মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »CBSE 10th Result 2022 : CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা, কিমান শতাংশ উত্তীৰ্ণ?

CBSE 10th Result 2022 : CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা, কিমান শতাংশ উত্তীৰ্ণ?

এই বছৰ পৰীক্ষাত ২১,০৯,২০৮ গৰাকী শিক্ষাৰ্থীয়ে ৰেজিষ্ট্ৰেচন কৰাইছিল। ইয়াৰ ভিতৰত ২০,৯৩,৯৭৮ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

এই বছৰ পৰীক্ষাত ২১,০৯,২০৮ গৰাকী শিক্ষাৰ্থীয়ে ৰেজিষ্ট্ৰেচন কৰাইছিল। ইয়াৰ ভিতৰত ২০,৯৩,৯৭৮ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

এই বছৰ পৰীক্ষাত ২১,০৯,২০৮ গৰাকী শিক্ষাৰ্থীয়ে ৰেজিষ্ট্ৰেচন কৰাইছিল। ইয়াৰ ভিতৰত ২০,৯৩,৯৭৮ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

  • Share this:
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে আজি পুৱা দ্বাদশ শ্ৰেণীৰ ফলাফলো ঘোষণা কৰিছে। চিবিএছইৰ দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলে নিজৰ ফলাফল CBSEৰ অফিচিয়েল ৱেবছাইট cbse.nic.in আৰু results.cbse.gov.inত গৈ চাব পাৰিব। ইয়াৰ লগতে দশম শ্ৰেণীৰ ফলাফল ডিজিলকাৰ আৰু উমংগ এপতো লাভ কৰিব।

উল্লেখযোগ্য যে এই বছৰ পৰীক্ষাত ২১,০৯,২০৮ গৰাকী শিক্ষাৰ্থীয়ে ৰেজিষ্ট্ৰেচন কৰাইছিল। ইয়াৰ ভিতৰত ২০,৯৩,৯৭৮ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ১৯,৭৬,৬৬৮ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে এই পৰীক্ষাত। উত্তীৰ্ণৰ হাৰ ৯৪.৪০ শতাংশ। দশম শ্ৰেণীৰ পৰীক্ষাত পুনৰ এবাৰ চমক দিলে ছাত্ৰীয়ে। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৫.২১ শতাংশ, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৮০ শতাংশ। দশম শ্ৰেণীত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বাবে কম্পাৰ্টমেণ্ট পৰীক্ষাৰ বিকল্প আচে। ইয়াৰ বাবে পৃথকে সম্পূৰ্ণ বিৱৰণ প্ৰকাশ কৰা হ’ব।

CBSE 10th Result 2022: এই ৱেবছাইটত পাব ফলাফল


cbseresults.nic.in
cbse.gov.in
parikshasangam.cbse.gov.in

CBSE 10th Result 2022 : ফলাফল পাবৰ বাবে

দশম শ্ৰেণীৰ ফলাফল চাবলৈ প্ৰতমে চিবিএছইৰ অফিচিয়েল ৱেবছাইট cbseresults.nic.inলৈ যাওক। হোমপেজলৈ গৈ CBSE 10th Result 2022ৰ লিংকত ক্লিক কৰক। এটা নতুন পেজ খোল খাব, ইয়াত লগইন ডিটেইলত ৰোল নম্বৰ আৰু জন্ম তাৰিখ দাখিল কৰি ছাবমিট কৰক। ছাবমিট কৰাৰ পিছতে ফলাফল স্ক্ৰীণত উপলব্ধ হ’ব। ইয়াক ডাউনলোড কৰি পৰীক্ষা কৰক।

শেহতীয়া বাতৰি