মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »সুশান্ত সিঙৰ মৃত্যুৰ তদন্ত কৰিবলৈ CBI–এ মনোজ শশীধৰৰ নেতৃত্বত গঠন কৰিলে SIT, দাখিল কৰা হ’ল FIR

সুশান্ত সিঙৰ মৃত্যুৰ তদন্ত কৰিবলৈ CBI–এ মনোজ শশীধৰৰ নেতৃত্বত গঠন কৰিলে SIT, দাখিল কৰা হ’ল FIR

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্ত কৰিবলৈ গুজৰাট কেডাৰৰ আইপিএছ মনোজ শশীধৰৰ নেতৃত্বত এছআইটি (SIT) গঠন কৰা হৈছে। গুজৰাট কেডাৰৰ মহিলা আইপিএছ বিষয়া গগনদীপ গম্ভীৰো এই টীমৰ অংশ হ’ব। 

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্ত কৰিবলৈ গুজৰাট কেডাৰৰ আইপিএছ মনোজ শশীধৰৰ নেতৃত্বত এছআইটি (SIT) গঠন কৰা হৈছে। গুজৰাট কেডাৰৰ মহিলা আইপিএছ বিষয়া গগনদীপ গম্ভীৰো এই টীমৰ অংশ হ’ব। 

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্ত কৰিবলৈ গুজৰাট কেডাৰৰ আইপিএছ মনোজ শশীধৰৰ নেতৃত্বত এছআইটি (SIT) গঠন কৰা হৈছে। গুজৰাট কেডাৰৰ মহিলা আইপিএছ বিষয়া গগনদীপ গম্ভীৰো এই টীমৰ অংশ হ’ব। 

  • Share this:
সুশান্ত সিং ৰাজপুতৰ সন্দেহজনক মৃত্যুৰ সন্দৰ্ভত চিবিআইৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এফআইআৰ দাখিল কৰা হৈছে। চিবিআইয়ে তদন্ত কৰিবলৈ এক বিশেষ তদন্তকাৰী গোট (Special Investigation Team) গঠন কৰিছে। এই বিষয়ত গুজৰাট কেডাৰৰ আইপিএছ মনোজ শশীধৰৰ নেতৃত্বত এই এছআইটি গঠন কৰা হৈছে। গুজৰাট কেডাৰৰ মহিলা আইপিএছ বিষয়া গগনদীপ গম্ভীৰো এই টীমৰ অংশ হ’ব। তেওঁ দিল্লীস্থিত চিবিআইৰ মুখ্য কাৰ্যালয়তে কৰ্মৰত।

তদন্ত কৰিবলৈ চিবিআইৰ দলটোৱে কেবাটাও লোকেশ্যনত চাৰ্চ অপাৰেশ্যন চলাব পাৰে। লগতে ফৰেন্সিক প্ৰমাণ গোটোৱাৰ লগতে CFSL লেবত পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছত পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। এইক্ষেত্ৰত সকলো প্ৰমাণ অতি সোনকালে গোটোৱাতো অতি প্ৰয়োজনীয় কাৰণ চিবিআইৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিতে গোচৰটো উচ্চস্তৰীয় তদন্ত নিৰ্ভৰশীল। লগতে EDৰ পৰৱৰ্তী তদন্ত CBIৰ বহু গুৰুত্বপূৰ্ণ ইনপুটছৰ ওপৰতে নিৰ্ভৰশীল। কাৰণ CBI আৰু ED দুয়োটা তদন্তকাৰী সংস্থাৰ কাম কৰাৰ ধৰণ পৃথক পৃথক।

উল্লেখযোগ্য যে চিবিআইৰ তদন্তকাৰী গোটৰ মুখ্য বিষয়া তথা ১৯৯৪ বেটছৰ মনোজ শশীধৰ গুজৰাট কেডাৰৰ আইপিএছ বিষয়া আৰু বৰ্তমান চিবিআইৰ Joint Director পদত কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ লগতে মনোজ শশীধৰে গুজৰাটত state Intelligence Bureauত অতিৰিক্ত সঞ্চালক প্ৰধানৰ পদতো কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ গুজৰাটৰ বৰোডাত আয়ুক্ত পদতো আছিল। তদুপৰি তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ পদত তেওঁ কাম কৰি আহিছে। এই বছৰতে মনোজ শশীধৰ চিবিআইৰ জয়েণ্ট ডায়ৰেক্টৰ পদত নিয়োগ হয়। পাঁচ বছৰৰ কাৰণে চিবিআইৰ দায়িত্বভাৰ তেওঁ গ্ৰহণ কৰিছে আৰু সুশান্তৰ মৃত্যুৰ তদন্ত তেওঁ কৰিব।

আনহাতে তদন্তকাৰী দলত থকা মহিলা বিষয়া গগনদীপ গম্ভীৰ ২০০৪বেটছ আৰু গুজৰাট কেডাৰৰ আইপিএছ বিষয়া। চিবিআইৰ অন্যতম তীক্ষ্ন বিষয়া গগনদীপ গম্ভীৰৰ নেতৃত্বত বহুকেইটা গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত কৰা হৈছে।

তদন্তকাৰী দলত থকা আইপিএছ বিষয়া নুপুৰ প্ৰসাদ মূলতঃ বিহাৰৰ বাসিন্দা। চিবিআইৰ দলটোৱে বিহাৰ আৰক্ষীৰ সৈতে সহযোগিতাৰে কাম কৰিছে আৰু নুপুৰ প্ৰসাদে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

শেহতীয়া বাতৰি