• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বিয়াৰ পূৰ্বে মৰমৰ কন্যাক ভৰি ধুৱাই গাখীৰ খালে পিতৃয়ে! সযতনে ৰাখিলে ভৰিৰ চাপ

বিয়াৰ পূৰ্বে মৰমৰ কন্যাক ভৰি ধুৱাই গাখীৰ খালে পিতৃয়ে! সযতনে ৰাখিলে ভৰিৰ চাপ

বিয়াৰ আগদিনা মৰমৰ কন্যা আৰু পিতৃ–মাতৃৰ এক আবেগিক ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

বিয়াৰ আগদিনা মৰমৰ কন্যা আৰু পিতৃ–মাতৃৰ এক আবেগিক ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

বিয়াৰ আগদিনা মৰমৰ কন্যা আৰু পিতৃ–মাতৃৰ এক আবেগিক ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

  • Share this:
বিয়াৰ পিছত মৰমৰ কন্যাক আন এখন ঘৰলৈ উলিয়াই দিয়াৰ অনুভৱ কেনেকুৱা সেয়া তেওঁলোকেহে বুজিব পাৰে। আন এখন ঘৰলৈ নিজৰ মৰমৰ জীয়ৰীক উলিয়াই দিয়াৰ সময়ত পিতৃ–মাতৃৰ বুকুত এক শূন্যতাই হাহাকাৰ কৰে।

সেই কণমানি হাত–ভৰি, চুলিৰ ৰঙীন বেণী, চুৰিদাৰৰ বেণী, শাড়ীৰ আচল সকলো স্মৃতি এৰি যেতিয়া চিৰদিনৰ বাবে আন এখন ঘৰলৈ যায় তেতিয়া চকুপানী টোকাৰ বাদে যেন আন একো নাথাকে পিতৃ–মাতৃৰ। সংসাৰৰ নিয়ম মানি সকলো ছোৱালীকে আন এখন ঘৰলৈ উলিয়াই দিয়ে পিতৃ–মাতৃয়ে। কিন্তু শেষ মুহূৰ্ত মনটোৱে কান্দি উঠে। নতুন জীৱনৰ সন্ধিক্ষণত উপস্থিত হৈ আশা–নিৰাশা, ভয়–শংকাৰ বুৰবুৰনি লৈ কন্যাৰ চকুৰ কোণতো জিলিকি উঠে তপত চকুলো।



বিয়াৰ আগদিনা মৰমৰ কন্যা আৰু পিতৃ–মাতৃৰ এক আবেগিক ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’ চাই আপুনিও আবেগিক হৈ পৰিব। ভিডিঅ’ত দেখা গৈছে, মৰমৰ কন্যাক বহুৱাই পিতৃয়ে প্ৰথমে পানী আৰু তাৰ পিছত গাখীৰেৰে ভৰি ধুৱাইছে। টাৱেলেৰে ভৰি মচি দি ভৰি ধুৱাই দিয়া গাখীৰখিনি খাইছে পিতৃ আৰু মাতৃয়ে। কান্দি কান্দি কন্যাই বাধা দিছে, কিন্তু কন্যাৰ বাধা মনা নাই পিতৃ–মাতৃয়ে। তাৰ পিছত এখন ডাঙৰ পাত্ৰত সেন্দুৰৰ মাজত কন্যাৰ ভৰি ৰাখি বগা কাগজত ৰাখিলে চাপ। যেন আজীৱন কন্যাৰ স্মৃতি বুকুত বান্ধি ৰাখিব পিতৃ–মাতৃয়ে।
Published by:Sanjay Kumar Das
First published: