২০কোটি মানুহৰ পেন কাৰ্ড অচল হৈ পৰিব পাৰে, চৰকাৰে কৰিছে এই পৰিকল্পনা

৩০ছেপ্তেম্বৰ, ২০১৯চনলৈকে PANক আধাৰৰ সৈতে লিংক নকৰাসকলৰ পেন কাৰ্ড আয়কৰ বিভাগে ডিএক্টিভেট কৰিব পাৰে।

news18assam
Updated:April 29, 2019, 9:27 AM IST
২০কোটি মানুহৰ পেন কাৰ্ড অচল হৈ পৰিব পাৰে, চৰকাৰে কৰিছে এই পৰিকল্পনা
৩০ছেপ্তেম্বৰ, ২০১৯চনলৈকে PANক আধাৰৰ সৈতে লিংক নকৰাসকলৰ পেন কাৰ্ড আয়কৰ বিভাগে ডিএক্টিভেট কৰিব পাৰে।
news18assam
Updated: April 29, 2019, 9:27 AM IST
কেন্দ্ৰ চৰকাৰে PANৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ ডেডলাই ৩০ছেপ্তেম্বৰ, ২০১৯লৈকে বৃদ্ধি কৰিছিল। অতি শীঘ্ৰে আয়কৰ বিভাগে এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিজৰ PANক আধাৰৰ সৈতে লিংক নকৰাসকলৰ পেন কাৰ্ড ডিএক্টিভেট কৰিব পাৰে।

মুঠ ৪৪কোটি পেন কাৰ্ডৰ ভিতৰত ২০কোটি কাৰ্ড এতিয়াও সম্বন্ধিত আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব পৰা হোৱা নাই। আয়কৰ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে এইপৰ্যন্ত ২৪কোটি পেন লিংক কৰা হৈছে। আমাৰ সন্দেহ, বৃহৎ সংখ্যক পেন কাৰ্ড নকলী অথবা ভুূৱা যিকাৰণে আমি পেনৰ সৈতে আধাৰ লিংক কৰাটো ‍বাধ্যতামূলক কৰি দিছো।  যিসকল কৰদাতাই ৩১জুলাই, ২০১৯লৈকে আয়কৰ ৰিটাৰ্ণ দিবলগীয়া আছে তেওঁলোকে পেনৰ সৈতে আধাৰ লিংক নকৰাকৈ ৰিটাৰ্ণ ফাইল কৰিব নোৱাৰে। ইয়াৰ অৰ্থ ৩১জুলাইৰ পূৰ্বে পেনৰ সৈতে আধাৰ যিকোনো প্ৰকাৰে লিংক কৰাবই লাগিব।

ষষ্ঠ বাৰ বৃদ্ধি ডেডলাইনঃজানি থওক যে ষষ্ঠবাৰলৈ চৰকাৰে পেনৰ সৈতে আধাৰ লিংক কৰাৰ ডেডলাইন বৃদ্ধি কৰিছে। বিগত বৰ্ষৰ জুন মাহত কোৱা হৈছিল যে প্ৰত্যেক ব্যক্তিয়ে ৩১মাৰ্চলৈকে আধাৰক পেনৰ সৈতে সংযোগ কৰক। CBDTৰ প্ৰতিবেদনতো কোৱা হৈছিল যে যদি কোনো বিশেষ ৰেহাই দিয়া হোৱা নাই তেনেহ’লে আধাৰকাৰ্ডক PANৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্তেম্বৰ, ২০১৯ কৰা হৈছে।

কেনেকৈ ৱেবছাইটত গৈ লিংক কৰিবঃপ্ৰথমে আপুনি আয়কৰ বিভাগৰ ই–ফাইলিং ৱেবছাইট(www.incometaxindiaefilling.gov.in)ত যাওঁক। ইয়াত বাওঁফালে থকা ৰঙা ৰঙৰ ’লিংক আধাৰ’ত গৈ ক্লিক কৰক। যদি আপোনাৰ একাউণ্ট নাই তেনেহ’লে পঞ্জীয়ন কৰক। লগ ইন কৰাৰ লগে লগে পেজ খোল খাব, ওপৰত দেখা নীলা ৰঙৰ ষ্ট্ৰিপত প্ৰফাইল ছেটিং নিৰ্বাচন কৰক। প্ৰফাইল ছেটিঙত আপুনি আধাৰ কাৰ্ড লিংক কৰা বিকল্প লাভ কৰিব। ইয়াক নিৰ্বাচন কৰক। ইয়াত শাখা নিৰ্বাচন কৰি নিজৰ আধাৰ নম্বৰ আৰু কেপ্চা কোড ভৰাওক। তথ্যসমূহ ভৰাই শেষত তলৰ ’লিংক আধাৰ’ত ক্লিক কৰিব।

 
আৰু চাওক পৰৱৰ্তী বাতৰি