নিশাটোৰ সম্পৰ্ক বা উপৰুৱা যৌনতা বনাম সম্পৰ্কৰ চিৰস্থায়িত্ব, জটিল প্ৰশ্নৰ বিশেষজ্ঞই দিয়া উত্তৰ

News18 Assam | News18-Assam
Updated:November 18, 2020, 2:53 PM IST
নিশাটোৰ সম্পৰ্ক বা উপৰুৱা যৌনতা বনাম সম্পৰ্কৰ চিৰস্থায়িত্ব, জটিল প্ৰশ্নৰ বিশেষজ্ঞই দিয়া উত্তৰ
ফাইল ফটো

কোনো সিদ্ধান্ত লোৱাৰ আগতে এটা সম্পৰ্কৰ প্ৰতি আপুনি আগ্ৰহী হয় নে নহয় চালি–জাৰি চাব লাগে।

  • Share this:
প্ৰশ্ন : মোক এটা ডাঙৰ দোমোজাৰ উত্তৰ লাগে। বৰ্তমানৰ দিনত এটা নিশা কটোৱা বা উপৰুৱা যৌন সম্পৰ্ক তেনেই সাধাৰণ কথা হৈ পৰিছে। অৱশ্যে তাৰ মাজতে নিজৰ বন্ধুবৰ্গৰ মাজত এগৰাকী যুৱতীৰ সৈতে কেনেকৈ কথাবতৰা পাতিবৰ কাৰণে আগবাঢ়িব লাগে? কাৰণ মোৰ ভয় যে, মই চিধাকৈ শুধিলে ছোৱালীজনীৰ খং উঠিব পাৰে। মোৰ বয়স ৩৫।

বিভিন্ন কাৰণত এজন ব্যক্তি উপৰুৱা যৌন সম্পৰ্ক বা কেজুৱেল ছেক্সৰ প্ৰতি আকৰ্ষিত হয়। বৰ্তমান উপৰুৱা সম্পৰ্কবোৰ বেছিকৈ বলৈ ধৰিছে। মিডিয়াৰ প্ৰভাৱ, প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰ, কেজুৱলে ছেক্সক উৎসাহ যোগোৱা পৰ্ণ আদিয়ে কাৰক। লগতে অধিক সংখ্যক সংগীৰ সৈতে যৌন সম্পৰ্ক কৰাৰ বঢ়াই কোৱা স্বভাৱ আদিয়েও এজন ব্যক্তিৰ মনমগজুত চাপৰ সৃষ্টি কৰিছে। গতিকে কোনো সিদ্ধান্ত লোৱাৰ আগতে এটা সম্পৰ্কৰ প্ৰতি আপুনি আগ্ৰহী হয় নে নহয় চালিজাৰি চাব লাগে।

কিবা এটা সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি নিজৰ কাৰণসমূহ ভালদৰে চালি জাৰি চাই লওক। লগতে নিজৰ সম্ভাব্য সংগীৰ সৈতে নিজৰ অভিস্পাক লৈ সততাৰ আশ্ৰয় লওক।

বহলভাৱে ক’বলৈ গ’লে চাৰিটা সম্ভাব্য কাৰণত এজন মানুহে উপৰুৱা যৌন সম্পৰ্কত লিপ্ত হয়।

স্বতঃস্ফূৰ্তঃ এনেধৰণৰ ব্যক্তিয়ে যৌন সম্পৰ্কৰ আনন্দৰ কাৰণে আগ্ৰহী। নিজৰ যৌনতাক মুকলিকৈ উপভোগ কৰি কোনো ধৰণৰ আৱেগিক সম্পৰ্কৰ পৰা তেওঁলোক দূৰৈত থাকে। এনেধৰণৰ সম্পৰ্কত সংগীৰ সৈতে কোনো যোগাযোগ নাথাকে, হয় বন্ধু অথবা অবিৰত ভাৱে চলি থকা যৌনতাৰ সংগী মাত্ৰ।

সমনীয়াৰ চাপঃ এনে ব্যক্তিসমূহে আকাংক্ষিত অনুভৱ কৰিবলৈ বিচাৰে আৰু নিজৰ আত্মবিশ্বাস তথা আত্ম সন্মান বৃদ্ধি কৰিবলৈ হেঁচাত পৰি তেওঁলোকে এনে যৌন সম্পৰ্কত লিপ্ত হয়। বহু সময়ত তেওঁলোকে কিবা এটা সহায় বিচাৰি বা প্ৰতিশোধ লোৱাৰ বাসনাৰেও যৌন কাৰ্যত লিপ্ত হয়।

কোনো পূৰ্বৱৰ্তী চৰ্তহীনতাঃ এনেক্ষেত্ৰত ব্যক্তিজন কোনো ধৰণৰ চল–চাতুৰী বা মদ্যপান কৰা অৱস্থাত সিদ্ধান্ত ল’ব নোৱাৰা সময়ত থাকে যি এনে ধৰণৰ সম্পৰ্ক নিবিচাৰে।

বৌদ্ধিকঃ কেতিয়াবা এনে ধৰণৰ এনিশাৰ সম্পৰ্ক এক ৰোমাণ্টিক সম্পৰ্কৰ আৰম্ভনিও হ’ব পাৰে! (হলিউডৰ দুখন বিখ্যাত চিনেমা চাওকঃ Friends With Benefits আৰু No Strings Attached) কেতিয়াবা মানুহে উপৰুৱা সম্পৰ্ক সংগী এজনৰ সৈতে এই ভাবি আৰম্ভ কৰে যে ইয়াৰ পৰা কিবা এটা বেলেগ প্ৰাপ্ত কৰিব পৰা যাব।

এতিয়া বহু সময়ত এজনী ছোৱালী আপোনাৰ লগত থাকিব বিচাৰে নে নিবিচাৰে সেয়া এক জটিল প্ৰশ্ন। কেইটামান বিশেষ কথা মন কৰক, যেনে তেওঁ আপোনাৰ সৈতে সময় কটাব বিচাৰে নে নাই, কেতিয়াবা কোনোবাই সংকোচ কৰিব পাৰে কিন্তু মহিলা এগৰাকীয়ে সাধাৰণতে এজন পুৰুষৰ সৈতে সহজ অনুভৱ কৰিলেহে অকলশৰে সময় কটাব বিচাৰে। যদি তেওঁ আপোনাৰ লগত বাহিৰলৈ যাবলৈও সন্মত নহয় তেতিয়া বুজিব যে তেওঁ আপোনাৰ প্ৰতি একেবাৰে আগ্ৰহী নহয়। যদি মহিলাগৰাকীয়ে আপোনাৰ সৈতে এক নিৰ্দিষ্ট দূৰত্ব বজাই বহিছে তেনেহ’লে জানিব তেওঁ সহজ নহয়। তেওঁ আপোনাৰ সৈতে ধেমালী কৰাও আপোনাৰ সৈতে সহজ হোৱাৰ পৰিচায়ক। ইয়াৰ লগতে আপোনাৰ ভাৱ–ভংগীৰ প্ৰতি যদি সঁহাৰি আগবঢ়াইছে তেনেহ’লে জানিব তেওঁ আপোনাৰ প্ৰতি আগ্ৰহী।
First published: November 18, 2020, 2:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading