মেডিকেল ষ্টোৰৰ পৰা আপুনি যি ঔষধ ক্ৰয় কৰি আছে, তাৰ মানদণ্ডৰ ওপৰত উত্থাপন হৈছে প্ৰশ্নৰ। ক তথ্য অনুসৰি ঔষধ নিৰ্মাণ, হোলছেলাৰ্ছ আৰু ৰিটেলাৰ্ছৰ দোকানত ঔষধ ৰক্ষণাবেক্ষণ সন্দৰ্ভত ফাদিল হৈছে বৃহৎ তথ্য। ঔষধৰ ষ্টোৰসমূহত বৃহৎ তথ্য ফাদিল হৈছে য’ত প্ৰমাণ হৈছে যে দেশত বিক্ৰী হৈ থকা ঔষধসমূহৰ ৰক্ষণাবেক্ষণ সঠিকভাৱে হোৱা নাই। নিৰ্মাণকাৰী, হোলছেলৰ, ৰিটেলৰ ষ্টোৰসমূহত সঠিকভাৱে ৰখা নহয় ঔষধসমূহ। ষ্টোৰসমূহ সঠিক নহ’লে জীৱনদায়িনী ঔষধ হ’ব পাৰে মৃত্যুৰ কাৰণ। SERI আৰু CDSCO তথ্য অনুসৰি আশ্বৰ্যকৰ তথ্য ফাদিল হৈছে।
এই তথ্যত ঔষধ পৰিদৰ্শক পৰ্যাপ্ত নথকাৰ কথা উল্লেখ আছে। প্ৰতিবেদনত মাছলেকাৰ কমিটীৰ অনুমোদনাৱলীৰ কথাও উল্লেখ কৰিছে। নিয়ামানুসৰি ২০০খন ফাৰ্মাচী আৰু ৫০ কাৰখানাৰ বিপৰীতে থাকিব লাগে এজনকৈ ঔষধ পৰিদৰ্শক। ২০১৮ৰ এপ্ৰিলপৰ্যন্ত থকা তথ্য অনুসৰি দেশত ১২০০জন ঔষধ পৰিদৰ্শকৰ প্ৰয়োজন যদিও মাত্ৰ ২২৪জন ঔষধ পৰিদৰ্শকহে DSCOৰ লগত আছে।
![]()
SERIৰ অনুসৰি, দেশত বিক্ৰী হৈ থকা ঔষধৰ সঠিকভাৱে ৰখা হোৱা নাই। নিৰ্মাণকাৰীৰ পৰা আৰম্ভ কৰি হোলছেলৰ আৰু ৰিটেলৰৰ দোকানৰ ঔষধসমূহ সঠিকভাৱে ৰখাৰ ক্ষেত্ৰত যথেষ্ট দুৰ্বল। SERIক Subordinate Legislationৰ কমিটীয়ে ফাদিল কৰিছে চাঞ্চল্যকৰ তথ্য।
ঔষধ সংৰক্ষণৰ ক্ষেত্ৰত হোৱা অৱহেলাৰ মূল কাৰণে হ’ল দেশত পৰ্যাপ্ত নাই ঔষধ পৰিদৰ্শক। SERIৰ অনুসৰি এই সন্দৰ্ভত অতি সোনকালে তদন্ত প্ৰক্ৰিয়া চলোৱা হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|