাৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব। লগতে আপুনি এপিৱাইৰ অধীনত পেঞ্চন পাবলৈ কমেও ২০ বছৰৰ বাবে বিনিয়োগ কৰিব লাগিব। এই পেঞ্চন আঁচনিৰ অধীনত আপুনি কমেও ১ হাজাৰ টকা আৰু সৰ্বাধিক ৫ হাজাৰ টকাৰ মাহিলী পেঞ্চন লাভ কৰিব পাৰিব। ৬০ বছৰ বয়স হোৱাৰ পিছতেই আপুনি এপিৱাইৰ অধীনত পেঞ্চন লাভ কৰিবলৈ সক্ষম হ’ব।
২. প্ৰধানমন্ত্ৰী শ্ৰমযোগী আঁচনি -
২০১৯ চনতে চৰকাৰে এই পেঞ্চন আঁচনিৰ আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত অসংগঠিত খণ্ডত কাম কৰা লোকসকলক চৰকাৰৰ তৰফৰ পৰা পেঞ্চন প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত ৬০ বছৰ বয়সৰ পিছত প্ৰতি মাহে ৩ হাজাৰ টকাৰ পেঞ্চন প্ৰদান কৰা হ’ব। ইয়াৰ অৰ্থ হৈছে আপুনি প্ৰতি বছৰে ৩৬ হাজাৰ টকা লাভ কৰিব। শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ মতে এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে প্ৰায় ৪৩.৭ লাখ লোক জড়িত হৈছে।
৩. প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা -
প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ অধীনত কৃষকসকলক পেঞ্চন প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত ১৮ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো কৃষকে অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰ অধীনত ৬০ বছৰ বয়সৰ পিছত, কৃষকসকলে প্ৰতি মাহে ৩ হাজাৰ টকা অৰ্থাৎ প্ৰতি বছৰে ৩৬ হাজাৰ টকা পেঞ্চন লাভ কৰিব। এতিয়ালৈকে প্ৰায় ২০ লাখ কৃষকে এই আঁচনিত যোগদান কৰিছে।
৪. প্ৰধানমন্ত্ৰী লঘু ব্যৱসায় মানধন যোজনা-
২০১৯ চনৰ ছেপ্টেম্বৰত ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল এই আঁচনিখন। ইয়ে মুখ্যতঃ ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে এক পেঞ্চন আঁচনি। এই আঁচনি হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক সামাজিক সুৰক্ষা প্ৰদান কৰাৰ এক উপায়, যাৰ অধীনত তেওঁলোকে ৬০ বছৰ বয়সৰ পিছত ৩ হাজাৰ টকা মাহিলী পেঞ্চন লাভ কৰিব।
পেঞ্চন আঁচনিৰ এই সুবিধা লাভ কৰিবলৈ আপুনি কমন ছাৰ্ভিচ চেণ্টাৰলৈ গৈ ইয়াৰ বাবে পঞ্জীয়ন কৰিব পাৰে। এই পেঞ্চন আঁচনিত চৰকাৰেও সমানেই অৰিহণা যোগাব। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ অতি সহজ নিয়ম প্ৰস্তুত কৰা হৈছে। গুৰুত্বপূৰ্ণ কথা এই যে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আধাৰ নম্বৰ আৰু বেংক একাউণ্টৰ বাহিৰে আন কোনো নথিপত্ৰৰে প্ৰয়োজন নহ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|