বলিউড চেলিব্ৰেটীৰ ফিটনেছ মন্ত্ৰ জানিব মন যায় নে

কেনেদৰে বলিউড চেলিব্ৰেটী আলিয়া ভাটে নিজৰ ডাইট আৰু ফিটনেছ সুন্দৰকৈ বজাই ৰাখে

Dulu Medhi | news18assam
Updated:April 16, 2019, 4:48 PM IST
বলিউড চেলিব্ৰেটীৰ ফিটনেছ মন্ত্ৰ জানিব মন যায় নে
কেনেদৰে বলিউড চেলিব্ৰেটী আলিয়া ভাটে নিজৰ ডাইট আৰু ফিটনেছ সুন্দৰকৈ বজাই ৰাখে
Dulu Medhi | news18assam
Updated: April 16, 2019, 4:48 PM IST
চেলিব্ৰেটীৰ দেখনিয়াৰ চেহেৰাৰ আঁৰৰ ৰহস্যবোৰ জানিবলৈ নিশ্চয় আপোনাৰো মন যায়। তাতে যদি চেলিব্ৰেটী গৰাকী বলিউড জগতৰ হয়¸ তেতিয়াটো কথাই সুকীয়া। তেওঁলোকে সুন্দৰ চেহেৰা¸ সুস্থ-ফীট শৰীৰ কি দৰে আকৰ্ষণীয় কৰি ৰাখে নিশ্চয় আপোনাৰ জানিব মন যায়। বলিউড চেলিব্ৰেটী আলিয়া ভাটে কিদৰে নিজৰ খাদ্যাভ্য়াস আৰু ফিটনেছ সুন্দৰকৈ বজাই ৰাখিছে সেই ৰহস্য জানিবলৈ এই লেখা টো শেষলৈকে পঢ়ো আহক।

সাধাৰণতে কোৱা হয় যে দৈনিক ব্যায়াম¸ খোৱাৰ পৰিমাণ যদি সঠিকভাৱে কৰা যায় তেন্তে শৰীৰ সদায় সুস্থ আৰু আকৰ্ষণীয় হয়। বলিউডত মেদহীন কেইবাগৰাকীও তাৰকা আছে যিয়েই এইধৰনে সদায় নিজৰ শৰীৰটো সুন্দৰকৈ আকৰ্ষণীয় কৰি ৰাখিছে। বলিউডত ইখনৰ পাছত সিখন হিট চিনেমা দৰ্শকক উপহাৰ দি আহিব পাৰিছে আলিয়াই।  আলিয়াই বলিউডত সফল অভিনেত্ৰী হিচাবে খোপনি পুতিবলৈ সক্ষম হৈছে। ’ষ্টুডেন্ট অৱ দ্যা ইয়ৰ’ শীৰ্ষক চিনেমাৰে বলিউডত এন্ট্ৰী কৰা আলিয়াৰ সেই সময়ত শৰীৰৰ ওজন আছিল৬৮ কেজি। জানো আহক¸ আলিয়াই কিদ্বৰে নিজৰ ফিটনেছ আৰু ডাইট মেন্টেইনৰে নিজৰ শৰীৰৰ ওজন কমালে লগতে খীন বডি কেনেকৈ কৰিব পাৰি জানো আহক।

আলিয়াই দিনটোত প্ৰতি দুঘন্টা সময়ৰ ব্যৱধানত ডাইট হিচাবে লঘু আহাৰ গ্ৰহণ কৰে। ২৪ ঘন্টাত ৫বাৰকৈ গাখীৰ ডাইট হিচাবে গ্ৰহণ কৰে আলিয়াই। শৰীৰ বাবে পুষ্টিকৰ খাদ্য সমূহক আলিয়াই নাষ্টা হিচাবে ব্যৱহাৰ কৰে। কিয়নো এনেবোৰ খাদ্যই শৰীৰত পুষ্টি যোগাই।

আলিয়াৰ নাষ্টাত-ব্ৰেড¸ কৰ্ণফ্লেক্স¸ চেণ্ডবিছ¸ চেনি বিহীন চাহ বা কফী গ্ৰহণ কৰে।
দুপৰীয়া ১২বজাত চব্জী আৰু ফলৰ চৰবত খোৱাটো আলিয়াৰ দৈনিক ৰুটিন। দুপৰীয়াৰ আহাৰ সাধাৰণ ভাৱে গ্ৰহণ কৰে আলিয়াই। দালি¸ ৰুটী¸ চব্জী দুপৰীয়াৰ আহাৰ হিচাবে খায়। তেলবিহীন আৰু কম মচলাৰে বনোৱা চব্জীহে আলিয়াৰ দুপৰীয়াৰ ৰুটীন শুৱনি কৰে।আবেলিৰ সময়চোৱাত ফল-মূল¸ চাহ খাই আলিয়াই। বিনা চেনী চাহ আলিয়াই গুৰুত্ব দিয়ে শৰীৰ সুস্থ ৰাখিবৰ বাবে। নিশাৰ আহাৰত ৰুটী¸ ভাত¸ চব্জী¸ দালি আৰু একপিছ চীকেন ব্ৰেষ্ট আহাৰ হিচাবে গ্ৰহণ কৰে আলিয়াই।

আলিয়াই হাই প্ৰটিন যুক্ত আহাৰ বেছিকৈ পচন্দ কৰে। য’ত ঔটছ¸ কেঁচা চাটনি আৰু দৈৰ দৰে পুষ্টিকৰ আহাৰ থাকে। সুন্দৰকৈ শৰীৰটো কেনেদৰে ৰাখিব পাৰি¸ তাৰো টিপচ জানি থওঁক আলিয়াৰ পৰা--ফিটনেচৰ বাবে জৰুৰী খাদ্যাভ্যাস। জোখতকৈ বেছি পানী গ্ৰহণ কৰে আলিয়াই। বিনা তেলৰে তৈয়াৰী খাদ্য¸ পুষ্টিকৰ খাদ্যক অধিক গুৰুত্ব দিয়ে আলিয়াই। চেনীযুক্ত চাহ আলিয়াৰ অপচন্দ। নিশা বিশ্ৰাম কৰাৰ দুঘন্টা পূৰ্বেই আহাৰ গ্ৰহণ কৰে আলিয়াই। অতিৰিক্ত কেলৰী নাইকীয়া কৰিবৰ বাবে কাৰ্ডিঅ ব্যায়াম জৰুৰী বিবেচনা কৰে।

আলিয়াৰ মতে যিকোনো চফ্ট ড্ৰিংক্স খোৱাৰ পৰা বিৰত থাকিব লাগে। দৈনিৰ আহাৰত চব্জী আৰু ফলমূল খোৱাটো আৱশ্যক। শৰীৰৰ ওজন কমাবৰ বাবে দৈনিক ব্যায়াম কৰাটো জৰুৰী। দৈনিক ব্যায়ামৰ ৰুটীনত চুইমিং¸ ৰানিং¸ পুশ্বআপ ৱাৰ্ক আদি ব্য়ায়াম কৰে আলিয়াই। গতিকে আলিয়াৰ ফীটনেছ টিপচ্‌ আপুনিও গ্ৰহণ কৰক আৰু আলিয়াৰ দৰে নিজকে সজাই তোলক।
আৰু চাওক পৰৱৰ্তী বাতৰি